দিল্লীত প্ৰধানমন্ত্রীক সাক্ষাৎ কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই

author img

By

Published : Sep 21, 2022, 9:06 PM IST

PM Modi to attend 400th birth anniversary of Lachit Barphukan in Delhi

বুধবাৰে প্ৰধানমন্ত্রীক সাক্ষাৎ কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ২৪ নৱেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তীৰ সামৰণি অনুষ্ঠানলৈ প্ৰধানমন্ত্রীক আমন্ত্রণ জনায় (400th birth anniversary of Lachit Barphukan) ৷

গুৱাহাটী, ২১ ছেপ্টেম্বৰ: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তেওঁৰ চৰকাৰী আৱাসগৃহত সাক্ষাৎ কৰে (Himanta Biswa Sarma meets PM) । সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে অসমৰ সৰ্বাংগীন উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে ।

সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰু আঁচনি সম্পৰ্কে প্ৰধানমন্ত্ৰীক অৱগত কৰে । আনহাতে সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে ২৪ নৱেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তীৰ (400th birth anniversary of Lachit Barphukan) সামৰণি অনুষ্ঠানলৈ প্ৰধানমন্ত্ৰী মোডীক আমন্ত্ৰণ জনায় ৷

PM Modi to attend 400th birth anniversary of Lachit Barphukan in Delhi
দিল্লীত প্ৰধানমন্ত্রীক সাক্ষাৎ কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই

উল্লেখ যে, ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত সাদিন-প্ৰতিদিন প্ৰকাশন গোষ্ঠীৰ (Sadin Pratdin Group) অধ্যক্ষ জয়ন্ত বৰুৱাই অসমীয়া অভিধান ‘হেমকোষ’ৰ প্ৰথমটো ব্ৰেইল সংস্কৰণ (Braille edition of Assamese dictionary Hemkosh) প্ৰধানমন্ত্ৰীক উপহাৰ হিচাপে প্ৰদান কৰে ৷

লগতে পঢ়ক: উপ ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত মহানগৰীত যান-বাহন চলাচলত নিষেধাজ্ঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.