ৰাজ্যিক কেবিনেটৰ নতুন সিদ্ধান্ত সমূহ...

author img

By

Published : Sep 24, 2021, 9:53 PM IST

assam govt cabinet meeting

শুকুৰবাৰে সন্ধিয়া অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ ৷ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত সমূহ সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ।

গুৱাহাটী, ২৪ ছেপ্টেম্বৰ : ২ অক্টোবৰৰ পৰা ৰাজ্যত ভূমি জৰীপৰ বাবে "মিছন বসুন্ধৰা" নামৰ এক নতুন প'ৰ্টেল আৰম্ভ কৰিব ৰাজ্য চৰকাৰে । শুকুৰবাৰে সন্ধিয়া অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । ইয়াৰ বাবে প্ৰায় ২০৯ কোটি টকা ব্যয় কৰা হ’ব । কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত সমূহ সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰি এই কথা জানিবলৈ দিয়ে মন্ত্ৰী পীযুষ হাজৰিকাই ।

ইয়াৰোপৰি আজি কেবিনেটে লোৱা আন কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ'ল ৩,২৮৪ কোটি টকা ব্যয়ৰে এ পি ডি চি এলক নতুন ৰূপত গঢ়ি তোলা হ’ব । ১৯৬ টা নতুন ছাব ষ্টেছন স্থাপন কৰা হ’ব । ৩,০১৮ কিলোমিটাৰ নতুন বৈদ্যুতিক লাইন সংযোগ কৰা হ’ব । একেদৰে স্থাপন কৰা হ’ব ৪০ হাজাৰটা নতুন ট্ৰেঞ্চফৰ্মাৰৰ লগতে ২,৬৭৭ টা হাই ভল্টেজ ট্ৰেঞ্চফৰ্মাৰ । ১,৮৪,২৫৫ টা ঘৰত প্ৰিপেইড স্মাৰ্ট মিটাৰ সংযোগ কৰিবলৈ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে ।

কেবিনেটে প্ৰতি দুবছৰৰ মূৰে মূৰে গোপীনাথ বৰদলৈ বঁটা নামেৰে এক নতুন বঁটা আগবঢ়াবলৈও সিদ্ধান্ত লয় । ৩ অক্টোবৰত উপ-ৰাষ্ট্ৰপতিয়ে প্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰিব । এই বণটাত থাকিব ৫ লাখ টকাৰ লগতে মানপত্ৰ । আনহাতে ৰাজ্যত চুলাই মদৰ বিক্ৰী বন্ধ কৰিবলৈও কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে । চাহ শ্ৰমিকক ২০ শতাংশ হাৰত পূজাৰ বানচ আদায় দিবলৈ সিদ্ধান্ত লয় কেবিনেটে ।

ইপিনে সুৰক্ষা বাহিনীত কৰ্মৰত লোক ৰাজ্যৰ বাহিৰত কৰ্তব্যৰ সময়ত মৃত্যুবৰণ কৰিলে এতিয়াৰে পৰা ৰাজ্য চৰকাৰে পৰিয়ালক আগবঢ়াব ৫০ লাখকৈ টকা । আজিৰ কেবিনেটে পূৰ্বে ঘোষিত কেইবাটাও বঁটাৰ নামো সলনি কৰে । উল্লেখযোগ্য যে ৩০ ছেপ্টেম্বৰত পৰৱৰ্তী কেবিনেট বৈঠক প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ বাহিৰত ধেমাজিত অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক : গৰুখুটিৰ হিংসাত্মক ঘটনাত আৰক্ষীসহ আহত 11 গৰাকী GMCH ত চিকিৎসাধীন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.