টকিঅ'লৈ যাবলগীয়া দুই ক্যাৰাটে খেলুৱৈক আৰ্থিক সাহাৰ্য মন্ত্ৰী কেশৱ মহন্তৰ

author img

By

Published : Aug 28, 2022, 6:13 PM IST

Minister Keshab Mahanta visit Feet Wave Karate Academy

কলিয়াবৰৰ কেন্দ্ৰীয় নাট্য সমাজ প্ৰেক্ষাগৃহত তিনিদিনীয়াকৈ অনুষ্ঠিত ক্যাৰাটে কৰ্মশালা ৷ ক্যাৰাটে কৰ্মশালাত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকে ৷ জাপানৰ টকিঅ'ত অনুষ্ঠিত হ'বলগা আন্তঃৰাষ্ট্ৰীয় ক্যাৰাটে প্ৰতিযোগিতালৈ(International Karate Competition) যোগ্যতা অৰ্জন কৰা দুই খেলুৱৈক আৰ্থিক সাহাৰ্য মন্ত্ৰীগৰাকীৰ ৷

কলিয়াবৰ, 28 আগষ্ট: কলিয়াবৰৰ হাটবৰত অনুষ্ঠিত ক্যাৰাটে কৰ্মশালাত শনিবাৰে উপস্থিত থাকে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত(Association of Traditional Shotokan Karate) ৷ কৰ্মশালাত অংশগ্ৰহণ কৰি মন্ত্ৰী মহন্তই অংশগ্ৰহণকাৰীসকলৰ লগতে ক্যাৰাটে প্ৰশিক্ষকসকলক উদ্দেশ্য কৰি বৰ্তমান খেলুৱৈসকলে পূৰ্বৰ তুলনাত যথেষ্ট সা-সুবিধা লাভ কৰাৰ কথা সদৰী কৰে ৷ মন্ত্ৰীগৰাকীয়ে অসমত ক্ৰীড়াৰ দিশত এতিয়াও কৰিবলগীয়া বহুখিনি আছে বুলি মন্তব্য কৰি ইয়াৰ মাজতে অসমৰ প্ৰতিভাৱান খেলুৱৈ হিমা, লাভলীনা, নয়নমণি, অম্লানে আমাক গৌৰৱ কৰাৰ থল দিছে বুলি উল্লেখ কৰে ।

দুই খেলুৱৈক আৰ্থিক সাহাৰ্য কেশৱ মহন্ত

মন্ত্ৰী মহন্তই(Minister Keshab Mahanta) লগতে কয় যে, এনেদৰে গৌৰৱ কৰাৰ সুবিধা যাতে আমি আৰু পাওঁ, সেই দিশত আমাৰ উঠি অহা চামে পঢ়া-শুনাৰ লগতে খেলা-ধূলাও আগবঢ়ায় নিব লাগিব । মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত সকলোকে সহায়-সহযোগিতা-উৎসাহ যোগাই যোৱাৰ কথা জানিবলৈ দিয়ে । প্ৰায় দুই শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই কৰ্মশালাত প্ৰশিক্ষণ দিয়ে ত্ৰিপুৰাৰ তোতন দেৱবৰ্মা আৰু গুৱাহাটীৰ ভাগ্যেশ্বৰ কুলিয়ে ।

Minister Keshab Mahanta visit Feet Wave Karate Academy
দুই খেলুৱৈক আৰ্থিক সাহাৰ্য কেশৱ মহন্ত

উল্লেখ্য যে নৱেম্বৰত জাপানৰ টকিঅ'ত অনুষ্ঠিত হ'বলগা আন্তঃৰাষ্ট্ৰীয় ক্যাৰাটে প্ৰতিযোগিতালৈ(International Karate Competition) কলিয়াবৰৰ দুই ক্যাৰাটে খেলুৱৈ বিপ্লৱ শইকীয়া আৰু অংশী প্ৰিয়ম আহমেদে যোগ্যতা অৰ্জন কৰিছে ৷ মন্ত্ৰী কেশৱ মহন্তই এই কৰ্মশালাত অংশগ্ৰহণ কৰি দুই ক্যাৰাটে খেলুৱৈক এক লাখ টকাৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে ।

লগতে পঢ়ক : লখিমপুৰত জলশক্তি মিছনৰ কেন্দ্রীয় দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.