Assam State Disaster Management Plan 2022 Draft: ৰাইজৰ পৰামৰ্শৰ বাবে মুকলি খচৰা

author img

By

Published : Aug 4, 2022, 8:15 PM IST

Jogen Mohan opening Assam State Disaster Management Plan 2022

অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা পৰিকল্পনা ২০২২ৰ খচৰা(Assam State Disaster Management Plan 2022 Draft) বৃহস্পতিবাৰে জনতা ভৱনত ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগ তথা ৰাজহ বিভাগৰ মন্ত্ৰী যোগেন মহনে মুকলি কৰে । এই নতুন পৰিকল্পনা দুটা ভাগত ভাগ কৰি এই খচৰা পৰিকল্পনা প্ৰস্তুত কৰা হৈছে । ৰাইজৰ মতামতৰ বাবে www.asdma.assam.gov.in আপলোড কৰা হৈছে। ৰাইজৰ মতামতৰ বাবে ১৫ দিনৰ সময় সীমা নিৰ্দ্ধাৰণ কৰা হৈছে ।

গুৱাহাটী, 4 আগষ্ট : অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা পৰিকল্পনা ২০২২ৰ খচৰা(Assam State Disaster Management Plan 2022 Draft) বৃহস্পতিবাৰে জনতা ভৱনত ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগ তথা ৰাজহ বিভাগৰ মন্ত্ৰী যোগেন মহনে মুকলি কৰে(Assam State Disaster Management Plan 2022 Draft) । এই নতুন পৰিকল্পনা মুকলি কৰি মন্ত্ৰী যোগেন মহনে(Ministers Jogen Mahan) কয় যে দুটা ভাগত ভাগ কৰি এই খচৰা পৰিকল্পনা প্ৰস্তুত কৰা হৈছে । এ এছ ডি এম পি(ASDMP)ৰ প্ৰথম আৰু দ্বিতীয় খণ্ডৰ খচৰা এ এছ ডি এম এ (ASDMA)ৰ ৱেবছাইটত (www.asdma.assam.gov.in) আপলোড কৰা হৈছে । ইয়াৰ ওপৰত ৰাইজৰ মতামতৰ বাবে ১৫ দিনৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে যাতে সকলোৰে পৰামৰ্শমতে পৰিকল্পনাখন ভালকৈ নিৰ্ধাৰণ কৰিব পৰা যায় ।

মন্ত্ৰী যোগেন মহন

ৰাইজে asdmaghy@gmail.com জৰিয়তে নিজৰ মতামত আৰু পৰামৰ্শ দিব পাৰিব । তেওঁ আৰু কয় যে খচৰা পৰিকল্পনাখন কিছুমান নীতি-আইনৰ ওপৰত ভিত্তি কৰি সংশোধন কৰা হৈছে ৷ উদাহৰণস্বৰূপে, দুর্যোগ ব্যৱস্থাপনা আইন ২০০৫, ৰাষ্ট্ৰীয় দুর্যোগ ব্যৱস্থাপনা নীতি (NPDM-2009), দুৰ্যোগৰ বিপদাশংকা প্রশমন ২০১৬ৰ বাবে প্রধানমন্ত্ৰীৰ ১০ নং দফা কাৰ্যসূচী, ৰাষ্ট্ৰীয় দুর্যোগ ব্যৱস্থাপনা পৰিকল্পনা (NDMP) ২০১৯, অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা নীতি-২০১০, অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা মেনুৱেল ২০১৫, জলবায়ু পৰিৱৰ্তনৰ ওপৰত অসম ৰাজ্যিক কার্য পৰিকল্পনা (এছ এ পি চি চি) (২০১৫-২০৩০) আৰু অসম এজেণ্ডা ২০৩০ (SDGs) ।

এই পৰিকল্পনাটোৱে মূলতঃ ৰাষ্ট্ৰীয় দুর্যোগ ব্যৱস্থাপনা পৰিকল্পনাৰ (NDMP-2019) পৰিকাঠামো আৰু আৰ্হি অনুসৰণ কৰিছে য’ত ৰাজ্যিক পৰ্যায়ৰ প্ৰয়োজনীয়তাৰ সৈতে খাপ খুৱাই লোৱাৰ বাবে কিছু পৰিৱৰ্তনো ইয়াত অন্তৰ্ভুক্ত আছে । ২৬ টা গুৰুত্বপূৰ্ণ চৰকাৰী বিভাগৰ সৈতে পৰামৰ্শ বৈঠক কৰি এই খচৰা পৰিকল্পনাখন প্ৰস্তুত কৰা হৈছে । পৰিকল্পনাখন প্ৰস্তুত কৰোতে চাৰিবছৰ সময়ৰ প্ৰয়োজন হৈছে । এ এছ ডি এম পি (ASDMP) ২০২২ ত দুটা খণ্ড সংযোজিত হৈ আছে । প্ৰথমটো খণ্ড হৈছে 'দৃষ্টিমূলক পৰিকল্পনা', য'ত অসমৰ দুর্যোগ বিপদাশংকা প্রশমন প্রসংগ, সমস্যা আৰু প্ৰত্যাহ্বানৰ কথা বিবেচনা কৰি বিভিন্ন নির্দেশনামূলক নীতি, দৃষ্টিভংগী আৰু ৰণনীতি নিৰ্ধাৰণ কৰা হৈছে ।

ইয়াৰ পৰিপ্ৰেক্ষিতত পৰিকল্পনাখনত দুৰ্যোগ বিপদাশংকা হ্রাস(ডি আৰ আৰ), প্রশমন, প্রস্তুতি, স্থিতিস্থাপকতা নির্মাণ, পুনসংস্থাপন আৰু পুননিৰ্মাণকে ধৰি দুর্যোগ বিপদাশংকা ব্যৱস্থাপনাৰ বিভিন্ন দিশ সামৰি পৰ্যায়ক্রমে ১৩টা অধ্যায় অন্তর্ভুক্ত কৰা হৈছে । দৃষ্টিমূলক পৰিকল্পনাৰ আনবোৰ উপাদান হৈছে ক্ষমতা বিকাশ, বিত্তীয় ব্যৱস্থা,পুঁজিৰ উৎস আৰু আন্তর্জাতিক, আঞ্চলিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ সহযোগিতা আদি । এই পৰিকল্পনাৰ জৰিয়তে দুর্যোগ বিপদাশংকা প্রশমন (DRR)ক উন্নয়নৰ মূলসুঁতিত অন্তর্ভুক্ত কৰা, স্থিতিস্থাপকতা, সামাজিকভাৱে শক্তিশালী কৰা, চিৰাচৰিত বিষয় হিচাপে পৰিচিত কৰা আদিসমূহৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে । দ্বিতীয়টো খণ্ড হৈছে 'কৌশলগত কার্য পৰিকল্পনা' য'ত পৰিকল্পনাখনৰ ৰূপায়নৰ দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৩টা অধ্যায় অন্তর্ভুক্ত কৰা হৈছে ।

লগতে পঢ়ক : গুৱাহাটীৰ 2000 পৰিয়ালক ভূমিৰ অধিকাৰ দিয়া হ'ব: মন্ত্ৰী যোগেন মহনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.