অসম টেবুল টেনিছ সন্থাৰ সভাপতিৰ পদত মন্ত্রী পীযুষ হাজৰিকা

author img

By

Published : Sep 12, 2021, 7:27 AM IST

minister pijush hazarika appointed as president of assam table tennis association

জলসম্পদ আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ অসম টেবুল টেনিছ সন্থাৰ সভাপতিৰ দায়িত্ব লাভ ৷ ৱেবিনাৰৰ জৰিয়তে অনুষ্ঠিত হোৱা টেবুল টেনিছ সন্থাৰ বিশেষ সাধাৰণ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

গুৱাহাটী, 12 ছেপ্তেম্বৰ : অসম টেবুল টেনিছ সন্থাৰ সভাপতিৰ দায়িত্ব প্ৰদান কৰা হৈছে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাক । অসম অলিম্পিক সন্থাৰ উপ-সভাপতিৰ দায়িত্বত থকা পীযুষ হাজৰিকাই শনিবাৰে অসম টেবুল টেনিছ সন্থাৰ মুৰব্বীৰ দায়িত্ব গ্ৰহণ কৰে । বিজেপিৰ যুৱ নেতা মৃগাংক বৰ্মনৰ পদত্যাগৰ পিছত খালী হৈ আছিল অসম টেবুল টেনিছ সন্থাৰ সভাপতি পদটো ।

minister pijush hazarika appointed as president of assam table tennis association
মন্ত্রী পীযুষ হাজৰিকা অসম টেবুল টেনিছ সন্থাৰ সভাপতি ৰূপে নিৰ্বাচিত

শনিবাৰে অসম টেবুল টেনিছ সন্থাৰ বিষয়ববীয়াই আদৰণি জনাই মন্ত্ৰী পীযুষ হাজৰিকাক । ৱেবিনাৰৰ জৰিয়তে অনুষ্ঠিত হয় টেবুল টেনিছ সন্থাৰ বিশেষ সাধাৰণ সভাখন । এই সভাত ভাৰতীয় টেবুল টেনিছ ফেডাৰেচনৰ পৰ্যবেক্ষক উপস্থিত আছিল । ৱেবিনাৰখনত সভাপতিত্ব কৰে সন্থাৰ উপ-সভাপতি মুনীন নবিশে । সভাত উপস্থিত আছিল সাধাৰণ সম্পাদক ত্ৰিদীপ দুৱৰা ।

minister pijush hazarika appointed as president of assam table tennis association
মন্ত্রী পীযুষ হাজৰিকা অসম টেবুল টেনিছ সন্থাৰ সভাপতি ৰূপে নিৰ্বাচিত

জলসম্পদ আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই অসম টেবুল টেনিছ সন্থাৰ সভাপতিৰ দায়িত্ব লাভ কৰি বিশেষভাৱে আনন্দিত প্ৰকাশ কৰে । মন্ত্ৰীগৰাকীয়ে সভাপতিৰ দায়িত্ব লাভৰ পিছত দিয়া ভাষণত ভৱিষ্যতে অসমত টেবুল টেনিছক আগবঢ়াই লৈ যোৱাৰ কথা ব্যক্ত কৰে । অসম টেবুল টেনিছ সন্থাৰ সাধাৰণ সম্পাদক ত্ৰিদীপ দুৱৰাই মন্ত্ৰী পীযুষ হাজৰিকাক সন্থালৈ আদৰণি জনায় ।

লগতে পঢ়ক : আয়ুর্বেদিক মহাবিদ্যালয়ৰ কেন্দ্ৰীয় অনুদান ৯ কোটিৰ পৰা ৭০ কোটি টকালৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.