CM holds meeting with Agriculture Commission: অসম কৃষি আয়োগৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

author img

By

Published : Aug 4, 2022, 10:52 PM IST

Assam CM Sarma holds meeting with Agriculture Commission

অসম কৃষি আয়োগৰে বৈঠকত মুখ্যমন্ত্ৰীয়ে কৃষি সামগ্ৰীৰ উৎপাদন বৃদ্ধিৰ বাবে আয়োগক সমগ্ৰ ৰাজ্যখনৰ কৃষি গোটসমূহ পৰিদৰ্শন কৰাৰ লগতে প্রগতিশীল কৃষকসকলৰ সৈতে আলোচনাত মিলিত হোৱাৰ বাবে আহ্বান জনায়(Assam CM Sarma holds meeting with Agriculture Commission) ৷ মুখ্যমন্ত্ৰীয়ে আয়োগক কৃষি পদ্ধতিৰ উৎপাদনশীলতা বৃদ্ধিৰ বাবে উপযুক্ত বৈজ্ঞানিক পদ্ধতি সম্পৰ্কত পৰামৰ্শ আগবঢ়াবলৈও কয় ।

গুৱাহাটী, 4 আগষ্ট : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই(Assam Cm Himanta Biswa Sarma) বৃহস্পতিবাৰে অসম কৃষি আয়োগৰ সৈতে এক বৈঠকত মিলিত হয় । জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত মুখ্যমন্ত্ৰীয়ে কৃষি সামগ্ৰীৰ উৎপাদন বৃদ্ধিৰ বাবে আয়োগক সমগ্ৰ ৰাজ্যখনৰ কৃষি গোটসমূহ ব্যাপকভাৱে পৰিদৰ্শন কৰাৰ উপৰি প্রগতিশীল কৃষকসকলৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে তেওঁলোকৰ সমস্যাসমূহ বুজ ল’বলৈ যথোচিত পদক্ষেপ ল’বলৈ কয় ।

Assam CM Sarma holds meeting with Agriculture Commission
অসম কৃষি আয়োগৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

বৈঠকত মুখ্যমন্ত্ৰীয়ে(Assam Agriculture Commission) আয়োগৰ সদস্যসকলক ক্ষেত্ৰভিত্তিক ভ্ৰমণৰ উপৰি আয়োগৰ পৰামৰ্শ আৰু পর্যবেক্ষণসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বছৰি কমেও দুবাৰকৈ পৰ্যালোচনা কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে, ইয়ে কৃষিখণ্ডৰ গুণগত আৰু পৰিমাণগত উন্নয়ন সাধনত ইতিবাচক প্রভাৱ পেলাব । তেওঁ আয়োগক জৈৱিক আৰু প্ৰাকৃতিক কৃষিৰ ক্ষেত্ৰত ৰাজ্যৰ কৃষকসকলৰ সামৰ্থ বৃদ্ধিৰ লগতে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ ৰপ্তানিৰ সম্ভাৱনা বৃদ্ধি কৰিবলৈ যথোচিত পৰামৰ্শ আগবঢ়োৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

বীজ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে আয়োগক কৃষি পদ্ধতিৰ উৎপাদনশীলতা বৃদ্ধিৰ বাবে উপযুক্ত বৈজ্ঞানিক পদ্ধতি সম্পৰ্কত পৰামৰ্শ আগবঢ়াবলৈও কয় । তেওঁ আয়োগক কৃষি উৎপাদন বৃদ্ধিৰ বাবে বৰ্তমানৰ বীজৰ ঠাইত ভাল আৰু নতুন জাতৰ উচ্চ উৎপাদনক্ষম বীজ ব্যৱহাৰ কৰিবলৈও কয় । জলবায়ু আৰু কৃষিৰ ওপৰত ইয়াৰ প্ৰভাৱৰ কথা বিবেচনা কৰি মুখ্যমন্ত্ৰীয়ে বান, খৰাং আৰু জলবায়ু সম্পৰ্কীয় অন্যান্য দিশসমূহৰ সৈতে মোকাবিলা কৰিবলৈ এই খণ্ডটোৰ সক্ষমতা বৃদ্ধি কৰাৰ ক্ষেত্ৰতো আয়োগৰ পৰা পৰামৰ্শ বিচাৰে ।

এই বৈঠকত কৃষিমন্ত্ৰী অতুল বৰা(Agriculture Minister Atul Bora), অসম কৃষি আয়োগৰ অধ্যক্ষ ড° এইছ এছ গুপ্তা আৰু ইয়াৰ সদস্যসকল, কৃষি বিভাগৰ অতিৰিক্ত মুখ্যসচিব আশীষ ভূটানী, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, বিত্ত, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ আয়ুক্ত সচিব জয়ন্ত নাৰ্লিকাৰ আৰু অন্যান্য শীর্ষ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক : Assam State Disaster Management Plan 2022 Draft: ৰাইজৰ পৰামৰ্শৰ বাবে মুকলি খচৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.