Jan Ashirwad Yatra: ঢেকীয়াখোৱা নামঘৰত সেৱা ল’লে সৰ্বানন্দ সোণোৱালে

author img

By

Published : Aug 23, 2021, 7:17 PM IST

Jan Ashirwad Yatra

সোমবাৰে যোৰহাট জিলাত জন আশীৰ্বাদ যাত্ৰাৰ অংশ হিচাপে মহাপুৰুষ মাধৱ দেৱৰ দ্বাৰা প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা নামঘৰ দৰ্শন কৰি সেৱা লয় সৰ্বানন্দ সোণোৱালে ৷ নামঘৰত শৰাই-বন্তি আগবঢ়াই কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে । সৰ্বানন্দ সোণোৱালৰ হাততে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ কেতবোৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে নামঘৰ পৰিচালনা সমিতিয়ে ৷

টীয়ক, 23 আগষ্ট : কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত লোৱাৰ পাচত প্ৰথমবাৰৰ বাবে অসমলৈ আহি জন আশীৰ্বাদ যাত্ৰা(Jan Ashirwad Yatra)ত অংশ লৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ অসমৰ মুঠ ছখন সাংগঠনিক জিলা আশীৰ্বাদ যাত্ৰাৰ জৰিয়তে ভ্ৰমণ কৰে সোণোৱালে ৷ সোমবাৰে যোৰহাট জিলাত জন আশীৰ্বাদ যাত্ৰাৰ অংশ হিচাপে মহাপুৰুষ মাধৱ দেৱৰ দ্বাৰা প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা নামঘৰ দৰ্শন কৰি সেৱা লয় সৰ্বানন্দ সোণোৱালে ৷ নামঘৰত শৰাই-বন্তি আগবঢ়াই কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ।

লগতে পঢ়ক : মুখ্যমন্ত্রী-কেন্দ্ৰীয় মন্ত্রীকে ধৰি ১২ জনৰ বিৰুদ্ধে এজেপিৰ এজাহাৰ

ঢেকীয়াখোৱা নামঘৰত উপস্থিত হোৱা সৰ্বানন্দ সোণোৱালক নামঘৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা সমৰ্ধনা জনোৱা হয় ৷ তাৰোপৰি সৰ্বানন্দ সোণোৱালৰ হাততে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ কেতবোৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে নামঘৰ পৰিচালনা সমিতিয়ে ৷ তাৰ পাছতেই ভকতসকলৰ লগত আলোচনাত মিলিত হয় মন্ত্ৰী সোণোৱাল ।

Jan Ashirwad Yatra
ঢেকীয়াখোৱা নামঘৰত সৰ্বানন্দ সোণোৱাল

লগতে পঢ়ক : বিশ্বাসৰ অভাৱে উপ-নিৰ্বাচনৰ অংকত আউল লগাব নেকি মহাযোঁটক ?

কেন্দ্ৰই তেওঁক দিয়া দ্বায়িত্ব যেন ৰাইজৰ আশীৰ্বাদত সুচাৰুৰূপে পালন কৰিব পাৰে, তাৰ বাবে ৰাইজৰ চৰণত সেৱা আগবঢ়ায় সৰ্বানন্দ সোণোৱালে ৷ তাৰোপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসম ততা উত্তৰ-পূৰ্বাঞ্চলক আঁকোৱালি লোৱা বুলি উল্লেখ কৰি তেওঁৰ বাবেও আশিস বিচাৰে সোণোৱালে ৷ নামঘৰ প্ৰাংগণত বিভিন্নজনৰ সৈতে মত বিনিময় কৰাৰ অন্তত মন্ত্ৰীগৰাকীয়ে নামঘৰতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে ৷

Jan Ashirwad Yatra
সৰ্বানন্দ সোণোৱালক সম্বৰ্ধনা

আনহাতে, ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ যি নিন্মগামী কাম তাৰ সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত তেওঁ এতিয়াৰে পৰা প্ৰতিটো উন্নয়নমুখী কাম অতি ক্ষীপ্ৰতাৰে সম্পন্ন হ'ব বুলি মত প্ৰকাশ কৰে ৷ শনিবাৰে আজাৰাত আৰম্ভ হোৱা এই জন আশীৰ্বাদ যাত্ৰা সোমবাৰে অন্ত পৰে শিৱসাগৰত ৷ ঢেকীয়াখোৱা বৰনামঘৰৰ পৰা পোনে পোনে শিৱসাগৰলৈ ৰাওনা হয় সৰ্বানন্দ সোণোৱাল ৷

ঢেকীয়াখোৱা নামঘৰত সেৱা ল’লে সৰ্বানন্দ সোণোৱালে

লগতে পঢ়ক : যোৰহাটত সৰ্বানন্দ সোণোৱালৰ জন আৰ্শীবাদ যাত্ৰা

উল্লেখ্য যে, সৰ্বানন্দ সোণোৱালক আদৰণিৰ বাবে বিজেপিয়ে আয়োজন কৰা এই জন আশীৰ্বাদ যাত্ৰাক কঠোৰ সমালোচনা কৰিছে বিৰোধীয়ে ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বিজেপিৰ এই যাত্ৰাক তীব্ৰ সমালোচনা কৰিছে ৷ অসম জাতীয় পৰিষদে সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাকে আদি কৰি বিজেপিৰ নেতা-মন্ত্ৰীৰ বিৰুদ্ধে কেইবাটাও গোচৰ দাখিল কৰিছে বিভিন্ন আৰক্ষী থানাত ৷

লগতে পঢ়ক : অসম চৰকাৰৰ বিজ্ঞাপনত দাক্ষিণাত্যৰ সুৰ : আৰম্ভ হৈছে বিতৰ্ক

যি সময়ত ক’ভিড পৰিস্থিতিৰ বাবে ৰাজ্যত সান্ধ্য আইন বলৱৎ কৰা হৈছে তথা আন্তঃজিলা যাতায়াত বন্ধ কৰা হৈছে, তেনে সময়ত বিজেপিৰ এই কাৰ্যক সহজভাৱে ল’ব পৰা নাই সাধাৰণ জনতায়ো ৷ আশীৰ্বাদ যাত্ৰাৰ মাত্ৰ কেইদিনমান পূৰ্বে আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত কিছু শিথিলতা আনি চৰকাৰে ব্যক্তিগত বাহনৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা উঠাই লয় ৷ মাত্ৰ যাত্ৰীবাহী বাছ তথা আন যাত্ৰী কঢ়িও ৰাজহুৱা বাহনৰ চলাচলৰ ক্ষেত্ৰত আন্তঃজিলা যাতায়াত বন্ধৰ নীতি আৰোপ কৰা হয় ৷

লগতে পঢ়ক : হিমন্ত চৰকাৰৰ এশ দিনীয়া সফলতাৰ আঁৰত আছে নৰেন্দ্ৰ মোদীৰ আৰ্শীবাদ : সোণোৱাল

এতিয়াও ৰাজ্যত ক’ভিড পৰিস্থিতি সম্পূৰ্ণ ৰূপে স্বাভাৱিক হোৱা নাই ৷ তেনে পৰিপ্ৰেক্ষিতত এইদৰে বিজেপিয়ে নিজৰ স্বাৰ্থত সভা-সমদল কৰা কাৰ্যই স্বাভাৱিকতেই প্ৰশ্নৰ অৱতাৰণা কৰিছে যে, কেৱল জনসাধাৰণৰ বাবেহে ক’ভিডৰ ভয়াৱহতা বৰ্তি আছে নেকি ৰাজ্যত ?

ক’ভিডৰ দোহাই দি পৰীক্ষা পাতিবলৈ অসমৰ্থ হোৱা বিজেপি চৰকাৰে আশীৰ্বাদ যাত্ৰাৰ দৰে অনুষ্ঠান অনুষ্ঠিত কৰা কাৰ্যই বিভিন্ন স্তৰত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ বহুতেই মত ব্যক্ত কৰিছে যে, আহি থকা উপ-নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই এইদৰে ক’ভিডৰ ভয়াৱহতাক একপ্ৰকাৰে নোহোৱা কৰিব বিচাৰিছে চৰকাৰী পক্ষই ৷

লগতে পঢ়ক : তিতাবৰতো অনুষ্ঠিত হ’ব নেকি উপ-নিৰ্বাচন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.