9 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Jun 29, 2022, 9:03 AM IST

top-10-at-9am

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

একনাথ সিন্দেসহ চাৰিজন বিধায়ক কামাখ্যালৈ

পুৱাই কামাখ্যা মন্দিৰত উপস্থিত মহাৰাষ্ট্ৰৰ একাংশ বিসম্বাদী বিধায়ক ৷ কামাখ্যাৰ পৰা পোনে পোনে বৰঝাৰ বিমান বন্দৰলৈ যাব একনাথ সিন্দেসহ বিসম্বাদী বিধায়ককেইগৰাকী ।

দেশৰ নীল অৰ্থনীতিক ত্বৰান্বিত কৰাৰ লক্ষৰে বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ চিন্তন বৈঠক

দেশজুৰি এতিয়া উপকূলীয় আৰু অভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থা ৰে'ল আৰু পথ পৰিবহণৰ পৰিপূৰক হোৱাৰ পথত আগবাঢ়িছে ৷ 2047 চনৰ ভিতৰত ভাৰতৰ সকলো বন্দৰকে বৃহৎ বন্দৰলৈ পৰিগনিত কৰাৰ উদ্দেশ্যে মাষ্টাৰ প্লেনৰ পৰিকল্পনাকেন্দ্ৰীয় চৰকাৰৰ (Master plan to upgrade all ports of India) ৷

বৰপেটাৰোডত আজৱ ঘটনা: অৰিজিনেলে কোবালে ডুপ্লিকেট কিন্নৰক

ৰাজ্যত বৃদ্ধি পাইছে ভুৱা কিন্নৰৰ সংখ্যা (Fake transgender people are on rising) । যাৰ বাবে প্ৰকৃত কিন্নৰ সকলৰ লগতে ভাবুকি আহি পৰিছে জনসাধাৰণৰ ওপৰতো । বিভিন্ন সময়ত ধন দাবী অথবা ধন নিদিলে অসভ্য আচৰণ কৰি এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে ভুৱা কিন্নৰসকলে ।

নৃশংস: মৰাণত পুত্ৰৰ হাতত প্ৰাণ গ'ল মাতৃৰ

মঙলবাৰে মৰাণত চাঞ্চল্যকৰ ঘটনা । কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ'ল মাতৃৰ (Mother killed by son in Moran)। মৰাণৰ ডোমৰ দলং চাহ বাগিচাৰ ৬ নং লাইনত এই হত্যাকাণ্ড সংঘটিত হয় । হত্যাকাৰী পুত্ৰৰ নাম গোপী কিষান । স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি, ঘৰত কোনো কথাৰ বাবে হোৱা বাক বিতণ্ডাক কেন্দ্ৰ কৰি দাৰে মাতৃৰ মূৰত ঘপিয়াই হত্যা কৰে কুলাংগাৰ পুত্ৰই ।

Reliance Jio : জিঅ'ৰ পৰা পদত্যাগ মুকেশ আম্বানিৰ, পুত্ৰ আকাশ নতুন অধ্যক্ষ

ৰিলায়েন্স জিঅ'ৰ পৰিচালন পৰিষদৰ পৰা পদত্যাগ মুকেশ আম্বানিৰ (Mukesh Ambani resigned from Reliance Jio) । ৰিলায়েন্স কোম্পানীৰ টেলিকম শাখা ৰিলায়েন্স জিঅ'ৰ বোৰ্ডৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে দেশৰ শীৰ্ষস্থানীয় তথা বিশ্বৰ আগশাৰীৰ ধন কুবেৰজনে । লগতে কোম্পানীটোৰ শাসনভাৰ অৰ্পণ কৰিছে জ্যেষ্ঠ পুত্ৰ আকাশ আম্বানিৰ হাতত (Reliance Jio handed over to Akash Ambani)।

Maharashtra political update : অতিশীঘ্ৰে বিধানসভাত শক্তি পৰীক্ষাৰ দাবী দেৱেন্দ্ৰ ফাড়নাভিছৰ

এইবাৰ ৰাজ্যপালৰ কাষ পালেগৈ বিজেপি নেতা তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছ (Devendra Fadnavis meets Maharashtra governor) ৷ অতিশীঘ্ৰে বিধানসভাৰ শক্তি পৰীক্ষাৰ বাবে আহ্বান ৰাজ্যপালক ৷

বান পৰিস্থিতি পৰিদৰ্শন কৰি বৰপেটা সত্ৰত সেৱা জনালে মুখ্যমন্ত্ৰীয়ে

বৰপেটা সত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma in Barpeta)৷ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সৈতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৰপেটা সত্ৰত(Barpeta Satra) উপস্থিত হৈ সত্ৰত সেৱা জনায় ৷ বৰষুণৰ মাজতে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই বৰপেটা সত্ৰত সেৱা জনোৱাৰ পাচতে পাটবাউসীলৈ যাত্ৰা কৰে ৷ পাটবাউসীত বানাক্ৰান্তই আশ্ৰয় লোৱা শিবিৰ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে ৷

APSC Chairman : অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ ড৹ অজন্তা নাথ

অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ পদত নিযুক্তি দিয়া হৈছে আয়োগৰ সদস্য ড০ অজন্তা নাথক ৷ বৰ্তমানৰ অধ্যক্ষ ৰাজীৱ বৰাৰ কাৰ্যকাল উকলি যোৱাত ড০ অজন্তা নাথক অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয় ।

Murder in Udaipur : ৰাজস্থানত আগন্তুক 24 ঘন্টাৰ বাবে বন্ধ ইণ্টাৰনেট সেৱা

উদয়পুৰ চহৰত দিন দুপৰতে এজন যুৱকক নিৰ্মমভাৱে হত্যা কৰা হৈছিল । তাৰ পাচত উদয়পুৰত সৃষ্টি হৈছিল এক উত্তেজনাময় পৰিস্থিতি ৷ যাৰ পৰিপ্ৰেক্ষিতত ৰাজস্থান চৰকাৰে ৰাজ্যজুৰি 24 ঘণ্টাৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰাখিবলৈ নিৰ্দেশ (Section 144 imposed in Rajasthan)দিয়াৰ লগতে 30 দিনৰ বাবে সমগ্ৰ জিলাখনতে জাৰি কৰা হৈছে 144 ধাৰা ৷


জোনাইত চিয়াং নদীৰ জলপৃষ্ঠ বৃদ্ধি: শোচনীয় হৈ পৰিছে মানুহ-পশুধনৰ বিলাই-বিপত্তি

জোনাইত বৃদ্ধি পাইছে চিয়াং নদীৰ জলপৃষ্ঠ ৷ পবা বৰ্ষাৰণ্যতো সোমাইছে বাঢ়নী পানী ৷ ফেনে ফুটুকাৰে বাঢ়িছে চিয়াং, লালী, দিখাৰী, ব্ৰহ্মপুত্ৰ ৷ বানত জলমগ্ন হৈ পৰিছে বহু ৰাজহ গাঁও ৷ মানুহৰ লগতে পশুধনৰ বাবে অভাৱ হৈছে খাদ্য-বাসস্থানৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.