Har Ghar Tiranga: অমৃত মহোৎসৱ উদযাপনৰ সময়তে পতাকাবিহীন হৈছে মহানগৰীৰ গান্ধী মণ্ডপ

author img

By

Published : Aug 3, 2022, 8:05 PM IST

Har Ghar Tiranga

দেশৰ ৭৫ সংখ্যক স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ সময়ত দেশৰ তৃতীয় সৰ্বোচ্চ ধ্বজাদণ্ডত উৰা দেখা নগ’ল ৰাষ্ট্ৰীয় পতাকা । ঘৰে ঘৰে ৰাষ্ট্ৰীয় পতাকা উৰুৱাবলৈ খোদ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা সময়তো উকা হৈ থাকিল গান্ধী মণ্ডপত নিৰ্মাণ কৰা দেশৰ তৃতীয় সৰ্বোচ্চ ধ্বজাদণ্ড(Third tallest flagpole in India) ৷

গুৱাহাটী, ৩ আগষ্ট: ভাৰতবৰ্ষত ৭৫ সংখ্যক স্বাধীনতাৰ অমৃত মহোৎসৱ(Azadi Ka Amrit Mahotsav) উদযাপন উপলক্ষে কেন্দ্ৰীয় চৰকাৰে হৰ ঘৰ ত্ৰিৰংগা(Har Ghar Tiranga) শীৰ্ষক অভিলাসী আঁচনি গ্ৰহণ কৰিছে । ১৩-১৫ আগষ্টত ঘৰে ঘৰে ৰাষ্ট্ৰীয় পতাকা উৰুৱাবলৈ আহ্বান জনাইছে খোদ প্ৰধানমন্ত্ৰীয়ে(PM Modi appeals people to hoisting Flag on home) । কিন্তু সেই সময়তে পতাকাবিহীন হৈছে মহানগৰীৰ গান্ধী মণ্ডপ । গান্ধী মণ্ডপৰ ৩১৯.৫ ফুট উচ্চতাত থকা ধ্বজাদণ্ড উকা হৈ আছে ।

পতাকাবিহীন মহানগৰীৰ গান্ধী মণ্ডপ

উল্লেখযোগ্য যে, গুৱাহাটী স্মার্ট চিটি লিমিটেডে স্মার্ট চিটি নিৰ্মাণৰ অংশস্বৰূপে দক্ষিণ শৰণীয়াৰ গান্ধী মণ্ডপত ২.৯১ কোটি টকা ব্যয়েৰে ৰাষ্ট্ৰীয় পতাকা স্থায়ীভাৱে উত্তোলন কৰিছিল । টাটা কনছালটিং ইঞ্জিনিয়াৰ্ছ লিমিটেডে নির্মাণ কৰি উলিওৱা ৩১৯.৫ ফুট উচ্চতাৰ ধ্বজাদণ্ডত ২০১৮ চনৰ গান্ধী জয়ন্তীৰ দিনা প্ৰথমবাৰলৈ ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰা হৈছিল ।

১২০x৮০ ফুট আকৃতিৰ পতাকাখনত উত্তোলনৰ মাত্ৰ ৪৮ দিনৰ পিচতে দেখা দিয়ে বৃহৎ ফাট । পতাকাখন লগোৱাৰ পিছতে বাৰম্বাৰ ফাট মেলাত স্মার্ট চিটি কর্তৃপক্ষই হাত দাঙিবলৈ বাধ্য হয় । বিগত সময়ছোৱাত কেৱল গান্ধী জয়ন্তী, গণৰাজ্য দিৱস, স্বাধীনতা দিৱসৰ দিনটোৰ বাদে আন সময়ত গান্ধী মণ্ডপত কেৱল দেখা গ'ল উকা ধ্বজাদণ্ড । আনকি বিগত কেইবামাহো ধৰি গান্ধী মণ্ডপত এদিনৰ বাবেও দেখা পোৱা নগ'ল ৰাষ্ট্ৰীয় পতাকাখন ।

গান্ধী মণ্ডপৰ ৩১৯.৫ ফুট উচ্চতাত উৰি থকা ৰাষ্ট্ৰীয় পতাকাখন বহুতৰ বাবে আছিল আকৰ্ষণৰ কেন্দ্ৰবিন্দু । কিন্তু স্মার্ট চিটি কৰ্তৃপক্ষৰ চূড়ান্ত ব্যৰ্থতাৰ বাবে অথলে গৈছে ২.৯২ কোটিটকীয়া এই অভিলাষী প্ৰকল্প । এই সম্পৰ্কত স্মাৰ্ট চিটিৰ এক সূত্ৰই প্ৰকাশ কৰে যে, ঘৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ বাবে ১৩ আগষ্টত গান্ধী মণ্ডপৰ পতাকাখন উৰুৱাৰ পৰিকল্পনা কৰা হৈছে । ইয়াৰ পূৰ্বে গান্ধী মণ্ডপত পতাকা উৰুৱাৰ কোনো সম্ভাৱনা নাই ।

লগতে পঢ়ক : Piyush Hazarika at nagaon: মৃত্যুৰ পিছত আত্মায়ো ক্ষমা নোখোজে জেহাদীৰ সমৰ্থকক: পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.