গুৱাহাটীত ড৹ শৰ্মা-ৰিঅ'ৰ বৈঠক: শান্তি চুক্তি প্ৰসংগত কাইলৈ আলোচনা অমিত শ্বাহৰে

author img

By

Published : Sep 8, 2022, 12:28 PM IST

Etv Bhaগুৱাহাটীত ড৹ শৰ্মা-ৰিঅ'ৰ বৈঠকrat

গুৱাহাটীত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এক আলোচনাত মিলিত হয় নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ' সমন্বিতে ক'ৰ কমিটিৰ সদস্য সকল ৷ সেই বৈঠকত ভাগ লৈ উঠিয়েই ৰিঅ' আৰু ক'ৰ কমিটিৰ সদস্যসকল কালি সন্ধিয়াই গুৱাহাটীৰ পৰা উৰা মাৰে দিল্লী অভিমুখে ৷ 9 ছেপ্টেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে দিল্লীত এক বৈঠকত মিলিত হ'ব নেফিউ ৰিঅ' আৰু ক'ৰ কমিটিৰ সদস্যসকল ৷

নিউজ ডেস্ক, 8 ছেপ্টেম্বৰ: সুদীৰ্ঘ সময়জুৰি গেঠেলা মাৰি ৰোৱা নগা শান্তি আলোচনাই পুনৰ নতুন গতি পোৱাৰ পথত (Naga Peace Accord) ৷ কাইলৈ অৰ্থাৎ 9 ছেপ্টেম্বৰত এই প্ৰক্ৰিয়াক পুনৰ ত্বৰাম্বিত কৰাৰ লক্ষৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ (Home Minister Amit Shah) সৈতে আলোচনাত মিলিত হ'ব নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ' (Nagaland CM Neiphiu Rio) সমন্বিতে নাগালেণ্ড চৰকাৰৰ এটা ক'ৰ টীম ৷

উল্লেখ্য যে 2015 চনতে কেন্দ্ৰীয় চৰকাৰে নাগা শান্তি আলোচনাৰ প্ৰাৰম্ভিক পদক্ষেপ হিচাপে এন এছ চি এন (আই এম)ৰ সৈতে এক ফ্ৰেমৱৰ্ক অৱ এগ্ৰিমেন্ট স্বাক্ষৰ কৰিছিল ৷ কিন্তু পৰৱৰ্তী সময়ত এন এছ চি এন (আই এম) (NSCN IM)এ নাগালেণ্ডৰ বাবে সুকীয়া পতাকাৰ দাবী তোলাত সমগ্ৰ প্ৰক্ৰিয়াটোৱেই একপ্ৰকাৰ স্থবিৰ হৈ পৰে ৷

কিয়নো, কেন্দ্ৰীয় চৰকাৰে এন এছ চি এন (আই এম)ক স্পষ্টকৈ জনাই দিয়ে যে নাগালেণ্ডৰ বাবে সুকীয়াকৈ এখন পতাকাক স্বীকৃতি দিয়াটো অসম্ভৱ (Separate flag for Nagaland) ৷ তাৰ পৰিবৰ্তে কেন্দ্ৰীয় চৰকাৰে এখন সুকীয়া পতাকাক স্বীকৃতি দিবলৈ সন্মত হয়, যিখন নগা জাতিয়ে কেৱল সাংস্কৃতিক ক্ষেত্ৰতহে ব্যৱহাৰ কৰিব পাৰিব ৷ কিন্তু কেন্দ্ৰীয় চৰকাৰৰ এনে প্ৰস্তাৱক একেআষাৰে নস্যাৎ কৰে এন এছ চি এন (আই এম)এ ৷ তেতিয়াৰে পৰা একপ্ৰকাৰ স্থবিৰ হৈ পৰে নগা শান্তি আলোচনা ৷

ইয়াৰ পিছতেই পতাকাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এই জটিলতা দুৰ কৰি বিষয়টো আগুৱাই নিবলৈ কেন্দ্ৰীয় চৰকাৰে বিশেষভাবে দায়িত্ব দিয়ে অসমৰ মুখ্যমন্ত্ৰী তথা 'নেডা'ৰ আহ্বায়ক ড৹ হিমন্ত বিশ্ব শৰ্মাক (Assam CM Himanta Biswa Sarma) ৷ ইয়াৰে অংশস্বৰূপে বুধবাৰে অৰ্থাৎ কালি গুৱাহাটীত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এক আলোচনাত মিলিত হয় নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ' সমন্বিতে ক'ৰ কমিটিৰ সদস্য সকল ৷

সেই বৈঠকত ভাগ লৈ উঠিয়েই ৰিঅ' আৰু ক'ৰ কমিটিৰ সদস্যসকল কালি সন্ধিয়াই গুৱাহাটীৰ পৰা উৰা মাৰে দিল্লী অভিমুখে ৷ প্ৰাপ্ত খবৰ অনুসৰি পতাকাকেন্দ্ৰিক জটিলতা আতৰাই এন এছ চি এন (আই এম)ৰ সৈতে শান্তি আলোচনাৰ প্ৰক্ৰিয়াক পুনৰ কিদৰে নতুন গতি দিব পাৰি সেই বিষয়ে কাইলৈ অৰ্থাৎ 9 ছেপ্টেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে দিল্লীত এক বৈঠকত মিলিত হ'ব নেফিউ ৰিঅ' আৰু ক'ৰ কমিটিৰ সদস্যসকল ৷

লগতে পঢ়ক: Naga Peace Talks : এন এছ চি এন-আৰ এছ এছৰ সংঘাত নগা সমস্যা সমাধানত হেঙাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.