দ্বিতীয়খন কলীয়াভোমোৰা সেতু পৰিদৰ্শন কৰিলে কিৰেণ ৰিজিজুৱে

author img

By

Published : Sep 23, 2022, 12:34 PM IST

Updated : Sep 23, 2022, 2:17 PM IST

Kiren Rijiju visited new Kaliabhomora Bridge

শুকুৰবাৰে কলিয়াবৰত উপস্থিত হৈ কেন্দ্ৰীয় আইন আৰু ন্যায় দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে (Cabinet Minister Kiren Rijiju in Assam) দ্বিতীয়খন কলীয়াভোমোৰা সেতু পৰিদৰ্শন কৰে (Kiren Rijiju visited new Kaliabhomora Bridge) ৷ তাৰ পিছতেই কলিয়াবৰৰ ভঁড়ালী গাঁৱত অৱস্থিত ভড়ালী নামঘৰত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৷

কলিয়াবৰ, 23 ছেপ্টেম্বৰ: আজি অৰ্থাৎ শুকুৰবাৰে কলিয়াবৰত উপস্থিত হৈ কেন্দ্ৰীয় আইন আৰু ন্যায় দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে (Cabinet Minister Kiren Rijiju in Assam) দ্বিতীয়খন কলীয়াভোমোৰা সেতু পৰিদৰ্শন কৰাৰ পিছতে (Kiren Rijiju visited new Kaliabhomora Bridge) ঐতিহ্যমণ্ডিত কলিয়াবৰৰ ভড়ালী নামঘৰত সেৱা নিবেদিলে কেন্দ্ৰীয় আইন আৰু ন‍্যায় দপ্তৰৰ মন্ত্ৰী কিৰেন ৰিজিজুৱে ।

Kiren Rijiju visited new Kaliabhomora Bridge
দ্বিতীয়খন কলীয়াভোমোৰা সেতু পৰিদৰ্শন কৰিলে মন্ত্ৰী কিৰেণ ৰিজিজুৱে

মন্ত্ৰীগৰাকীক এই ভ্ৰমণত সংগ দিয়ে সাংসদ কামাখ্য প্ৰসাদ তাছাই ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকী দলীয় সতীৰ্থৰে কলিয়াবৰৰ ভঁড়ালী গাঁৱত অৱস্থিত ভড়ালী নামঘৰত হোৱাৰ পিছতে নামঘৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা প্ৰথম বাৰৰ উপস্থিত হোৱা কেন্দ্ৰীয়মন্ত্ৰীগৰাকীক আদৰণী জনোৱা হয় (Kiren Rijiju visited Bharali Naamghar)। কলিয়াবৰ লোকসভা আসন উদ্ধাৰৰ বাবে মন্ত্ৰীগৰাকীক বিজেপি দলে বিশেষ দায়িত্ব দিয়াৰ পাছত মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে যথেষ্ট তৎপৰ্য বহন কৰিছে বুলি সম্প্ৰতি ৰাজনীতি মহলত গুণা-গঠা চলিছে ।

কিৰেণ ৰিজিজু

সাংবাদিকৰ এক প্ৰশ্নত মন্ত্ৰীগৰাকীয়ে কয় যে, আগন্তুক ২০২৪ লোকসভা নিৰ্বাচনত কলিয়াবৰ, নগাঁও আৰু বৰপেটা লোকসভা সমষ্টি উদ্ধাৰৰ দায়িত্ব পালন কৰাবলৈ অহাৰ সময়ত ঐতিহাসিক নামঘৰত আশীৰ্বাদ লৈ কাম কৰাৰ সংকল্প লৈ আগবাঢ়িব । কলিয়াবৰ লোকসভা সমষ্টি প্ৰধানমন্ত্ৰী আহিলেও দখল কৰিব নোৱাৰে বুলি কৰা বৰ্তমানৰ সাংসদগৰাকীৰ মন্তব্যক মিছা প্ৰমাণ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে সদৰি কৰে ।

লগতে পঢ়ক: গুৱাহাটী আৰু কৰিমগঞ্জৰ পৰা PFI ৰ আৰু দুজনক গ্ৰেপ্তাৰ

Last Updated :Sep 23, 2022, 2:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.