3 বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : Sep 12, 2021, 3:02 PM IST

3 বজাৰ শীৰ্ষ দহটা বাতৰি

3 বজাৰ শীৰ্ষ দহটা বাতৰি...

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তলৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী

দুবাৰকৈ অসমৰ মুখ্যমন্ত্রী হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰফুল্ল কুমাৰ মহন্তক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে অসম ডাউন টাউন বিশ্ববিদ্যালয়ে । ছাত্ৰ ৰাজনীতিৰ পৰা মুখ্যমন্ত্ৰীকৈ তথা বিৰোধী দলপতি বা জনপ্ৰতিনিধি হিচাপে প্ৰফুল্ল কুমাৰ মহন্তই ৰাজ্যখনলৈ আগবঢ়োৱা বিশেষ অৱদানৰ স্বীকৃতি স্বৰূপে অসম ডাউন টাউন বিশ্ববিদ্যালয়ে তেওঁক ডক্টৰেট ডিগ্ৰীৰে সন্মানীত কৰে ।

৬০০ কোটি ঋণ লোৱাৰ প্ৰস্তুতি ড৹ শৰ্মা চৰকাৰৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়াৰ উদ্দেশ্য ইতিমধ্যে কেইবাটাও বেংক আৰু মাইক্ৰ’ফাইনেঞ্চ বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে । কিন্তু এনে সময়তে পোহৰলৈ আহিছে অসমৰ অৰ্থনৈতিক অৱস্থা আন এখন ছবি ৷ সুস্থিৰ নহয় ৰাজ্যৰ অৰ্থনৈতিক ব্যৱস্থা, নাবাৰ্ডৰ পাছত পুনৰ আন এটা ঋণ ল’বলৈ সাজু হৈছে চৰকাৰ ৷

কোন হ'ব গুজৰাটৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ?

গুজৰাটৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীকলৈ দলৰ ভিতৰচ'ৰাত বিভিন্ন ধৰণৰ জল্পনা-কল্পনা চলি আছে । ইয়াৰ মাজতে ইটিভি ভাৰতে প্ৰকাশ কৰিছে ৫ জনীয়া সম্ভাব্য মুখ্যমন্ত্ৰীৰ এখন তালিকা । কোন কোন আছে এই তালিকাত ?

‘উড়ান কোল পাচ’ত অসমৰ 9 যুৱকৰ সফল ট্ৰেকিং

ভূ-পৃষ্ঠৰ পৰা 5400 মিটাৰ উচ্চতাত অৱস্থিত গংগোত্ৰী-কেদাৰনাথক সংযুক্ত কৰা ‘উড়ান কোল পাচ’ত ট্ৰেকিং সম্পূৰ্ণ কৰিলে অসমৰ 9 জনীয়া ট্ৰেকাৰৰ এটা দলে ৷ 2019 চনৰ পাচত ‘উড়ান কোল পাচ’ ট্ৰেকিং সম্পূৰ্ণ কৰা এইটোৱেই প্ৰথম দল ৷

অসমত ক'ভিড ভেকচিনে সামৰি ল'লে ২ কোটি লোকক

ক'ভিড প্ৰতিষেধক অভিযানৰ অধীনত অসমত এতিয়ালৈকে ২,০০,০২,৬৫৯ গৰাকী লোকক ক'ভিড প্ৰতিষেধক দিবলৈ সক্ষম হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ । ইয়াৰে ১,৬৩,৩১,৯৮৭ গৰাকী লোকক প্ৰথম পালি আৰু ৩৬,৭০,৬৬৯ গৰাকী লোকক দ্বিতীয় পালি ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে । ২৪ ঘণ্টাত অসমত নতুনকৈ ৪৯৯ গৰাকী লোক ক'ভিডত আক্ৰান্ত আৰু মৃত্যু ৮ গৰাকীৰ ।

খহনীয়াৰ পৰা পৰিত্ৰাণ পাবলৈ সমুহীয়া দোৱা

বঙাইগাঁৱৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত সন্তোষপুৰ দ্বিতীয় খণ্ডত আই(Aie) আৰু মানাহ নৈৰ(Manas River) গৰাখহনীয়াত(Erosion) দিশহাৰা নৈপৰীয়া ৰাইজ । বিগত দহদিনে বিঘাই বিঘাই কৃষি ভূমি সহ প্ৰায় 15 টা পৰিয়ালৰ বাসগৃহ বিলীন হৈছে নৈৰ বুকুত ।

ত্ৰিপুৰাৰ ব্ৰু শৰণাৰ্থীলৈ কেন্দ্ৰীয় চৰকাৰৰ বিশেষ পুঁজি

কেইবাদশক ধৰি শৰণাৰ্থী শিবিৰত থকা ত্ৰিপুৰাৰ ব্ৰু জনগোষ্ঠীৰ লোকসকলক ইতিমধ্যে স্থায়ী বাসস্থানলৈ স্থানান্তৰ কৰিছে ত্ৰিপুৰা চৰকাৰে । এইবাৰ কেন্দ্ৰীয় চৰকাৰেও তেওঁলোকৰ অৰ্থনৈতিক উন্নয়নৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । তেওঁলোকৰ বাবে বিশেষ পুঁজি ঘোষণা কৰিছে চৰকাৰে ।

মাজুলীৰ ফেৰীঘাটত যাত্ৰীৰ অভাৱনীয় ভীৰ

কাহানিও নেদেখা এক দৃশ্য ৷ শ শ যাত্ৰীয়ে ভীৰ কৰিছেহি মাজুলীৰ পাৰঘাটসমূহত ৷ নিমাতীঘাটৰ নাও দুৰ্ঘটনাৰ পিছত বন্ধ হৈ পৰিছিল ফেৰীসেৱা ৷ কিন্তু পুনৰায় মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাচতে আৰম্ভ কৰা হয় মাজুলী-নিমাতী সংযোগী জাহাজৰ চলাচল । জাহাজৰ চলাচল হোৱাৰ কথা জানিব পাৰি দেওবাৰে মাজনিশাৰ পৰাই শতাধিক যাত্ৰীয়ে ভীৰ কৰিলেহি ফেৰীঘাটসমূহত ৷

দুৰ্গা পূজাৰ পূৰ্বে হ্ৰাস পোৱাৰ সম্ভাৱনা খোৱাতেলৰ মূল্য

দুৰ্গা পূজাৰ বতৰত দেশবাসীয়ে লাভ কৰিব পাৰে এটা সু-খবৰ ৷ মূল্যবৃদ্ধিয়ে জুৰুলা কৰা ৰাইজক কিছু হ’লেও সকাহ প্ৰদান কৰিব চৰকাৰৰ এই সিদ্ধান্তই ৷

উত্তৰ প্ৰদেশৰ নিৰ্বাচন : আটাইকেইখন আসনতে প্ৰতিদ্বন্দ্বিতা কৰিব শিৱসেনাই

2022 ত অনুষ্ঠিত হ’বলগীয়া উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে ক্ৰমাৎ সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল ৷ ইয়াৰ মাজতে ৰাজ্যখনৰ আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে শিৱসেনাই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.