CBI raids in GST Bhawan : গুৱাহাটীত জি এছ টিৰ আয়ুক্তক গ্ৰেপ্তাৰ

author img

By

Published : Sep 29, 2022, 4:37 PM IST

gst

বুধবাৰে নিশাৰে পৰা আজি পুৱালৈকে গুৱাহাটীৰ আঠগাঁওস্থিত জি এছ টি ভৱনত চি বি আইৰ অভিযান । জি এছ টি ফাঁকিৰ গোচৰত গুৱাহাটীৰ জি এছ টি ভৱনত চি বি আয়ে চলায় অভিযান । জি এছ টিৰ এ পি এল বিভাগৰ আয়ুক্ত শক্তিৱেল ৰাজুৰ উপৰি আন এজনক গ্ৰেপ্তাৰ (CBI raids in Guwahati GST Bhawan) । নগদ ৩ লাখ টকাৰ উপৰি জব্দ বহু আপত্তিজনক নথি-পত্ৰ ।

গুৱাহাটী, 29 ছেপ্টেম্বৰ : বিগত দিনকেইটাত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো চি বি আয়ে বিভিন্ন গোচৰত তীব্ৰ অভিযান চলাই আছে (Nation wide raids of CBI) । এই অভিযানৰ সময়ত চি বি আয়ে বহু লোকক গ্ৰেপ্তাৰ কৰিছে । এই অভিযানৰ মাজতে বুধবাৰে নিশা হঠাতে জি এছ টি ফাঁকিৰ গোচৰত গুৱাহাটীৰ আঠগাঁওস্থিত জি এছ টি ভৱনত চি বি আয়ে চলায় অভিযান (CBI raids in Guwahati GST Bhawan) ।

জি এছ টি ভৱনত কোনো বাহিৰা লোক প্ৰৱেশ কৰিব নোৱাৰাকৈ চলোৱা এই অভিযান আজি পুৱালৈকে অব্যাহত থাকে । এই অভিযানৰ অন্তত চি বি আয়ে গ্ৰেপ্তাৰ কৰে গুৱাহাটীৰ জি এছ টিৰ এ পি এল বিভাগৰ আয়ুক্ত শক্তিৱেল ৰাজুক (CBI arrested Guwahati GST APL Commissioner) । ইয়াৰ উপৰি আন এজন ব্যক্তিকো চি বি আয়ে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে ।

আনহাতে, চি বি আয়ে শক্তিৱেল ৰাজুৰ গৃহৰ পৰা জব্দ কৰিছে নগদ ৩ লাখ টকা । ইয়াৰ উপৰি জব্দ কৰিছে বহু আপত্তিজনক নথি-পত্ৰ । উল্লেখ্য যে শক্তিৱেল ৰাজু এ পি এল বিভাগৰ আয়ুক্ত হিচাপে কৰ্মৰত আছিল । চি বি আইৰ ১২জনীয়া দলে চলাইছিল জি এছ টি ভৱনত এই অভিযান ।

আয়ুক্ত শক্তিৱেল ৰাজুৰ বিৰুদ্ধে বহু লোকক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ আছে । ধনৰ বিনিময়ত বহু প্ৰতিষ্ঠানক জি এছ টি ৰেহাই দিয়াৰ অভিযোগ আছে বিষয়াজনৰ বিৰুদ্ধে ।

লগতে পঢ়ক :উপায়ুক্ত-অতিৰিক্ত উপায়ুক্তক নিলম্বন সন্দৰ্ভত প্ৰতিক্ৰিয়া অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.