আজি দ্বিতীয়খন কলীয়াভোমোৰা সেতু পৰিদৰ্শন কৰিব কিৰেণ ৰিজিজুৱে

author img

By

Published : Sep 23, 2022, 11:19 AM IST

Updated : Sep 23, 2022, 11:59 AM IST

kiren-rijiju-to-visite-new-kaliabhomora-bridge-in-nagaon

আজি অৰ্থাৎ শুকুৰবাৰে কলিয়াবৰলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু (Cabinet Minister Kiren Rijiju in Assam) ৷ পৰিদৰ্শন কৰিব দ্বিতীয়খন কলীয়াভোমোৰা সেতু কেন্দ্ৰীয় আইন আৰু ন্যায় দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে (Kiren Rijiju to visite new Kaliabhomora Bridge) ৷

নগাঁও, 23 ছেপ্টেম্বৰ: আজি অৰ্থাৎ শুকুৰবাৰে কলিয়াবৰলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু (Cabinet Minister Kiren Rijiju in Assam) ৷ কেন্দ্ৰীয় আইন আৰু ন্যায় দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰিব দ্বিতীয়খন কলীয়াভোমোৰা সেতু(Kiren Rijiju to visite new Kaliabhomora Bridge) ৷

ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ শোণিতপুৰ জিলা আৰু নগাঁও জিলা মাজত থকা কলীয়াভোমোৰা সেতুৰ সমান্তৰালকৈ নিৰ্মাণ হোৱা এইখন দলঙৰ নিৰ্মাণে সামৰিক দিশৰ পৰা বিশেষ গুৰুত্ব লাভ কৰিছে ৷ 1987 চনত শোণিতপুৰ আৰু নগাঁও জিলাৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত কলীয়াভোমোৰা সেতু যাতায়তৰ বাবে মুকলি কৰি দিছিল তদানীন্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীয়ে ।

দলংখনৰ আধাৰশিলা 1978 চনত তদানীন্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইয়ে (Former PM Morarji Desai) স্থাপন কৰিছিল ৷ প্ৰায় 3.3 কিলোমিটাৰ দৈৰ্ঘৰ দলংখনৰ নিৰ্মাণকাৰ্য 1981 চনৰ পৰা আৰম্ভ হৈছিল ৷ দলংখন নিৰ্মাণ কৰোতে 88 কোটি টকাৰ লগতে সৰ্বমুঠ ব্যয় হৈছিল 89 কোটি টকা ৷

দ্বিতীয়খন কলীয়াভোমোৰা সেতু পৰিদৰ্শন কৰিব মন্ত্ৰী কিৰেণ ৰিজিজুৱে

আনহাতে নতুনকৈ নিৰ্মাণ সম্পূৰ্ণ হৈ থকা প্ৰায় 3.4 কিলোমিটাৰ দৈৰ্ঘৰ কলীয়াভোমোৰা দ্বিতীয়খন পকী দলঙৰ বাবে চৰকাৰে ব্যয় কৰিছে 588.95 কোটি টকা । দলংখন গেমন ইণ্ডিয়া লিমিটেড আৰু এছ পি সিঙলা কষ্ট্ৰাকচনচ প্ৰাইভেট লিমিটেড নামৰ দুটা পথ নিৰ্মাণ কোম্পানীৰ দ্বাৰা আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ তত্বাৱধানত নিৰ্মাণ কৰা হৈছে ।

ইতিমধ্যে দলংখনৰ প্ৰায় কাম সম্পূৰ্ণ হৈছে ৷ অনতিপলমে নতুন দলংখন মুকলি হোৱাৰ আশা কৰিছে চৰকাৰৰ লগতে স্থানীয় ৰাইজে ৷ উল্লেখ্য যে, বুধবাৰে কাজিৰঙাৰ ঐতিহ্য মণ্ডিত শ্ৰী শ্ৰী কাক গোঁসানী থানত ভগৱানৰ আশীষ লয় কেন্দ্ৰীয়মন্ত্ৰীগৰাকীয়ে (Cabinet Minister Kiren Rijiju in Assam) ৷

লগতে পঢ়ক: "উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে বিজেপি চৰকাৰৰ প্ৰয়োজন আছে"-কিৰেণ ৰিজিজু

Last Updated :Sep 23, 2022, 11:59 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.