বিদ্য়ুৎ মাচুল চৰকাৰে বঢ়োৱা নাই: মুখ্যমন্ত্ৰী
Updated on: Sep 16, 2022, 8:15 PM IST

বিদ্য়ুৎ মাচুল চৰকাৰে বঢ়োৱা নাই: মুখ্যমন্ত্ৰী
Updated on: Sep 16, 2022, 8:15 PM IST
শুকুৰবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ততাতৈয়াকৈ টুইট যোগে ঘোষণা কৰে যে চৰকাৰে কোনো ধৰণে বিদ্যুৎ মাচুল বৃদ্ধি কৰা নাই ৷ বৰং নতুনকৈ স্থাপন কৰা স্মাৰ্ট মিটাৰত হোৱা বিসংগতি আৰু ভুল মিটাৰ ৰিডিঙৰ বাবেহে এইদৰে একাংশ গ্ৰাহকলৈ আহিছে অভাৱনীয় হাৰত বিদ্যুতৰ বিল ৷
নিউজ ডেস্ক, 16 ছেপ্টেম্বৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ APDCL এ এইবাৰ অভাৱনীয় হাৰত বিদ্যুৎ মাচুল বঢ়াই বিল প্ৰেৰণ কৰাত কেউদিশে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া ৷
ৰাইজৰ মাজত আৰম্ভ হোৱা এনে ক্ষোভৰ উমান পাই শুকুৰবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ততাতৈয়াকৈ টুইট যোগে ঘোষণা কৰে যে চৰকাৰে কোনো ধৰণে বিদ্যুৎ মাচুল বৃদ্ধি কৰা নাই (CM tweet on APDCL bill) ৷ বৰং নতুনকৈ স্থাপন কৰা স্মাৰ্ট মিটাৰত হোৱা বিসংগতি আৰু ভুল মিটাৰ ৰিডিঙৰ বাবেহে এইদৰে একাংশ গ্ৰাহকলৈ আহিছে অভাৱনীয় হাৰত বিদ্যুতৰ বিল ৷
-
There has been no hike in power tariff but instances of unreasonable bill amounts have come in from consumers which is due to faulty readings in some of the newly installed smart meters. Instructed @apdclsocial to urgently fix the faulty smart meters and address public grievances
— Himanta Biswa Sarma (@himantabiswa) September 16, 2022
ইতিমধ্যে এই আসোৱাহ তাৎক্ষণিকভাবে দুৰ কৰিবলৈও APDCL ক নিৰ্দেশ দিয়া হৈছে বুলি টুইটটোত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে ৷ মনকৰিবলগীয়া যে যিসময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকে APDCL ৰ পৰা অহা হাজাৰ হাজাৰ টকাৰ বিল দেখি ত্ৰাহি মধুসুদন সুঁৱৰিছে, সেই সময়তে মন্ত্ৰী পীযুষ হাজৰিকাই কটা ঘাঁত টেঙা দিয়াৰ দৰে কেতবোৰ মন্তব্য কৰাত ৰাইজৰ ক্ষোভ দুগুণে চৰিছে ৷
লগতে পঢ়ক: গৰম বঢ়াৰ বাবেহে হেনো বিদ্যুৎ মাচুল বাঢ়িছে
