কংগ্ৰেছৰে মিত্ৰতা অসম্ভৱ: অহা লোকসভা নিৰ্বাচনত নগাঁৱৰ দুটা সমষ্টিত নিজা প্ৰাৰ্থী দিব এ আই ইউ ডি এফে

author img

By

Published : Sep 22, 2022, 7:10 PM IST

AIUDF MLA Karimuddin Barbhuiyan

নগাঁৱত কংগ্ৰেছক তুলাধুনা এ আই ইউ ডি এফৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ ৷ ভূপেন বৰাক গাড্ডাৰৰ চৰ্দাৰ আখ্যা দিলে এ আই ইউ ডি এফৰ বিধায়কগৰাকীয়ে (Karimuddin Barbhuiyan criticizes congress)৷ এ আই ইউ ডি এফৰ বিধায়ক গৰাকীৰ মুখত বিজেপি চৰকাৰৰ গুণ-গান শুনা যায় ৷ বিৰোধী হ’লেও ভাল কামক ভাল বুলি ক’বই লাগিব বুলি কয় বিধায়কজনে (Karimuddin Barbhuiyan praises Assam govt) ৷

নগাঁও, 22 ছেপ্টেম্বৰ: বৃহস্পতিবাৰে নগাঁৱত উপস্থিত হৈ কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য কৰে এ আই ইউ ডি এফৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাই (AIUDF MLA Karimuddin Barbhuiyan)৷ বিধায়কগৰাকীৰ ভাষ্যত স্থান পালে চৰকাৰৰ উন্নয়নমূলক কাম-কাজ, নিযুক্তি প্ৰক্ৰিয়া, ভিক্টৰ দাসৰ বিতৰ্ক, বিদ্যুৎ মাচুল বৃদ্ধি, কংগ্ৰেছৰ সৈতে এ আই ইউ ডি এফৰ সংঘাত, কংগ্ৰেছ দলৰ গাড্ডাৰ, আগন্তুক লোকসভা নিৰ্বাচন আদি কেইবাটাও প্ৰসংগই (Karimuddin Barbhuiyan reacts on congress)৷

প্ৰথমেই চৰকাৰৰ কাম-কাজক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে কৰিমউদ্দিন বৰভূঞাই ৷ এ আই ইউ ডি এফৰ বিধায়ক গৰাকীৰ মুখত বিজেপি চৰকাৰৰ গুণ-গান শুনা যায় ৷ তেওঁ কয় যে, বৰ্তমান পুঁজি কম হ’লেও চৰকাৰে যথেষ্ট সংখ্যক উন্নয়নমূলক কাম কৰিছে ৷ বিৰোধী হ’লেও ভাল কামক ভাল বুলি ক’বই লাগিব বুলি কয় বিধায়কজনে (Karimuddin Barbhuiyan praises Assam govt) ৷

নিযুক্তি প্ৰক্ৰিয়াক লৈও সন্তুষ্টি প্ৰকাশ কৰে কৰিম উদ্দিন বৰভূঞাই ৷ তেওঁৰ মতে, সম্পূৰ্ণ স্বচ্ছভাৱেৰে হৈছে এই নিযুক্তি প্ৰক্ৰিয়া (Karimuddin Barbhuiyan on govt recruitment) ৷ ভিক্টৰ দাসৰ নিলম্বন সন্দৰ্ভত তেওঁ কয় যে, ভিক্টৰক নিলম্বনৰ দ্বাৰা চৰকাৰৰ নিজৰ ভাৱমূৰ্তি ভাল হৈছে ৷

এ আই ইউ ডি এফৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ মন্তব্য

ইফালে বৰ্ধিত বিদ্যুৎ মাচুল সন্দৰ্ভত তেওঁ কয় যে, বিধানসভাত এই বিষয়টো উত্থাপন কৰাৰ পাচতেই মুখ্যমন্ত্ৰী বিবৃতি প্ৰদান কৰি ইয়াৰ তদন্তৰ নিৰ্দেশ দিছে (Karim Uddin Barbhuyan reacts on electricity bill) ৷ বিৰোধী হৈ চৰকাৰৰ আসোঁৱাহসমূহ দাঙি ধৰাই বিৰোধীৰ কাম বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে, চৰকাৰে কেতিয়াবা এই সমূহ নিৰীক্ষণ কৰে, কেতিয়াবা নকৰে ৷

লগতে পঢ়ক: Congress-AIUDF conflict: এ আই ইউ ডি এফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাক দালাল আখ্যা

আনহাতে, কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত চলি থকা যুঁজখন আকৌ এবাৰ স্পষ্ট হৈ পৰিল বৰভূঞাৰ বক্তব্যত (Congress AIUDF conflict) ৷ তেওঁ কয় যে, কংগ্ৰেছৰ সৈতে বৰ্তমান কোনো মিত্ৰতা নাই ৷ অহা লোকসভা নিৰ্বাচনত বিজেপি আৰু এ আই উ ডি এফৰ মাজতেই মূল যুঁজখন হ’ব ৷ বিজেপিৰ শ্ৰুতলিপি মতে কংগ্ৰেছে কোনো আলোচনা নকৰাকৈয়ে এ আই ইউ ডি এফৰ সৈতে মিত্ৰতা ভংগ কৰিছে (Karim Uddin Barbhuyan criticizes congress) ৷

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত হোৱা ক্ৰছ ভোটিং সন্দৰ্ভত তেওঁ কয় যে, 22 বিধায়কে বিজেপি প্ৰাৰ্থীক ভোট দিবৰ বাবে এ আই ইউ ডি এফৰ সিমান সংখ্যক বিধায়কেই নাই ৷ কংগ্ৰেছৰ 20 ৰ পৰা 22 জন বিধায়কে এন ডি এ সমৰ্থিত প্ৰাৰ্থীক ভোট দিয়া বুলি পুনৰ এবাৰ অভিযোগ কৰে বৰভূঞাই (Cross voting in president election) ৷ তেওঁ কয় যে, ৰাতি ৰাতি গাড়ী লৈ কোন মুখ্যমন্ত্ৰীৰ ঘৰলৈ যায় সেয়া অতি স্পষ্ট ৷

উল্লেখ্য যে, ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণৰ আগদিনাও একে কথাকেই কৈছিল কৰিম উদ্দিন বৰভূঞাই ৷ যাৰ পৰিপ্ৰেক্ষিতত তীব্ৰ বাক যুদ্ধৰ সূত্ৰপাত হৈছিল এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ নেতাসকলৰ মাজত ৷ আজিও পুনৰ একে উক্তিকেই দোঁহাৰিলে বৰভূঞাই ৷

কংগ্ৰেছৰ গাড্ডাৰৰ তালিকাৰ কথা উল্লেখ কৰি কৰিম উদ্দিন বৰভূঞাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক গাড্ডাৰৰ চৰ্দাৰ আখ্যা দিয়ে ৷ কংগ্ৰেছে বিজেপিৰ সৈতে যুক্ত হৈ বিজেপিৰ কাম কৰি থকা বুলি অভিযোগ তুলি তেওঁ কয় যে, বিজেপিৰ সৈতে মিলি থকাৰ বাবেই এ আই ইউ ডি এফে কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰে ৷

ইফালে আগন্তুক লোকসভা নিৰ্বাচনৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, পূৰ্বৰ নিৰ্বাচনত জয়ী হোৱা আৰু দ্বিতীয় স্থানত থকা সমষ্টি কেইটাত এ আই ইউ ডি এফে নিজা প্ৰাৰ্থী দিয়াতো নিশ্চিত (Lok Sabha election 2024) ৷ বিশেষকৈ কলিয়াবৰ আৰু নগাঁও লোকসভা সমষ্টিৰ কথা উল্লেখ কৰি তেওঁ কয় যে, যোৱাবাৰৰ নিৰ্বাচনত এ আই ইউ ডি এফৰ ভোটেৰে গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈ বিজয়ী হৈছিল ৷ এইবাৰ দুয়োটা সমষ্টিতে নিজা প্ৰাৰ্থী প্ৰদান কৰি বিজেপিক পৰাভূত কৰিব বুলি এ আই ইউ ডি এফৰ বিধায়কগৰাকীয়ে মত প্ৰকাশ কৰে ৷

তেওঁৰ মতে, কলিয়াবৰত প্ৰায় 40 হাজাৰ আৰু নগাঁৱত প্ৰায় 35 হাজাৰ ভোটত এ আই ইউ ডি এফৰ প্ৰাৰ্থী জয়ী হ’ব ৷ দুয়োটা সমষ্টিতে বিজেপিৰ স্থিতি দুৰ্বল বুলি প্ৰকাশ কৰে বৰভূঞাই ৷

লগতে পঢ়ক: Cross Voting Issue: কৰিমুদ্দিন বৰভভূঞাৰ বিৰুদ্ধে পুনৰ আদালতৰ কাষ চাপিব দেৱব্ৰত শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.