বিধানসভাত বিৰোধীক ৰাইজৰ সমস্যাক তুলি ধৰাত বাধা প্ৰদানৰ অভিযোগ কংগ্ৰেছৰ

author img

By

Published : Sep 19, 2022, 10:43 PM IST

congress-accuses-opposition-of-obstructing-peoples-issues-in-assembly-session

সোমবাৰে বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ শেষ দিন (Autumn session of Assam assembly) । অধিৱেশনৰ শেষ দিনটোত সাংবাদিকৰ আগত ক্ষোভ উজাৰি কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক ৰকিবুল হুছেইনে বিৰোধী বিধায়কসকলক অসমৰ ৰাইজৰ জলন্ত সমস্যাবোৰ বিধানসভাৰ মজিয়াত তুলি ধৰাত বাধা প্ৰদান কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰে (MLA Rakibul Hussain criticize Govt) ৷

গুৱাহাটী, 19 ছেপ্টেম্বৰ: আজি অৰ্থাৎ সোমবাৰে বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ শেষ দিন (Autumn session of Assam assembly) । অধিৱেশনৰ শেষ দিনটোত সাংবাদিকৰ আগত ক্ষোভ উজাৰি কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক ৰকিবুল হুছেইনে বিৰোধী বিধায়কসকলক অসমৰ ৰাইজৰ জলন্ত সমস্যাবোৰ বিধানসভাৰ মজিয়াত তুলি ধৰাত বাধা প্ৰদান কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰে (MLA Rakibul Hussain criticize Govt) ৷

লগতে তেওঁ পাঁচদিনীয়া কৈ অনুষ্ঠিত হোৱা এই বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ প্ৰথম তিনিটা দিন বিৰোধীক বিধানসভাৰ মজিয়াক ভালকৈ কথা ক’বলৈ দিয়া নহ’ল বুলিও মন্তব্য কৰে । উল্লেখ্য যে, বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হিতেন গোস্বামীয়ে কৈছিল যে বিৰোধীয়ে বিধানসভাৰ অধিৱেশনত সকলো কথা কোৱাৰ সুযোগ দিব লাগে । কিন্তু এইবাৰ বিধানসভাৰ অধিৱেশনত বিৰোধীক কথা কবলৈ সুযোগ দিয়া নহ’ল (Accuses opposition of obstructing issuess) ।

বিধানসভা অধিৱেশনত বিৰোধীক ৰাইজৰ সমস্যাক তুলি ধৰাত বাধা প্ৰদানৰ অভিযোগ কংগ্ৰেছৰ

ইফালে নিয়ম অনুসৰি বছৰত ৪৫ দিন বিধানসভাৰ অধিৱেশন হ’ব লাগে৷ কিন্তু বিগত বছৰত মাত্ৰ ২৬ দিনৰ বাবেহে বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হৈছিল বুলিও সদৰি কৰে বিধায়কগৰাকীয়ে ৷ তেওঁ লগতে বিদ্যুৎ মাচুল বৃদ্ধিৰ বিষয়টো 15 বাৰ কৈ বিধানসভাৰ মজিয়াত উত্থাপন কৰিবলৈ চেষ্টা চলোৱা হৈছিল যদিও এই সন্দৰ্ভত বিৰোধীসকলক বিধানসভা অধিৱেশনত প্ৰশ্ন সুধিবলৈ সুযোগে দিয়া নহ’ল বুলিও সদৰি কৰে ৷

আনহাতে বিদ্যুৎ মাচুল বৃদ্ধিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী, শক্তি বিভাগৰ মন্ত্ৰী আৰু পীযুষ হাজৰিকাই বিপৰীত মন্তব্য কৰা বুলিও সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে কংগ্ৰেছী বিধায়কগৰাকীয়ে ।

লগতে পঢ়ক: জনজাতিকৰণক লৈ প্ৰতিক্ৰিয়া এতোৱা মুণ্ডাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.