এথলিট হিমা দাস আৰু অম্লান বৰগোহাঁইলৈ অসম এথলেটিকছ সন্থাৰ আৰ্থিক সাহাৰ্য

author img

By

Published : Jun 18, 2022, 6:35 PM IST

aaa-to-provide-financial-assistance-to-hima-das-and-amlan-borgohain

এথলিট হিমা দাস আৰু অম্লান বৰগোহাঁইৰ অনুশীলনত সহায় হোৱাকৈ আৰ্থিক সাহাৰ্য প্ৰদান অসম এথলেটিকছ সন্থাৰ (AAA to Provide Financial assistance to Hima Das and Amlan Borgohain) ৷ হিমা দাসলৈ ১ লাখ টকা আৰু অম্লান বৰগোঁহাইলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য। সংবাদ মাধ‍্যমৰ আগত এই কথা সদৰি কৰিলে অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কো‍ঁৱৰে।

গুৱাহাটী,১৮ জুন: এথলিট হিমা দাস আৰু অম্লান বৰগোহাঁইলৈ আৰ্থিক সাহাৰ্য আগবঢ়াইছে অসম এথলেটিকছ সন্থাই (AAA to provide financial assistance to Hima Das and Amlan Borgohain) । কিছুদিন পূৰ্বে চেন্নাইত অনুষ্ঠিত হোৱা ৬৩ সংখ্যক ছিনিয়ৰ আন্তঃৰাজ্যিক ৰাষ্ট্ৰীয় এথলেটিকছত ১০০ মিটাৰত সোণৰ পদক, ২০০ মিটাৰত ৰূপৰ পদক আৰু ৪×১০০ মিটাৰ ৰিলেত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল হিমা দাসে ।

আনহাতে অম্লান বৰগোহাঁইয়ে সেই প্ৰতিযোগিতাতে ১০০ মিটাৰ আৰু ২০০ মিটাৰ দুয়োটা শাখাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল । এই নেশ্যনেল এথলেটিকছ চেম্পিয়নশ্বিপত সফলতা লাভ কৰি হিমা দাসে এইবাৰ দেশক বাৰ্মিংহাম কমনৱেলথ গেমছত প্ৰতিনিধিত্ব কৰিব । এই দুয়োগৰাকী খেলুৱৈৰ সফলতাৰ বাবে তেওঁলোকৰ অনুশীলনত সহায় হোৱাকৈ অসম এথলেটিকছ সন্থাই (Assam Athletics Association ) আগবঢ়ালে এই আৰ্থিক সাহাৰ্য ।

এথলিট হিমা দাস আৰু অম্লান বৰগোহাঁইলৈ আৰ্থিক সাহাৰ্য প্ৰদান অসম এথলেটিকছ সন্থাৰ

অসম অলিম্পিক সন্থাৰ (Assam Olympic Association) সম্পাদক লক্ষ্য কোঁৱৰে জনোৱা অনুসৰি, হিমালৈ অসম এথলেটিকছ সন্থাই আগবঢ়োইছে ১ লাখ টকাৰ সাহাৰ্য । আনহাতে অম্লান বৰগোঁহাইলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়াইছে অসম এথলেটিকছ সন্থাই । আনহাতে অসম এথলেটিকছ সন্থাই ২৩ জুনত আয়োজন কৰিছে এক মাৰাথান দৌৰ প্ৰতিযোগিতা (Marathon run on June 23) ৷

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসৰ লগত সংগতি ৰাখি অসম অলিম্পিক সন্থা আৰু গুৱাহাটী ক্ৰীড়া সন্থাৰ (Guwahati Sports Association) উদ্যোগত খানাপাৰাৰ পৰা নেহৰু ষ্টেডিয়ামলৈ হ'ব এই মাৰাথান দৌৰ প্ৰতিযোগিতা ৷

লগতে পঢ়ক: National Athletics Championship 2022: হিমা দাসৰ সোণৰ পদক অৰ্জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.