Shortage of doctors, nurses in District Hospital : ৪৫ শতাংশ চিকিৎসক আৰু ৫০ শতাংশ নাৰ্ছৰ অভাৱ

author img

By

Published : Dec 28, 2021, 7:17 PM IST

Shortage of doctors, nurses in District Hospital

‘কেগ’ৰ প্ৰতিবেদন(CAG report on Assam Medical Sector)ত প্ৰকাশ পাইছে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ ফোঁপোলাস্বৰূপ । কৰ’ণাসৃষ্ট পৰিস্থিতি (Covid 19)ৰ বাবে ৰাজ্যৰ চিকিৎসা খণ্ডত বহুকেইটা নৱ সংযোজন হৈছে যদিও এতিয়াও জিলা চিকিৎসালয়সমূহত চিকিৎসক আৰু নাৰ্ছ(Shortage of doctors nurses in Assam)ৰ অভাৱ আছে ৷ তদুপৰি হাস্পতালসমূহত ৰোগী পঞ্জীয়নৰ বাবেও নাই কোনো পৰিকল্পিত ব্যৱস্থা ।

গুৱাহাটী, ২৮ ডিচেম্বৰ : স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে যদিও বাস্তৱত সেয়া ফলপ্ৰসু হোৱা নাই । এতিয়াও দেশৰ অন্য ৰাজ্যৰ তুলনাত অসমৰ ৰাজহুৱা খণ্ডৰ চিকিৎসা সেৱা বহু পিছপৰি আছে । সেই কথা প্ৰকাশ পাইছে 'কেগ'ৰ প্ৰতিবেদন(CAG report on Assam Medical Sector)ত । জিলা চিকিৎসালয়সমূহৰ কার্য সম্পাদন আৰু হিচাপ পৰীক্ষাৰ ওপৰত ২০১৯ চনৰ ৩১ মার্চত সমাপ্ত হোৱা বৰ্ষৰ বাবে দাখিল কৰা প্ৰতিবেদনত অসমৰ ৰাজহুৱা স্বাস্থ্যখণ্ড যে এতিয়াও দুখলগা অৱস্থাত আছে সেয়া স্পষ্ট হৈছে ।

Shortage of doctors, nurses in District Hospital
ভাৰতৰ নিয়ন্ত্ৰক আৰু অডিটৰ জেনেৰেলৰ কাৰ্যালয়

তথ্য অনুসৰি চৰকাৰী চিকিৎসালয়ত প্ৰয়োজনীয় চিকিৎসক, নাৰ্ছ আনকি চিকিৎসকৰ সহায়কৰ অভাৱ আছে । কেগৰ তথ্য মতে ইণ্ডিয়ান পাব্লিক হেল্থ ষ্টেণ্ডার্ডছ (Indian Public Health Standards for PHC)ৰ মান অনুসৰি অসমৰ জিলাৰ জনসংখ্যাৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় চিকিৎসক নাই । জিলা জনসংখ্যাৰ ওপৰত ভিত্তি কৰি যদি আই পি এইচ এছৰ নিৰ্ধাৰিত মান মনা যায়, তেন্তে অসমৰ প্ৰতিখন জিলা হাস্পতালত ৪৫ শতাংশ চিকিৎসকৰ অভাৱ । একেদৰে নাৰ্ছৰ ৫০ শতাংশ অভাৱ আছে ৰাজ্যৰ জিলা চিকিৎসালয়সমূহত ।

কেৱল ইমানেই নহয় জিলা হাস্পতালসমূহত চিকিৎসকৰ সহায়কৰ অভাৱো অতি উদ্বেগজনক । সেই অনুসৰি অসমৰ জিলা জনসংখ্যাৰ ওপৰত ভিত্তি কৰি যদি আই পি এইচ এছৰ নিৰ্ধাৰিত মান চোৱা যায় তেন্তে অসমৰ জিলা হাস্পতালত ৭৪ শতাংশ চিকিৎসক সহায়কৰ অভাৱ বুলি কেগৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে । একেদৰে জিলা চিকিৎসালয়সমূহত থকা বিচনাৰ পর্যাপ্ততাৰ ভিত্তিত যদি চিকিৎসক, নাৰ্ছ আৰু চিকিৎসকৰ সহায়কৰ হাৰ চোৱা যায় তেন্তে সেয়াও আই পি এইচ এছৰ নিৰ্ধাৰিত মানতকৈ যথেষ্ট তলত আছে ।

Shortage of doctors, nurses in District Hospital
অসমৰ স্বাস্থ্যখণ্ডৰ ফোপোলাস্বৰূপ

তদুপৰি একোখন জিলা হাস্পতালত থকা বিছনাৰ পর্যাপ্ততাৰ ভিত্তিত যদি চোৱা যায় তেন্তে সামগ্ৰিকভাৱে ১৫ শতাংশ চিকিৎসক, ৬ শতাংশ নাৰ্ছ আৰু ৫৫ শতাংশ চিকিৎসকৰ সহায়কৰ অভাৱ আছে । এনেবোৰ কাৰকৰ বাবেই হয়তো ৰোগীয়ে প্ৰয়োজনীয় চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ'বলগা হয় । কেগৰ প্ৰতিবেদনত অনুসৰি ৰাজহুৱা স্বাস্থ্যখণ্ডত চৰকাৰে এতিয়াও কৰিবলগীয়া বহুখিনি বাকী আছে । উল্লেখ যে, ২০১৯-২০ তথা ২০২০-২১ আৰু ২০২১-২২ বিত্তীয় বৰ্ষৰ ভিতৰত ৰাজ্যৰ স্বাস্থ্যখণ্ডত বহুতো নৱতম সংযোগ হৈছে ৷ বিশেষকৈ কৰ'ণাকেন্দ্ৰিক পৰিবেশে ৰাজ্যৰ স্বাস্থ্যখণ্ডক এঢাপ আগুৱাই লৈ গৈছে ।

কৰ'ণাই অনা প্ৰত্যাহ্বানৰ পৰা শিক্ষালৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে চিকিৎসা খণ্ডত অগ্ৰাধিকাৰ ভিত্তিত কাম কৰিছে আৰু পূৰ্বতকৈ চৰকাৰী চিকিৎসা ব্যৱস্থা বর্তমানে যথেষ্ট উন্নত হৈছে । কেগৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, স্বাস্থ্যখণ্ডত অভাৱ হোৱা চিকিৎসক, নাৰ্ছ আৰু চিকিৎসক সহায়কৰ পদসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ ভিত্তিত কাম কৰিব লাগে । ইফালে চিকিৎসালয়ত প্ৰয়োজন হোৱা সঁজুলিও যে অসমৰ জিলা হাস্পতালসমূহত নাই সেই কথাও কেগৰ প্ৰতিবেদনত উল্লেখ কৰ‍া হৈছে ।

Shortage of doctors, nurses in District Hospital
কেগৰ প্ৰতিবেদন

ইণ্ডিয়ান পাব্লিক হেল্থ ষ্টেণ্ডার্ডছে নির্ধাৰণ কৰা অনুসৰি বিভিন্ন সেৱাসমূহৰ বাবে হাস্পতালসমূহত ৪,২৭৪ বিধ সঁজুলিৰ প্ৰয়োজন । পিছে অসমৰ জিলা হাস্পতালসমূহত ২,২৬৭ বিধ অর্থাৎ প্ৰয়োজনৰ মাত্ৰ ৫৩ শতাংশ সজুলিহে উপলব্ধ । আনহাতে চৰকাৰী চিকিৎসালয়ত অত্যাৱশ্যকীয় ঔষধৰ নাটনিৰ বিষয়টো নতুন নহয় । চিকিৎসকে লিখা ঔষধ ৰোগীয়ে নাপায় চৰকাৰী চিকিৎসালয়ত । কেগৰ প্ৰতিবেদনতো সেই কথা উল্লেখ কৰা হৈছে ।

জিলা হাস্পতালসমূহত ৰাজ্যৰ দ্বাৰা তালিকাভুক্ত প্ৰয়োজনীয় ৩২০বিধ অত্যাৱশ্যকীয় ঔষধ থাকিব লাগে । কিন্তু নমুনাকৃত জিলা হাস্পতাল পৰিদৰ্শনৰ সময়ত কেগৰ দলে কোকৰাঝাৰ জিলা হস্পিতালত কেৱল ১৪৯বিধ আৰু সোণাপুৰ জিলা হাস্পতালত ২৯১ বিধ ঔষধহে উপলব্ধ আছিল । তদুপৰি ৬৫টা নমুনাকৃত ঔষধৰ ভিতৰত দুটাৰ পৰা ৫১টা ঔষধ জিলা চিকিৎসালয়সমূহত ২৩ৰ পৰা ১৭৭০ দিন পর্যন্ত মজুত শূন্য হৈ আছিল ।

পর্যাপ্ত পৰিমাণৰ পুঁজি উপলব্ধ থকাৰ পাছতো জিলা হাস্পতালসমূহত অত্যাৱশ্যকীয় ঔষধ উপলব্ধ নোহোৱাৰ ফলত ৰাজ্যখনৰ বিনামূলীয়া ঔষধৰ নীতিৰ লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হৈছিল আৰু ৰোগীসকলে নিজা পইচাৰে নিৰ্ধাৰিত ঔষধ মুকলি বজাৰৰ পৰা ক্ৰয় কৰিবলৈ বাধ্য হৈছিল । সেয়ে কেগৰ প্ৰতিবেদনত হাস্পতালসমূহত ঔষধ যাতে মজুত শূন্য হৈ নাথাকে তাক এৰাই চলিবলৈ পৰামৰ্শ আগবঢ়াইছে ।

একেদৰে কেগৰ প্ৰতিবেদনত হাস্পতালসমূহত ৰোগী পঞ্জীয়নৰ বাবেও কোনো পৰিকল্পিত ব্যৱস্থা নাই বুলি উদ্বেগ প্ৰকাশ কৰিছে । যাৰ পৰিপ্ৰেক্ষিতত ৰোগী দীর্ঘসময়ৰ বাবে পঞ্জীয়ন কক্ষৰ সন্মুখত শাৰী পাতি থাকিবলগীয়া হয় । এম এম আৰ আৰু আই এম আৰ সন্দৰ্ভত কেগে উল্লেখ কৰিছে যে, ২০১৫-১৭ চনত ৰাজ্যত মাতৃৰ মৃত্যুৰ হাৰ (এন এম আৰ) ২২৯ লৈ হ্ৰাস পাইছিল । অৱশ্যে এই হাৰ ৰাষ্ট্ৰীয় গড় ১২২তকৈ বহু বেছি আছিল । ২০১৪ চনৰ পৰা ২০১৯ চনলৈ ঘৰত জন্ম লাভ কৰা শিশুৰ হাৰ ১৫ৰ পৰা ১০ শতাংশলৈ হ্ৰাস পোৱাটোৱে এম এম আৰৰ মৃত্যুৰ আশংকা কম হোৱাৰ ইতিবাচক দিশ বহন কৰিছে ।

অৱশ্যে কেগে প্ৰসৱকোঠাৰ আৱশ্যকীয় সঁজুলিৰ উপলব্ধতা, কেঁচুৱা তথা নৱজাতকৰ বিশেষ যতন উন্নীত কৰাৰ বাবেও পৰামর্শ দিয়ে । সমান্তৰালভাৱে এম এম আৰ আৰু আই এম আৰ হ্ৰাস কৰাৰ বাবে ৰাজ্য চৰকাৰে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আছে বুলিও কয় । কেগৰ এই প্ৰতিবেদনৰ ভিত্তিত ৰাজ্য চৰকাৰে অনাগত দিনত স্বাস্থ্যখণ্ডৰ উন্নতিৰ বাবে গ্ৰহণ কৰিবলগীয়া পদক্ষেপ লক্ষণীয় হ'ব ।

লগতে পঢ়ক : First Omicron case in Manipur : মণিপুৰত ধৰা পৰিছে অ’মিক্ৰণৰ প্ৰথমটো ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.