আজমলৰ সংগ এৰি মমতাৰ দলত ময়ূৰ মজুমদাৰ
Updated on: Sep 28, 2022, 6:11 PM IST

আজমলৰ সংগ এৰি মমতাৰ দলত ময়ূৰ মজুমদাৰ
Updated on: Sep 28, 2022, 6:11 PM IST
অৱশেষত আজমলৰ সংগ এৰিলে কোচ ৰাজবংশী নেতা ময়ূৰ মজুমদাৰে(AIUDF leader Mayur Majumdar joins TMC) । এ আই ইউ ডি এফ এৰি তৃণমূল কংগ্ৰেছত যোগদান ময়ূৰ মজুমদাৰৰ । প্ৰায় চাৰি শতাধিক সমৰ্থকসহ ৰিপুন বৰাৰ উপস্থিতিত তৃণমূলত যোগদান ।
নগাঁও, 3 ছেপ্টেম্বৰ: এ আই ইউ ডি এফ দলৰ সৈতে প্ৰায় জন্মলগ্নৰ পৰাই জড়িত কোচ ৰাজবংশীৰ এগৰাকী নেতাই অৱশেষত এৰিলে আজমলৰ সংগ (AIUDF leader Mayur Majumder) । পূৰ্বে নগাঁৱত অনুষ্ঠিত আজমলৰ প্ৰায় প্ৰতিটো অনুষ্ঠানতে প্ৰত্যক্ষভাৱে জড়িত থকা নগাঁৱৰ যুৱনেতা ময়ূৰ মজুমদাৰে এ আই ইউ ডি এফ এৰি যোগদান কৰিলে মমতা দিদি নেতৃত্বাধীন তৃণমূল কংগ্ৰেছত ।
বুধবাৰে নগাঁৱত অনুষ্ঠিত এক যোগদান অনুষ্ঠানত প্ৰায় চাৰি শতাধিক সমৰ্থকক লগত লৈ তৃণমূল কংগ্ৰেছত যোগদান কৰে কোচ ৰাজবংশী নেতা ময়ূৰ মজুমদাৰে (Koch Rajbanshi leader Mayur Majumdar) । নগাঁও জিলা সাহিত্য সভা ভৱনত অনুষ্ঠিত হোৱা অনুষ্ঠানত তৃণমূল কংগ্ৰেছৰ অসম ৰাজ্যিক সভাপতি ৰিপুন বৰাৰ উপস্থিতিত দলটোত যোগদান কৰে ময়ূৰ মজুমদাৰে ।
ময়ূৰ মজুমদাৰে দলটোত যোগদান কৰি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁৱতো তৃণমূল কংগ্ৰেছৰ ভেঁটি শক্তিশালী কৰাৰ কথা উল্লেখ কৰে ৷
ইফালে নগাঁৱত অনুষ্ঠিত হোৱা যোগদান সভাত উপস্থিত থাকি সংবাদ মাধ্যমৰ সন্মুখত কেবাটাও মন্তব্য কৰে তৃণমূল কংগ্ৰেছৰ নেতা ৰিপুন বৰাই (TMC Assam state president Ripun Bora)। তেওঁ শাসনাধিষ্ঠিত বিজেপি চৰকাৰে পুঁজিপতি ব্যৱসায়ীক কৰ ৰেহাই দি সাধাৰণ লোকৰ ওপৰত কৰৰ বোজা জাপি দিয়াৰ অভিযোগ কৰে ৷ আনকি প্ৰকৃতিপ্ৰদত্ত পানীৰ ওপৰতো কৰ লগাই নাগৰিকৰ জীয়াই থকাৰ অধিকাৰতো চৰকাৰে হস্তক্ষেপ কৰা বুলি মন্তব্য কৰে ৰিপুন বৰাই ।
পি এফ আইক কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ কৰাক লৈও মন্তব্য তৃণমূল কংগ্ৰেছ নেতা ৰিপুন বৰাই । চৰকাৰৰ হাতত পর্যাপ্ত তথ্য থকাৰ বাবেই পি এফ আইক নিষিদ্ধ কৰা বুলি উল্লেখ কৰি বৰাই আইনে আইনৰ অনুসৰি ব্যৱস্থা ল'ব বুলি উল্লেখ কৰে ৷ অনুষ্ঠানত ৰিপুন বৰাৰ উপৰিও তৃণমূল কংগ্ৰেছ নেতা ইক্ৰামূল হুদাও উপস্থিত থাকে ৷
