নিশা বন্ধুৰ সৈতে পাৰ্টী, পুৱা উদ্ধাৰ মৃতদেহ

author img

By

Published : May 26, 2022, 6:44 PM IST

another-murder-case-by-friends-at-nogaon

নগাঁৱত পুনৰ চাঞ্চল্য । বন্ধুৰ দ্বাৰা বন্ধু হত্যা ! নিশা বন্ধুৰ সৈতে পাৰ্টী কৰা যুৱকৰ পুৱা উদ্ধাৰ হৈছে মৃতদেহ । আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

নগাওঁ,26 মে': নগাঁৱত পুনৰ সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ ঘটনা । পুনৰ বন্ধু হত্যাৰ ঘটনাই সমগ্ৰ নগাঁৱত সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ । এজন বন্ধুৰ ফোনকলত ঘৰৰ পৰা ওলাই যোৱা চেণ্টু পাঠক নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হোৱা চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ বন্ধু হত্যাৰ দৰে জঘন্য ঘটনা সংঘটিত হৈছে নগাঁৱত ।

চেণ্টু পাঠকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ এটা দিন পিছতেই নগাঁৱৰ পাথৰিত পুনৰ উদ্ধাৰ হয় আন এজন যুৱকৰ মৃতদেহ । বুধবাৰে নিশা পাথৰিৰ পৱন বৰা নামৰ যুৱকজনে নিজ ঘৰতে বন্ধুৰ সৈতে কৰিছিল পাৰ্টী । নিশা পাৰ্টী কৰা পৱন বৰাৰ মৃতদেহ উদ্ধাৰ হয় বৃহস্পতিবাৰে । বৃহস্পতিবাৰে ডিঙিত গামোচাৰে মেৰিয়াই থোৱা অৱস্থাত মৃতদেহ প্ৰত্যক্ষ কৰাৰ পিছতেই খবৰ দিয়া হয় আৰক্ষীক ।

নিশা বন্ধুৰ সৈতে পাৰ্টী, পুৱা উদ্ধাৰ মৃতদেহ

বৃহস্পতিবাৰে দুপৰীয়া নগাঁও আৰক্ষীৰ এটা দল উপস্থিত হোৱাৰ লগতে দণ্ডাধীশৰ উপস্থিতিত উদ্ধাৰ কৰা হয় মৃতদেহটো । স্থনীয় আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি প্ৰেৰণ কৰে মৰুণোত্তৰ পৰীক্ষাৰ বাবে ।

নিশা পৱন বৰাৰ সৈতে পাৰ্টীত অংশগ্ৰহণ কৰা বন্ধুৱেই পৱন বৰাক হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰে পৰিয়ালৰ লোকে । পাৰ্টীতে কাজিয়াৰ সূত্ৰপাত হোৱাৰ ফলত হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়েও । অৱশ্যে এয়া সাধাৰণ মৃত্যু নে হত্যাকাণ্ড সেয়া পোহৰলৈ আহিব মৰুণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতহে । ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে ।

লগতে পঢ়ক: মামাৰ আৰ্শীবাদ লৈ বিয়াত বহিবলৈ সাজু ভাগিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.