চৰ-চাপৰিৰ লোকৰ বাবে OBC ৰ মৰ্যদা : সাংসদ আব্দুল খালেকৰ প্ৰস্তাৱ প্ৰত্যাখ্যান মুখ্যমন্ত্রীৰ

author img

By

Published : Sep 21, 2021, 7:17 PM IST

চৰ-চাপৰিৰ লোকৰ বাবে OBC ৰ মৰ্যদা বিছৰা সাংসদ আব্দুল খালেকৰ প্ৰস্তাৱ প্ৰত্যাখ্যান মুখ্যমন্ত্রীৰ

চৰ-চাপৰিৰ লোকসকলক OBC ৰ স্বীকৃতি প্ৰদানৰ দাবী তুলিছিল সাংসদ আব্দুল খালেকে । কিন্তু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ‘‘rejected thoroughly in hundred percent’’.

গুৱাহাটী, ২১ ছেপ্তেম্বৰ : চৰ-চাপৰিত বসবাস কৰি অহা লোক সকলক অন্যান্য পিছপৰা শ্ৰেণী (অ' বি চি) ত অন্তৰ্ভুক্ত কৰাৰ বাবে সাংসদ আব্দুল খালেকে উত্থাপন কৰা দাবী প্ৰত্যক্ষভাৱে নাকচ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

চৰ-চাপৰিৰ লোকৰ বাবে OBC ৰ মৰ্যদা বিছৰা সাংসদ আব্দুল খালেকৰ প্ৰস্তাৱ প্ৰত্যাখ্যান মুখ্যমন্ত্রীৰ

মঙলবাৰে সাংসদগৰাকীৰ দাবীৰ প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিশেষ একো ব্যাখ্যা আগ নবঢ়াই কয়, ‘‘তেওঁৰ প্ৰস্তাৱটো মই প্ৰত্যাখ্যান কৰিছো । ৰিজেকটেড থ্ৰ'লি ইন হাণ্ড্ৰেড পাৰ্চেণ্ট (rejected thoroughly in hundred percent)।’’

উল্লেখযোগ্য যে, চৰ-চাপৰিৰ লোকৰ OBC ৰ স্বীকৃতি বিচাৰি বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে বিগত ১৭ আগষ্টত কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী ডাঃ বীৰেন্দ্ৰ কুমাৰলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল ।

লগতে পঢ়ক: চৰ-চাপৰিৰ লোকৰ বাবে লাগে OBC ৰ স্বীকৃতি

য’ত অসমৰ চৰ চাপৰি সমূহত বসবাস কৰি অহা লোকসকলৰ দুৰ্দশাপূৰ্ণ জীৱনৰ এক আভাস দাঙি ধৰি তেওঁলোকক অন্যান্য পিছপৰা শ্ৰেণীৰ লোকৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ অনুৰোধ জনোৱা হৈছিল ।

ইতিমধ্যে সাংসদ গৰাকীৰ এই পত্ৰ প্ৰাপ্তি স্বীকাৰো কৰিছে বিভাগীয় মন্ত্ৰীগৰাকীয়ে । সাংসদ খালেকলৈ দিয়া এখন পত্ৰত মন্ত্ৰী ডাঃ বীৰেন্দ্ৰ কুমাৰে উল্লেখ কৰিছে যে, বিষয়টো বিবেচনাৰ বাবে ইতিমধ্যে বিভাগীয় মন্ত্ৰণালয়লৈ প্ৰেৰণ কৰা হৈছে । ইফালে সাংসদগৰাকীয়ে বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ প্ৰত্ৰ প্ৰেৰণ কৰিছিল । কিন্তু মুখ্যমন্ত্ৰীয়ে প্ৰত্যক্ষভাৱে সাংসদগৰাকীৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে।

লগতে পঢ়কঃ মাটিৰ দালালৰ পৰা তথ্য পালে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰে চৰকাৰী বিষয়াক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.