সকলাে জিলাতে টেট পৰীক্ষা কেন্দ্র স্থাপনৰ দাবী বিৰোধী দলপতিৰ

author img

By

Published : Sep 17, 2021, 7:44 PM IST

বৈষম্যতা পৰিহাৰ কৰি সকলাে জিলাতে টেট পৰীক্ষা কেন্দ্র স্থাপনৰ দাবী বিৰোধী দলপতিৰ

‘‘টেট পৰীক্ষাৰ পৰা ৰাজ্যৰ সাতখন জিলাক এলাগী কৰাটো অত্যন্ত দুর্ভাগ্যজনক। মুখ্যমন্ত্ৰীয়ে ক'ভিডৰ বাবে এই কেইখন জিলাত পৰীক্ষা কেন্দ্ৰ স্থাপন নকৰাটো যুক্তিসংগত হোৱা নাই আৰু এয়া ৰাজনৈতিক স্বার্থজনিত যেনহে অনুমান হয় । ৰাজ্যিক বিজেপিৰ পূৰ্বৰ সভাপতি ৰঞ্জিত দাসে বাঘবৰ, জনীয়া বা নামনি অসমৰ কিছুমান অঞ্চললৈ গ’লে পাকিস্তানলৈ যোৱা যেন লাগে বুলি আৰু মুখ্যমন্ত্ৰীয়ে নামনি অসমৰ কিছুমান ঠাইলৈ গ’লে মন বেয়া লাগে বুলি ৰাজহুৱাকৈ মন্তব্য কৰিছিল ।’’ দেৱব্ৰত শইকীয়া ৷

গুৱাহাটী, ১৭ ছেপ্তেম্বৰ : ৰাজ্যৰ সাতখন জিলাক বাদ দি ২৭ খন জিলাত টেট পৰীক্ষা অনুষ্ঠিত কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই । শিক্ষা বিভাগে শিক্ষক নিযুক্তিৰ বাবে ৰাজ্যত টেট পৰীক্ষা অনুষ্ঠিত কৰাকলৈ চৰকাৰক ধন্যবাদ জনোৱাৰ বিপৰীতে এই পৰীক্ষাৰ পৰা ৰাজ্যৰ সাতখন জিলাক এলাগী কৰাটো অত্যন্ত দুর্ভাগ্যজনক বুলি তেওঁ উল্লেখ কৰে ।

বৈষম্যতা পৰিহাৰ কৰি সকলাে জিলাতে টেট পৰীক্ষা কেন্দ্র স্থাপনৰ দাবী বিৰোধী দলপতিৰ

তেওঁ কয়, অসমৰ ২৭খন জিলাত টেট পৰীক্ষাৰ কেন্দ্ৰ দিয়া হৈছে যদিও বজালী, বৰপেটা, গোৱালপাৰা, ধুবুৰী, দক্ষিণ শালমৰা মানকাচৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত টেট পৰীক্ষাৰ কেন্দ্ৰ দিয়া হোৱা নাই ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাই বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে অন্য কথা নহয় একমাত্ৰ এই কেইখন জিলাত ক'ভিড আক্ৰান্তৰ হাৰ বেছি থকাৰ বাবেই টেট পৰীক্ষাৰ কেন্দ্ৰ দিয়া হোৱা নাই । ক'ভিড আক্ৰান্তৰ সংখ্যা কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ৬ হাজাৰ । তালিকাৰ দ্বিতীয় স্থানত ডিব্ৰুগড় ১৫০০, একেদৰে নগাঁও জিলাত প্ৰায় ১৪০০ আৰু তিনিচুকীয়াত ১৫০০ তকৈ অধিক লোক ক'ভিডত আক্ৰান্ত হৈ আছে ।

লগতে পঢ়কঃ প্ৰধানমন্ত্ৰীৰ জন্মদিনক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান মন্ত্ৰী পীযুষ হাজৰিকাৰ

তাৰ পৰিৱৰ্তে গোৱালপাৰাত মাত্ৰ ৯০ জন, ধুবুৰীত ৫০৭ জন, দক্ষিণ শালমৰা মানকাচাৰত মাত্ৰ ৪ জন, কৰিমগঞ্জত ৬২ জন বুলি চৰকাৰী তথ্যতে উল্লেখ আছে । তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ক'ভিডৰ বাবে এই কেইখন জিলাত পৰীক্ষা কেন্দ্ৰ স্থাপন নকৰাটো যুক্তিসংগত হোৱা নাই আৰু এয়া ৰাজনৈতিক স্বার্থজনিত যেনহে অনুমান হয় বুলি মত ব্যক্ত কৰে বিৰোধী দলপতিগৰাকীয়ে ।

তেওঁ লগতে কয় যে, ৰাজ্যিক বিজেপিৰ পূৰ্বৰ সভাপতি ৰঞ্জিত দাসে বাঘবৰ, জনীয়া বা নামনি অসমৰ কিছুমান অঞ্চললৈ গ’লে পাকিস্তানলৈ যোৱা যেন লাগে বুলি আৰু মুখ্যমন্ত্ৰীয়ে নামনি অসমৰ কিছুমান ঠাইলৈ গ’লে মন বেয়া লাগে বুলি ৰাজহুৱাকৈ মন্তব্য কৰিছিল । বর্তমান এই সাতখন জিলাত টেট পৰীক্ষা অনুষ্ঠিত নকৰাৰ লগত তেওঁলোকৰ পাকিস্তান যোৱাৰ অনুভৱ আৰু মন বেয়া লগাৰ অনুভৱৰ সম্বন্ধ আছে যেন ভাৱ হয় ।

অতি শীঘ্ৰেই অসমৰ প্ৰত্যেকখন জিলাতে টেট পৰীক্ষা কেন্দ্ৰ স্থাপনৰ যোগেদি হাজাৰ হাজাৰ যুৱক-যুৱতীক পৰীক্ষা দিয়াৰ সুবিধা প্ৰদান কৰিবলৈ দাবী জনায় দেৱব্ৰত শইকীয়াই । ইতিমধ্যে এই ঘটনাক লৈ জিলা কেইখনত প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে সাধাৰণ লোকৰ লগতে বিভিন্ন দল-সংগঠনক ৷

লগতে পঢ়কঃ দুৰ্গা পূজাৰ SOP সন্দৰ্ভত প্ৰতিক্ৰিয়া কণ্ঠশিল্পী দীপলীনা ডেকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.