সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Sep 26, 2022, 7:01 PM IST

TOP 10 AT 7 PM

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 টা বাতৰি

দেশজুৰি দুৰ্গা পূজাৰ উৎসাহ: 45 গৰাকী কুমাৰীক পূজা কৰা হ'ব কামাখ্যাত

সমগ্ৰ দেশতে এতিয়া দুৰ্গা পূজা আয়োজনক লৈ চলিছে ব্যাপক তৎপৰতা ৷ দেৱী দুৰ্গাৰ আশীষ ল’বলৈ মন্দিৰলৈ আগমণ ঘটিছে ভক্তৰ ৷ ব্যক্তিক্ৰম নহয় নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰ(Kamakhya Devi Temple) ৷ গোটেই ভাৰততে ব্যাপ্ত হৈ থকা মুঠ ৫১খন দেৱীপীঠৰ মাজৰ অন্যতম গুৰুত্বপূৰ্ণ পীঠ হিচাপে পৰিচিত কামাখ্যা মন্দিৰত 15 দিনীয়াকৈ উদযাপন কৰা হয় দুৰ্গা পূজা ৷

মুখ্যমন্ত্ৰী আৰু সদ্ গুৰুৱে কোনো আইন উলংঘা কৰা নাই : এম কে যাদৱ

অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park open for tourist in October) ৷ কাজিৰঙাৰ চিন্তন বৈঠকত উপস্থিত হৈ সাংবাদিকৰ আগত এই মন্তব্য কৰে কৰে ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱে ৷

সংবাদ মাধ্যমেহে কংগ্ৰেছ-AIUDF ক জীয়াই ৰাখিছে: মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

Land Bank ৰ নাম ভূপেন বৰাই শুনাই নাই ৷ AIUDF আৰু কংগ্ৰেছক সংবাদ মাধ্যমেহে জীয়াই ৰাখিছে ৷ কাজিৰঙাত অনুষ্ঠিত চিন্তন শিবিৰত অংশগ্ৰহণ কৰি এনেদৰে মন্তব্য কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে(Minister Ranjeet Kumar Dass) ৷

অসম এৰি শীঘ্ৰে বিহাৰ কেডাৰত যোগদান কৰিব আনন্দ মিশ্ৰই

অসম এৰিব AIGP আনন্দ মিশ্ৰই (AIGP Anand Mishra left Assam) । শীঘ্ৰেই বিহাৰ কেডাৰত কৰিব যোগদান কৰিব তেওঁ ।

হিমাচল প্ৰদেশত ভয়ংকৰ দুৰ্ঘটনা, নিহত 10 জন

হিমাচল প্ৰদেশত ভয়ংকৰ দুৰ্ঘটনা ৷ কুল্লু জিলাত পৰ্যটক কঢ়িয়াই নিয়া এখন বাহনে নিয়ন্ত্ৰণ হেৰুওৱাই পথৰ কাষৰ দ খাৱৈত সোমোৱাত (Tempo fell into gorge in Himachal Pradesh) সাতজনকৈ লোক নিহত হোৱাৰ লগতে 10 জন লোক আহত হয় ৷

চাকৰি নিয়মীয়াকৰণৰ দাবীত বৰপেটাত শক্তি বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ সংবাদমেল

সমগ্ৰ অসমত প্ৰায় পাঁচ হাজাৰ লোকে বিনা বেতন আৰু নিম্ন মজুৰিত অস্থায়ীভাৱে এপিডিচিএলত (APDCL) পোন্ধৰ/বিশ বছৰ ধৰি সেৱা আগবঢ়াই থকা বুলি উল্লেখ কৰে । লগতে তেওঁ এইসকল অস্থায়ী কৰ্মচাৰীৰ চাকৰি অতি সোনকালেই নিয়মীয়াকৰণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ লগতে অসম চৰকাৰ তথা বিভাগীয় মন্ত্ৰীলৈ দাবী উত্থাপন কৰে (Assam power distribution company limited) ।

মুখ ধুই থাকোঁতেই মহিলাক খুকুৰীৰে ডিঙি কাটি হত্যা

কলিয়াবৰৰ বাগৰিত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয় (Murder case in Assam)৷ সোমবাৰে পুৱা প্ৰায় 5 বজাত এগৰাকী মহিলাই শুই উঠি মুখ ধুই থাকোঁতেই 5 দুৰ্বৃত্তই খুকুৰীৰে ডিঙিত ঘপিয়াই হত্যা কৰে (Woman brutally murder at Bagori)৷ নিহত মহিলাগৰাকী মন্টু কুৰুৱাৰ পত্নী অঞ্জনা কুৰুৱা (Crime case in Nagaon)৷

পেট্ৰ’ল বোমা বিস্ফোৰণৰ সন্দেহত ১৮ জনক গ্ৰেপ্তাৰ

যোৱা বৃহস্পতিবাৰে সমগ্ৰ দেশত শতাধিক PFI সদস্যক গ্ৰেপ্তাৰ কৰা হয় । ইয়াৰ পিছতেই কোয়েম্বাটুৰ, মাদুৰাই, ডিণ্ডিগুল, ইৰোড, ৰামনাথপুৰম আৰু কন্যাকুমাৰীত একেৰাহে ৭ টা স্থানত পেট্ৰ'ল বোমা বিস্ফোৰণৰ ঘটনা (petrol bomb attack in Tamil Nadu)সংঘটিত হৈছিল । উক্ত ঘটনা সন্দৰ্ভত ১৮ জন লোকক গ্ৰেপ্তাৰ কৰা (18 arrestedin connection with petrol bomb attack) বুলি বিষয়ে সদৰি কৰিছে আৰক্ষীয়ে ।

Rajasthan political crisis : কংগ্ৰেছ পৰ্যবেক্ষক দিল্লীলৈ উভতাৰ সম্ভাৱনা

গেহলট দলৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে নিৰ্বাচিত হ'লে মুখ্যমন্ত্ৰী পদৰ মুখ্য দাবীদাৰ হিচাপে পৰিগণিত হোৱা শচীন পাইলটে (contender for CM post Sachin Pilot) হাইকমাণ্ডক লগ কৰিবলৈ নতুন দিল্লীলৈ ৰাওনা হৈছে ।

প্ৰাক্তন কংগ্ৰেছ নেতা গোলাম নবী আজাদৰ নতুন দল ঘোষণা

আজাদে কৈছিল যে তেওঁৰ দল ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু যিকোনো প্ৰভাৱৰ পৰা স্বতন্ত্ৰ হ'ব । আজাদে কংগ্ৰেছৰ সৈতে তেওঁৰ সম্পৰ্ক ছিন্ন কৰাৰ এমাহ পিছত নতুন দলটো ঘোষণা কৰে (Ghulam Nabi Azad announces new party) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.