পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত এজন ঘোচখোৰ লাটমণ্ডল

author img

By

Published : Sep 23, 2022, 2:13 PM IST

Updated : Sep 23, 2022, 4:45 PM IST

lat-mandal-arrested-while-taking-bribe-in-nagaon

ৰাজ্যত ইটোৰ পিছত সিটোকৈ ঘোচখোৰ বিষয়া জালত পৰিছে দুৰ্নীতি নিবাৰক শাখাৰ (Vigilance and Anti Corruption Assam) ৷ এইবাৰ দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে এজন ঘোচখোৰ লাটমণ্ডলক (Lat mandal arrested while taking bribe ) ৷

নগাঁও, 23 ছেপ্টেম্বৰ: ৰাজ্যত ইজনৰ পিছত সিজন ঘোচখোৰ বিষয়া জালত পৰিছে দুৰ্নীতি নিবাৰক শাখাৰ (Anti corruption branch raid in Assam) ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) নেতৃত্বাধীন বিজেপি চৰকাৰখনে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষপে গ্ৰহণ কৰাৰ সময়তে ৰাজ্যৰ বিভিন্ন স্থানত নিতৌ গ্ৰেপ্তাৰ হৈছে দুৰ্নীতিপৰায়ণ চৰকাৰী বিষয়া-কৰ্মচাৰী (Vigilance and Anti Corruption Assam) ৷

পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত এজন ঘোচখোৰ লাটমণ্ডল

শেহতীয়াকৈ পুনৰ দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে এগৰাকী ঘোচখোৰ লাটমণ্ডলক ৷ এইবাৰৰ স্থান নগাঁও ৷ নামজাৰীৰ নামত উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ হাতত হাতে লোটে ধৰা পৰে এজন লাট মণ্ডল (Lat mandal arrested while taking bribe) ৷

গ্ৰেপ্তাৰ হোৱা লাট মণ্ডলজন নগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বিষয়া ৰঞ্জিত মহন্ত বুলি জানিব পৰা গৈছে ৷ কাৰ্যালয় চৌহদৰ বাহিৰত উৎকোচ লওঁতেই জালত পৰিল লাট মণ্ডলজন ৷

লগতে পঢ়ক: ধনশিৰি নদীত পৰি এজন লোক সন্ধানহীন

Last Updated :Sep 23, 2022, 4:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.