অসমক আগুৱাবলৈ কাজিৰঙাত চৰকাৰৰ চিন্তন শিবিৰ

author img

By

Published : Sep 17, 2022, 12:09 PM IST

অসমক আগুৱাবলৈ কাজিৰঙাত চৰকাৰৰ চিন্তন শিবিৰ

শিবিৰৰ প্ৰস্তুতি সন্দৰ্ভত জনতা ভৱনত অনুষ্ঠিত হৈছে ইখনৰ পিছত সিখনকৈ বৈঠক ৷ মুখ্য়মন্ত্ৰীয়ে নিজেই চকু ৰাখিছে এই শিবিৰ প্ৰস্তুতিপৰ্বৰ ৷ উল্লেখ্য যে তিনিদিনীয়াকৈ চলিবলগীয়া এই চিন্তন শিবিৰত বিভিন্ন ক্ষেত্ৰৰ দেশৰ কেইবাগৰাকীও বিশেষজ্ঞ উপস্থিত থাকিব ৷

নিউজ ডেস্ক, 17 ছেপ্টেম্বৰ: লক্ষ্য- ভাৰতবৰ্ষৰ শীৰ্ষৰ পাচঁখন ৰাজ্যৰ ভিতৰত অসমৰো নাম অন্তৰ্ভুক্ত কৰা (Top five states in India) ৷ কেনেকৈ উন্নত পাঁচখন ৰাজ্য়ৰ ভিতৰত উজলিব অসমৰ নাম ! এই উদ্দেশ্য আগত ৰাখিয়েই এইবাৰ তিনিদিনীয়া এক প্ৰশিক্ষণ ল'বলৈ সাজু হৈছে অসম চৰকাৰৰ প্ৰতিগৰাকী মন্ত্ৰী আৰু শীৰ্ষ আমোলা ৷

"চিন্তন শিবিৰ" শীৰ্ষক এই তিনিদিনীয়া প্ৰশিক্ষণ অহা 24 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব কাজিৰঙাত (Chintan Sibir at Kaziranga) ৷ প্ৰাপ্ত খবৰ অনুসৰি কাজিৰঙাৰ 'বৰগছ' নামৰ ব্যয়বহুল-বিলাসী ৰিজ'ৰ্টখনতে এই চিন্তন শিবিৰ অনুষ্ঠিত হোৱাৰ কথা যদিও শেষ মুহূৰ্তত স্থান সলনিও হ'ব পাৰে ৷ ৰাজ্যৰ নৱ-নিয়ুক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে ব্য়ক্তিগতভাবে তদাৰক কৰি আছে এই চিন্তন শিবিৰৰ (Chief Secretary Paban Kumar Borthakur) ৷

শিবিৰৰ প্ৰস্তুতি সন্দৰ্ভত জনতা ভৱনত অনুষ্ঠিত হৈছে ইখনৰ পিছত সিখনকৈ বৈঠক (Janata Bhavan) ৷ মুখ্য়মন্ত্ৰীয়ে নিজেই চকু ৰাখিছে এই শিবিৰ প্ৰস্তুতিপৰ্বৰ ৷ উল্লেখ্য যে তিনিদিনীয়াকৈ চলিবলগীয়া এই চিন্তন শিবিৰত বিভিন্ন ক্ষেত্ৰৰ দেশৰ কেইবাগৰাকীও বিশেষজ্ঞ উপস্থিত থাকিব আৰু তেওঁলোকৰ পৰা মুখ্য়মন্ত্ৰীকে ধৰি প্ৰতিগৰাকী মন্ত্ৰী, শীৰ্ষ আমোলাই পৰামৰ্শ গ্ৰহণ কৰিব কেনেকৈ পাচঁখন শীৰ্ষ ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰি অসমৰ নাম ৷

লগতে পঢ়ক: জলবায়ু পৰিবৰ্তনৰ নেতিবাচক প্ৰভাৱ: শীৰ্ষত আছে কৰিমগঞ্জ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.