মে'ৰ পৰা পাণ্ডুত আৰম্ভ হ'ব জাহাজ মেৰামতিৰ কাম : কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

author img

By

Published : Dec 28, 2021, 10:26 AM IST

minister-sarbananda-sonowal-said-that-construction-of-pandu-ghats-ship-centre-will-start-from-may-2022

শীঘ্ৰে আৰম্ভ হ'ব পাণ্ডুৰ জাহাজঘাটত নির্মাণ হ'বলগীয়া জাহাজ কেন্দ্ৰৰ নিৰ্মাণৰ কাম (Construction of Pandu Ghat's Ship Centre will start) ৷ সোমবাৰে পাণ্ডুৰ জাহাজঘাটত উপস্থিত থাকি (Union Minister Sarbananda Sonowal at Pandu Ghat) কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল সদৰী কৰে এই কথা ৷

গুৱাহাটী, 28 ডিচেম্বৰ : সোমবাৰে গুৱাহাটীৰ পাণ্ডু জাহাজঘাটত ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ বিভিন্ন কাম-কাজৰ পৰ্যালোচনা কৰিবলৈ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ এই বৈঠকত উপস্থিত থাকে বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Union Minister Sarbananda Sonowal at Pandu Ghat) ৷

এই বৈঠকত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে প্ৰাধিকৰণৰ অধীনত অসম তথা উত্তৰ-পূৱত ৰূপায়ণ হ'বলগীয়া আৰু ৰূপায়ণ হৈ থকা বিভিন্ন কামৰ বুজ লয় ৷ তদুপৰি পাণ্ডু জাহাজঘাটত নির্মাণ হ'বলগীয়া জাহাজ নির্মাণ কেন্দ্ৰৰ কাৰিকৰী আৰু অন্যান্য বিভিন্ন দিশৰো বুজ লয় মন্ত্ৰী সোণোৱালে ৷

minister-sarbananda-sonowal-said-that-construction-of-pandu-ghats-ship-centre-will-start-from-may-2022
পাণ্ডুৰ জাহাজঘাটত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয় যে, ইংৰাজ শাসনকালত বৰ্তমানৰ ভাৰত-বাংলাদেশ প্ৰট'কল ৰুট হিচাপে পৰিগণিত হোৱা জলপথৰ যথেষ্ট গুৰুত্ব আছিল । লাহে লাহে সেই গুৰুত্ব ভালেখিনি লাঘৱ হোৱাত থলুৱা কৃষকৰ দ্বাৰা উৎপাদিত কৃষি সামগ্ৰীৰ উপযুক্ত বজাৰকৰণ, আমদানি-ৰপ্তানি আদি প্ৰক্ৰিয়া লেহেমীয়া হৈ পৰিছিল ৷ পৰৱৰ্তী সময়ত এক ইষ্ট প’লিচী"ৰ পৰিপ্ৰেক্ষিতত এতিয়া ভাৰত-বাংলাদেশ প্ৰট'কল জলপথে পুনৰ প্ৰাণ পাই উঠিছে ৷

সম্প্ৰতি এই জলপথক উন্নতকৰণ কৰাৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৷ যাৰ ফলত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কৃষক ৰাইজ আৰু থলুৱা উদ্যমীসকল যথেষ্ট উপকৃত হ'বলৈ ধৰিছে ৷

ইয়াৰোপৰি সোমবাৰে অনুষ্ঠিত হোৱা এই বৈঠকত উপস্থিত থাকি অসমৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ, বৰাক, ধনশিৰি আদি সম্পর্কীয় নদীসমূহৰ আন্তঃগাঁথনি উন্নত কৰাৰ ক্ষেত্ৰত বিশেষ অগ্ৰাধিকাৰ দিবলৈ জলসম্পদৰ বিষয়-ববীয়াসকলক কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নির্দশ দিয়ে ।

উত্তৰ-পূৱৰ বিভিন্ন স্থানত কাৰ্গো তথা টুৰিষ্ট জেব্ৰী আৰু টাৰ্মিনেলৰ উন্নীতকৰণ, জলপথৰ খনন আদি কামবোৰো খৰতকীয়া কৰিবলৈও বিষয়-ববীয়াক নিৰ্দেশ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

উল্লেখ্য যে, 2022 চনৰ মে'ৰ পৰা পাণ্ডুৰ জাহাজঘাটৰ জাহাজ কেন্দ্ৰৰ নিৰ্মাণৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব (Construction of Pandu Ghat's Ship Centre will start) ৷ এই জাহাজ কেন্দ্ৰৰ নিৰ্মাণ কাৰ্য প্ৰায় দুবছৰৰ ভিতৰত সম্পূর্ণ কৰা হ'ব ৷ কেন্দ্ৰটোৰ কাম সম্পূর্ণ হ'লে অসমতে জাহাজ মেৰামতিৰ কাম অতি কম সময়ত আৰু কম খৰচতে সম্পন্ন কৰিব পৰা যাব ।

উল্লেখ্য যে, এই কেন্দ্ৰ নির্মাণৰ সৈতে জড়িত কাৰিকৰী দিশসমূহৰ তদাৰক কৰি আছে আই আই টি মাদ্ৰাছ নামৰ কোম্পানীটোৱে ৷ ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু কোচিন শ্বিপয়ার্ড লিমিটেডৰ যৌথ প্ৰচেষ্টাত এই কেন্দ্ৰটোৰ নির্মাণ আৰম্ভ হ'ব ।

লগতে পঢ়ক : কিয় একালৰ আছুৰ একেখন কেন্দ্ৰীয় সমিতিৰ সতীৰ্থই লুৰীণক বুলিলে Flop master ?

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.