গুৱাহাটীত মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ অৱসান: কোনে আদায় দিলে হোটেলৰ বিল

author img

By

Published : Jun 29, 2022, 7:47 PM IST

The political drama insideHotel Radisson Blue is over Rebel MLAs fly for goa

অৱশেষত গুৱাহাটীত অৱসান পৰিল মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ ৷ বুধবাৰে মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকল বিশেষ চাৰ্টাৰ্ড বিমানেৰে গোৱালৈ যাত্ৰা কৰে (Rebel MLAs fly for goa )। লগতে একনাথ সিন্দেৰ নেতৃত্বৰ শিৱসেনাৰ গোটে অসমৰ বানসাহাৰ্যৰ বাবে মুখ্যমন্ত্ৰীৰ সাহাৰ্য নিধিলৈ 51 লাখ টকা আগবঢ়ায় (Rebel MLAs donates rs 51 lakh towards Assam flood relief) ৷

গুৱাহাটী, 29 জুন: অৱশেষত বুধবাৰে গুৱাহাটীত অৱসান পৰিল মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ (Maharashtra political crisis) । বিগত 20 জুনৰ পৰা গুৱাহাটীৰ ৰেডিশ্বন ব্লু হোটেলত মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলে আশ্ৰয় লোৱাৰ পিছতে অসম তথা গুৱাহাটীত মহাৰাষ্ট্ৰৰ ৰাজনীতি চৰ্চিত হৈ পৰিছিল (The political drama inside Hotel Radisson Blue is over ) ।

বুধবাৰে দিনত কামাখ্যা মন্দিৰত মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলে পূজা অৰ্চনা কৰি কামাখ্যা দেৱীৰ আশীষ গ্ৰহণ কৰে (Rebel MLAs visiting Kamakhya Temple) ৷ তাৰ পিছতে বিশেষ চাৰ্টাৰ্ড বিমানেৰে গোৱালৈ যাত্ৰা কৰে (Rebel MLAs fly for goa )।

গোৱাৰ হোটেল তাজত নিশা কটাই বিধায়কসকল গোৱাৰ পৰা বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ বিধানসভাত আস্থা ভোটৰ বাবে মুম্বাইলৈ যাব । বিগত এসপ্তাহ ধৰি শিৱসেনাৰ বিসস্বাদী নেতা তথা বিধায়ক একনাথ সিন্দেসহ (Rebel leader Eknath Shinde) 48 জন বিধায়কে ৰেডিচন ব্লুত (Hotel Radisson Blue) বাহৰ পাতি আছিল । ইয়াৰে শিৱসেনাৰ 39 (Shivsena rebel MLAs) আৰু শিৱসেনা সমৰ্থিত 9 জন নিৰ্দলীয় বিধায়ক ।

উল্লেখ্য যে, বিগত 20 জুনত চুৰাটৰ পৰা একনাথ সিন্দেৰ লগত অহা 34 গৰাকী বিধায়কক অসমৰ মন্ত্ৰী পীযুষ হাজৰিকা, সাংসদ পল্লৱলোচন দাস, বিজেপি বিধায়ক সুশান্ত বৰগোঁহায়ে গুৱাহাটীৰ ৰেডিশ্বন ব্লু হোটেললৈ আদৰি আনিছিল । তাৰপিছত গুৱাহাটীৰ ৰেডিশ্বন ব্লু হোটেললৈ বিগত 27 জুনলৈ বিসম্বাদী বিধায়কসকলৰ সোঁত বৈ আছিল ।

লগতে পঢ়ক: Bihar politics : এইবাৰ বিহাৰতো বিসম্বাদৰ উকমুকনি

বিগত কেইদিনত বিসম্বাদী বিধায়কসকলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ মন্ত্ৰী পীযুষ হাজৰিকা, অশোক সিংহল, জয়ন্তমল্ল বৰুৱা , সাংসদ পল্লৱলোচন দাসে সময়ে সময়ে সংগ দিছিল । মাজতে দুদিন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিসম্বাদী বিধায়কসকলৰ খবৰ ল’বলৈ ৰেডিশ্বন ব্লু হোটেললৈ আহিছিল ।

এদিন নিশা ৰেডিশ্বন ব্লু হোটেলৰ কাষত থকা ভাৰ্গৱ হোটেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাৰিজন বিসম্বাদী বিধায়কসকলৰ লগত গোপন বৈঠকত মিলিত হৈছিল । বুধবাৰে বিসম্বাদী বিধায়কসকলৰ কামাখ্যা মন্দিৰ যাত্ৰাত মন্ত্ৰী পীযুষ হাজৰিকা আৰু সাংসদ পল্লৱলোচন দাসে সংগ দিছিল । মন্ত্রী পীযুষ হাজৰিকা আৰু সাংসদ পল্লৱলোচন দাসে বিসম্বাদী বিধায়কসকলক শেষত বৰঝাৰ বিমান কোঠত বিদায় জনায় (Rebel MLAs left Guwahati today) ৷

ইপিনে বিসম্বাদী বিধায়কসকলৰ হোটেলৰ ভাৰা সন্দৰ্ভত ৰেডিশ্বন ব্লু হোটেলৰ জেষ্ঠ প্ৰৱন্ধকক সোধা প্ৰশ্নৰ উত্তৰ তেওঁ বিসম্বাদী বিধায়কসকলৰ হোটেলৰ ভাৰা কোনে আদায় কৰিছে ক’বলৈ অপৰাগতা প্ৰকাশ কৰে । মাত্ৰ তেওঁ জনায় যে, বিসম্বাদী বিধায়কসকলৰ হোটেলৰ ভাৰা অনলাইন আৰু অফলাইন পদ্ধতি আদায় কৰা হৈছে ৷

আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে, বিধায়কসকলে নিজে হোটেলৰ ভাৰা আদায় দি হোটেলৰ পৰা বিদায় লৈছে ৷ একনাথ সিন্দেৰ নেতৃত্বৰ শিৱসেনাৰ গোটে অসমৰ বানসাহাৰ্যৰ বাবে মুখ্যমন্ত্ৰীৰ সাহাৰ্য নিধিলৈ 51 লাখ টকা আগবঢ়ায় (Rebel MLAs donates rs 51 lakh towards Assam flood relief) । এই কথা একনাথ সিন্দেই টুইটাৰযোগে অৱগত কৰিছে ।

লগতে পঢ়ক: Bye Bye Guwahati : এসপ্তাহৰ অন্তত গুৱাহাটী এৰি গ’লগৈ একনাথ সিন্দেৰ বিসম্বাদী গোট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.