ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান : আটক 2

author img

By

Published : Sep 15, 2021, 11:11 AM IST

Badarpur police sized by 10 thousand yaba teblets at borthal

মুখ্যমন্ত্ৰীৰ ড্ৰাগছ বিৰোধী অভিযানৰ পিছতো ৰাজ্যত অব্যাহত ড্ৰাগছৰ ব্যৱসায় ৷ অসম আৰক্ষীৰ প্ৰায় ধাৰাবাহিক অভিযানত উন্মোচিত হৈছে এই তথ্য ৷ শেহতীয়াকৈ কৰিমগঞ্জ, ৰূপহীহাটতো চলিল আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷

কৰিমগঞ্জ/ৰূপহীহাট, 15 ছেপ্টেম্বৰ : ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷ কৰিমগঞ্জৰ জিলাৰ বদৰপুৰৰ বৰথলত মঙলবাৰে আৰক্ষীয়ে অভিযান চলাই বিপুল পৰিমাণৰ ইয়াবা টেবলেট জব্দ কৰে । বদৰপুৰ আৰু কৰিমগঞ্জ আৰক্ষীৰ এটা যুটীয়া দলে গোপন সূত্ৰৰ ভিত্তিত চলাই এই অভিযান ৷

Badarpur police sized by 10 thousand yaba teblets at borthal
বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক 2

বদৰপুৰ আৰু কৰিমগঞ্জ আৰক্ষীয়ে অভিযানৰ সময়ত প্ৰায় ১০ হেজাৰৰো অধিক অবৈধ ইয়াবা টেবলেট জব্দ কৰে । আৰক্ষীৰ দলটোৱে অভিযানৰ সময়ত এজন ড্ৰাগছ ব্যৱসায়ীকো আটক কৰে ৷ ধৃত ড্ৰাগছ ব্যৱসায়ীজনৰ নাম শৰীফ উদ্দিন ৷

Badarpur police sized by 10 thousand yaba teblets at borthal
বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক 2

আনহাতে, নগাঁও জিলাৰ ৰূপহীহাটৰ জুৰীয়াতো মঙলবাৰে আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখে ৷ জুৰীয়া আৰক্ষীয়ে অভিযানৰ সময়ত এটা কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক আটক কৰে । ধৃত ড্ৰাগছ ব্যৱসায়ীজন ছফিকুল ইছলাম বুলি জানিব পৰা হৈছে ।

Badarpur police sized by 10 thousand yaba teblets at borthal
বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক 2

আৰক্ষীৰ দলটোৱে ধৃত ড্ৰাগছ ব্যৱসায়ীজনৰ বাসগৃহতো অভিযান চলায় ৷ ধৃত ড্ৰাগছ ব্যৱসায়ীজনৰ বাসগৃহৰ পৰা আৰক্ষীয়ে প্ৰায় .07 গ্ৰাম হেৰ’ইনৰ লগতে খালী কণ্টেইনাৰ আৰু নগদ ৫৩,৮০০ টকা জব্দ কৰে । সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্যৰ বাবে ড্ৰাগছ ব্যৱসায়ীজনক জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : গোৱালপাৰাত য়াবা টেবলেটসহ ৩ সৰবৰাহকাৰীক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.