নগাঁৱৰ ছিলঙনীত উদ্ধাৰ এটি দেৱশিশু

author img

By

Published : Sep 21, 2022, 9:08 PM IST

newborn-baby-found-in-nagaon

হায় মানৱতা ! নগাঁৱত জংঘলৰ মাজৰ পৰা উদ্ধাৰ কৰে এটি কণমানি শিশু (A Baby Rescue in Ngaon) ৷ সম্প্ৰতি দেৱশিশুটি সুস্থ অৱস্থাত আছে বুলি জানিব পৰা গৈছে ৷

নগাঁও, 21 ছেপ্টেম্বৰ: মানৱ সমাজক ভূ-লুণ্ঠিত কৰা পুনৰ এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে নগাঁৱত । জংঘলৰ মাজৰ পৰা উদ্ধাৰ কৰে এটি কণমানি শিশু ( A Baby Rescue in Ngaon) ৷ কোনো পাষাণ্ড পিতৃ-মাতৃয়ে কলংক মোচনৰ বাবে পথৰ দাঁতিত পেলাই থৈ যায় শিশুটিক ৷

ঘটনা অনুসৰি মঙলবাৰে নিশা ছিলঙনীৰ এখন ঘন জংঘলৰ কাষত শিশুৰ কান্দোনৰ শব্দ শুনা পায় ৷ লগে লগে স্থানীয়ে লোকে সেই ঠাইলৈ গৈ এটি শিশু প্ৰত্যক্ষ কৰে ৷ লগে লগে শিক্ষক আবুল কালাম আৰু কাটিমাৰীৰ গাঁওৰক্ষী বাহিনীৰ তৎপৰতাত শিশুটি উদ্ধাৰ কৰি খবৰ দিয়া হয় আৰক্ষীক (Newborn baby found in Nagaon) ৷

নগাঁৱৰ ছিলঙনীত উদ্ধাৰ এটি দেৱশিশু

লগে লগে শিশুটিক প্ৰাথমিক চিকিৎসাৰ বাবে ছিলঙনী প্ৰাথমিক চিকিৎসালয়লৈ (Silongoni Amtala primary health service ) প্ৰেৰণ কৰা হৈছিল ৷ যদিও পৰৱৰ্তী সময়ত আৰক্ষীয়ে ম'হখুলি থকা মাতৃ আৰু প্ৰসুতী চিকিৎসালয়ত ভৰ্তি কৰাই শিশুটোৰ স্বাস্থ্যৰ পৰীক্ষা কৰে ৷ সম্প্ৰতি দেৱশিশুটি সুস্থ অৱস্থাত আছে বুলি জানিব পৰা গৈছে ৷

শিশুটিক কোনে কি কাৰণত পেলাই থৈ গ'ল সেই সন্দৰ্ভত এইপৰ্যন্ত জানিব পৰা হোৱা নাই । অৱশ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চলাইছে অভিযান ৷ আৰক্ষী আৰু স্থানীয় লোকৰ সন্দেহ, কোনো লোকে নিজৰ কু-কৰ্ম লুকুৱাবলৈ নৱজাতকটিক এইদৰে ঘন জংঘলৰ মাজত এৰি যায় ৷

লগতে পঢ়ক: উত্তৰ প্ৰদেশত উদ্ধাৰ মহানগৰীৰ অপহৃত কিশোৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.