কেন্দ্ৰীয় চৰকাৰৰ ২০২১-২২ বৰ্ষৰ বাজেট আৰু অসমৰ কৃষি খণ্ড

author img

By

Published : Jan 28, 2022, 8:26 PM IST

Union Government Budget 2021 22 and Agriculture Sector of Assam

ইটিভি ভাৰতৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত বাজেটৰ বিভিন্ন দিশ সন্দৰ্ভত আলোকপাত সদৌ ভাৰত বীমা কৰ্মচাৰী সন্থাৰ প্ৰাক্তন উপ-সভাপতি তথা জইণ্ট কাউন্সিল অব ট্ৰেড ইউনিয়ন অসমৰ আহ্বায়ক শতঞ্জীৱ দাসৰ । দেশী-বিদেশী বৃহৎ পুঁজিপতিক কৰ ৰেহাই (Tax exemption to capitalists ) আৰু অন্যান্য সা-সুবিধা আগবঢ়ালেই অৰ্থনীতিত বিনিয়োগ নাবাঢ়ে। বিনিয়োগ বৃদ্ধিৰ অপৰিহাৰ্য চৰ্ত হৈছে বজাৰত চাহিদা বৃদ্ধি । সবিশেষ চাও আহক ৷

গুৱাহাটী,২৮ জানুৱাৰী : কেন্দ্ৰীয় চৰকাৰৰ ২০২১-২২ বৰ্ষৰ বাজেটত কৃষি ক্ষেত্ৰৰ আন্তঃগাঁঠনিক গতি প্ৰদান কৰাৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰা হৈছিল। কৃষি আয় বৃদ্ধিৰ বাবে আন্তঃগাঁঠনিৰ সমস্যা সমূহক লক্ষ্য ৰাখি আঁচনি গ্ৰহণ কৰা হৈছিল । বিশেষকৈ ক’ভিড-১৯ৰ ফলত কৃষি ক্ষেত্ৰ (Effects of Covid in agriculture sector ) আৰু গাঁৱলীয়া অঞ্চল সমূহত পৰা কু-প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন আঁচনি ঘোষণা কৰা হৈছিল ।

কৃষি কৰ্ম আৰু অনান্য সম্বন্ধীয় গতিবিধিবোৰত ২০২০-২১ বৰ্ষৰ ১৪৫,৩৫৫ কোটি টকাৰ পৰা ২০২১-২২ বৰ্ষত ১৪৮৩০১ কোটি টকাৰ সামান্য বৃদ্ধি অৰ্থাৎ ২ শতাংশলৈ বৃদ্ধি কৰা হৈছিল। বাজেটত বিত্তীয় বৰ্ষটোত গ্ৰামাঞ্চলৰ আন্তঃগাঁঠনি উন্নয়ন কোষ (আৰ আই ডই এফ)ৰ ধন ৩০ হাজাৰ কোটিৰ পৰা ৪০ হাজাৰ কোটিলৈ বৃদ্ধি কৰা হৈছিল । লক্ষণীয় বিষয় যে, বাজেটত গ্ৰহণ কৰা আঁচনিৰ যোগেদি উৎপাদিত কৃষিজাত সামগ্ৰীক কুশলতাৰে সংৰক্ষণ তথা প্ৰক্ৰিয়াকৰণ কৰাত গুৰুত্ব দিয়া হৈছিল ।

কেন্দ্ৰীয় চৰকাৰৰ ২০২১-২২ বৰ্ষৰ বাজেট আৰু অসমৰ কৃষি খণ্ড

কিন্তু অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষেত্রত বাজেটৰ এই পদক্ষেপ বাস্তৱায়িত হোৱা দেখা নগ'ল। অসমত এতিয়াও কৃষকে কৃষিজাত সামগ্ৰীৰ উপযুক্ত মূল্য লাভ তথা সামগ্ৰীৰ মজুতকৰণ ব্যৱস্থাৰ পৰা বঞ্চিত হৈ আছে (Assamese farmers are deprived of proper price gains ) । কৃষি উৎপাদন বৃদ্ধিৰ ধাৰণাৰ লগত যদি কৃষি বাণিজ্য বা বজাৰখনৰ কথা চিন্তা কৰা নহয় তেন্তে কৃষকে উৎপাদন বৃদ্ধি কৰিলেও লাভৱান হ’ব নোৱাৰিব। সমগ্ৰ ভাৰতবৰ্ষৰ কৃষকসকল বৰ্তমান এই সমস্যাৰ গৰাহত।

কৃষি উৎপাদনত অগ্রণী ৰাজ্য পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, অন্ধ্রপ্রদেশ, মধ্যপ্রদেশ আদি ৰাজ্যকেইখনতো সৰ্বসাধাৰণ কৃষকসকলৰো অৱস্থা একেই । শেহতীয়া বৰ্ষজোৰা কৃষক আন্দোলনো (Farmer's protest in India) তাৰেই বহিঃপ্রকাশ । সেইবোৰ ৰাজ্যত কৃষি কাৰ্যত অধিক মূলধন বিনিয়োগ হোৱাৰ বাবে সেইবোৰ ৰাজ্যৰ কৃষকৰ অৱস্থা অধিক গুৰুতৰ হৈ পৰিছে । আনকি অত্যধিক ঋণৰ বোজাই কৃষকক আত্মহত্যাৰ(Farmers' suicides in India) দৰে পথ লবলৈকো বাধ্য কৰাইছে ।

অসমত কৃষিজাত সামগ্ৰীৰ উৎপাদন উভৈনদী হ'ল যদিও কৃষকসকলে উৎপাদিত শস্যৰ উপযুক্ত মূল্য পোৱাৰ পৰা বঞ্চিত হৈয়েই আছে। ৰবিশস্যৰ বতৰত বিলাহী বিক্রি কৰিব নোৱাৰি ৰাস্তাত পেলাই দিয়া, বন্ধাকবি, ফুলকবি, বেঙেনা বেচিব নোৱাৰি খেতিৰ পথাৰতে গৰু-ছাগলীক খাবলৈ দিয়া অসমৰ কৃষকৰ বাবে স্বাভাৱিক ঘটনাত পৰিণত হৈছে। বাজেটত কেৱল আঁচনি ঘোষণা কৰিলেই কৃষক উপকৃত নহ'ব ।

ৰাষ্ট্ৰীয় কৃষি নীতি তথা উৎপাদন ব্যৱস্থা কৃষকৰ অনুকূলে নোযোৱালৈকে কৃষক তথা দৰিদ্ৰ জনগণৰ অৰ্থনৈতিক বিকাশ সম্ভৱ নহয়। শস্য উৎপাদন বৃদ্ধিৰ ধাৰণাৰ লগত বাণিজ্যিক ধাৰণাটো এৰাই চলিব নোৱাৰাকৈ সাঙোৰ খাই আছে । উল্লেখ্য যে, বিকাশ, সমতা আৰু বহনক্ষমতাৰ লক্ষ্য সমূহ ধ্যানত ৰাখি কৃষি আৰু গ্ৰামাঞ্চলৰ আন্তঃগাঁঠনিৰ ৰূপান্তৰ সাধিবলৈ হ’লে কেন্দ্ৰই ৰাজ্য সমূহৰে সৈতে মিলি কাম কৰিব লাগিব ।

ইফালে, কেন্দ্ৰীয় চৰকাৰৰ ২০২১-২২ বৰ্ষৰ বাজেট সন্দৰ্ভত মতামত আগবঢ়াইছে সদৌ ভাৰত বীমা কৰ্মচাৰী সন্থাৰ প্ৰাক্তন উপসভাপতি তথা জইণ্ট কাউন্সিল অব ট্ৰেড ইউনিয়ন অসমৰ আহ্বায়ক শতঞ্জীৱ দাসে । ই টিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত তেওঁ বাজেটৰ বিভিন্ন দিশ সন্দৰ্ভত আলোকপাত কৰে। তেওঁ কয় কেৱল দেশী-বিদেশী বৃহৎ পুঁজিপতিক কৰ ৰেহাই আৰু অন্যান্য সা-সুবিধা আগবঢ়ালেই অৰ্থনীতিত বিনিয়োগ নাবাঢ়ে ।
বিনিয়োগ বৃদ্ধিৰ অপৰিহাৰ্য চৰ্ত হৈছে বজাৰত চাহিদা বৃদ্ধি। চাহিদা তেতিয়াহে বৃদ্ধি হ'ব পাৰে যেতিয়া কৃষককে ধৰি সাধাৰণ ৰাইজৰ আয় আৰু ক্ৰয় ক্ষমতা বাঢ়ে, তেওঁলোকৰ কৰ্মসংস্থাপন নিশ্চিত হয়। বাজেটত এই দিশত গুৰুত্ব দিব লাগিব । তেওঁ কয় যে জাতীয় পৰিসংখ্যা দপ্তৰৰ তথ্য মতে ২০২০-২১ৰ বিত্তীয় বৰ্ষৰ তুলনাত ব্যক্তিগত ভোগবাবদ ব্যয় প্ৰায় ৩ শতাংশ হাৰত কমিছে। এনে ব্যয় হ্ৰাস পোৱাৰ ফলত বজাৰত চাহিদাৰ সংকট তীব্ৰ হৈছে ।

চাহিদাৰ অভাৱে অৰ্থনীতিত বিনিয়োগকো বিশেষকৈ ব্যক্তিগত খণ্ডৰ বিনিয়োগক মাৰাত্মকভাৱে নিম্নগামী কৰিছে । বিনিয়োগৰ অভাৱে কৰ্ম সংস্থাপনৰ সংকটক গভীৰ কৰি তুলিছে। তেওঁ কয় যে দেশৰ আৰ্থিক বিকাশৰ হাৰ ক'ভিডৰ পূৰ্বৰ পৰাই ধাৰাবাহিকভাৱে নিম্নগামী হৈছে। বৰ্ত্তমান কেন্দ্ৰীয় চৰকাৰে নব্য-উদাৰবাদী আৰ্থিক নীতিক আক্ৰমণাত্মকভাৱে কাৰ্যকৰী কৰিছে। বৃহৎ পুঁজিপতিৰ স্বাৰ্থত নীতি গ্ৰহণ কৰা চৰকাৰখনে ২০২১-২২ত স্বাস্থ্যৰ শিতানত ধন পূৰ্বৰ বছৰতকৈ দহ শতাংশ হ্ৰাস কৰিছিল ।

চৰকাৰী বৈষম্যমূলক নীতিৰ বাবেই আজি দেশৰ জনসংখ্যাৰ আটাইতকৈ ধনী দহ শতাংশই মুঠ আয়ৰ ৫২ শতাংশ আৰু মুঠ সম্পদৰ ৭৬ শতাংশ কুক্ষিগত কৰিছে। ইয়াৰ বিপৰীতে জনসংখ্যাৰ গৰিব ৫০ শতাংশৰ হাতত আছে মুঠ আয়ৰ মাত্র ৮.৫ শতাংশ আৰু মুঠ সম্পদৰ মাত্র দুই শতাংশ। এনে আৰ্থিক বৈষম্যই প্ৰতি চাৰি ছেকেণ্ডত এজন ভাৰতবাসীক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে। সেয়েহে আৰ্থিক নীতিৰ পৰিবৰ্তন আজি জৰুৰী হৈ উঠিছে বুলি তেওঁ কয় ।
লগতে পঢ়ক : মেট্ৰিক-হাইমাদ্ৰাছা পৰীক্ষা সন্দৰ্ভত ছেবাৰ সৈতে আছুৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.