তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি...

author img

By

Published : Nov 9, 2021, 3:07 PM IST

তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি

তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি...

চিকিৎসকৰ অভাৱ ৰাজ্যৰ বহু চৰকাৰী চিকিৎসালয়ত

ৰাজ্যত বছৰত প্ৰায় 1000 গৰাকী নতুন চিকিৎসক নিয়োগ কৰাৰ পথ প্ৰশস্ত হোৱাৰ পিছতো প্ৰয়োজনীয় চিকিৎসকৰ পদবোৰ পূৰণ কৰিব পৰা নাই ৰাজ্য চৰকাৰে ৷ আজিৰ তাৰিখলৈকে ৰাজ্য়ত 1382 টা পদেই খালী হৈ আছে । যাৰ ফলত সমস্যাত পৰিছে প্ৰত্যেকখন জিলাৰ দায়িত্বত থকা স্বাস্থ্য বিষয়াসকল ৷


মুম্বাইত খহি পৰিল অট্টালিকা : 7 জন আঘাতপ্ৰাপ্ত

মুম্বাইৰ এনটপ হিল এলেকাত মঙলবাৰে আকস্মিকভাৱে খহি পৰে এটা তিনি মহলীয়া অট্টালিকা ৷ ধ্বংসস্তুপৰ পৰা সাতগৰাকী ব্যক্তিক জীৱন্তে উদ্ধাৰ কৰে অভিযানকাৰী দলে ৷

ক'লৈ গ’ল ৰঙিয়াৰ মেৰাজ আলী !

ৰঙিয়াৰ পৰা সন্ধানহীন হৈছে মেৰাজ আলী নামৰ এগৰাকী ব্যৱসায়ী ৷ বৰ্তমানলৈ আৰক্ষীয়েও সন্ধান উলিয়াব পৰা নাই মেৰাজ আলীৰ ৷ হাতত সন্ধানহীন স্বামীৰ ফটো আৰু লগত একমাত্ৰ সন্তানক লৈ ব্যৱসায়ীগৰাকীৰ পত্নীয়ে বিভিন্ন ঠাইত স্বামীক বিচাৰি হাবাথুৰি খাই ফুৰিছে ৷

দিল্লীৰ যন্তৰ-মন্তৰত আমছুৰ উত্তাল প্ৰতিবাদ

অসমৰ সহস্ৰাধিক আমছু কৰ্মীৰ উত্তাল প্ৰতিবাদত সোমবাৰে কঁপি উঠে দেশৰ ৰাজধানী নতুন দিল্লীৰ ৰাজপথ ৷ দৰঙৰ গৰুখুঁটিত হোৱা চৰকাৰী উচ্ছেদ, এন আৰ চিৰ সমস্যা, অসমৰ সংখ্যালঘুসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা গৈ দিল্লীৰ যন্তৰ-মন্তৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আমছুৰ কৰ্মীসকলে ৷

পৰিবহণ বিষয়াৰ কাৰ্যালয়ত কৰ্মচাৰীক প্ৰহাৰ : ড৹ সমুজ্জল ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া

শেহতীয়াকৈ ৰাজ্যত পুনৰ নিম্নবৰ্গৰ কৰ্মচাৰীক অনুশাসনৰ লগতে শাৰীৰিক প্ৰহাৰৰ ঘটনা পোহৰলৈ আহিছে । পৰিবহণ বিভাগৰ এগৰাকী উচ্চ পদস্থ বিষয়াই কাৰ্যালয়ৰ কৰ্মচাৰীক প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । এই ঘটনাৰ তীব্ৰ বিৰোধিতা সদৌ অসম ছাত্ৰ সন্থাৰ । আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এই ঘটনা তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ঘটনাৰ উচিত তদন্তৰ দাবী জনায় ।

সুন্দৰী চিকিৎসক...পিছে কিহৰ বাবে আহিল চৰ্চালৈ

শিৱসাগৰত পোহৰলৈ আহিছে এগৰাকী ভুৱা চিকিৎসক(Fake Doctor)ৰ তথ্য ৷ ৰোগীক ৰামঠগন দিয়াৰ লগতে চিকিৎসা শিক্ষাৰ উচ্চ প্ৰতিষ্ঠানত নামভৰ্তি কৰি দিয়াৰ নামত উৎকোচ লৈ আহিছিল চিকিৎসকৰূপী প্ৰৱঞ্চকগৰাকীয়ে ৷

নিৰ্দিষ্ট সময়ত সম্পূৰ্ণ টীকাকৰণৰ বাবে বিশেষ পদক্ষেপ লৈছে ত্ৰিপুৰা চৰকাৰে

ক'ভিডৰ দ্বিতীয় পালি প্ৰতিষেধক নিৰ্দিষ্ট সময়ৰ ভিতৰত সকলো লোককে প্ৰদান কৰাৰ উদ্দেশ্যে কেইবাটাও পদক্ষেপ লৈছে ত্ৰিপুৰা চৰকাৰে । টীকাকৰণ প্ৰক্ৰিয়াত ৰাজ্য চৰকাৰক সহযোগ কৰিছে বিভিন্ন ক্লাবসমূহে । ক্লাবসমূহৰ এনে পদক্ষেপক প্ৰশংসা মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ ।


আজি আইনী সেৱা দিৱস

আজি আইনী সেৱা দিৱস ৷ সকলোৰে বাবে একে তথা সমভাৱে ন্যায় লাভ কৰাৰ স্বাৰ্থত সমাজৰ দৰিদ্ৰ তথা দুৰ্বল শ্ৰেণীৰ লোকসকলক আইনী সাহায্য প্ৰদান কৰাৰ দায়িত্ব ভাৰতীয় সংবিধানৰ ৩৯(ক) অনুচ্ছেদ অনুসৰি চৰকাৰৰ ওপৰত ন্যস্ত কৰা হৈছে ।


চত্তিশগড়ৰ ভিলাই তীখা প্লাণ্টত বিস্ফোৰণ : আহত ৬ গৰাকী কৰ্মচাৰী

মঙলবাৰে পুৱা প্ৰায় ৮ মান বজাত চত্তিশগড়ৰ ভিলাই তীখা প্লাণ্টত সংঘটিত হয় এক বিস্ফোৰণ । বিস্ফোৰণত আহতসকলক ততালিকে হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।

কৰণ জোহৰৰ ‘পদ্মশ্ৰী বঁটা’ক লৈ কি প্ৰতিক্ৰিয়া যমজ সন্তানৰ?

‘পদ্মশ্ৰী বঁটা’(Padma Shri Award) লাভ কৰাৰ পাচতে ছ’চিয়েল মিডিয়াযোগে আনন্দ আৰু সুখৰ অনুভৱ শ্বেয়াৰ কৰে বলীউডৰ জনপ্ৰিয় ছবি প্ৰযোজক কৰণ জোহৰে(Karan Johar) ৷ এই বঁটা লাভৰ পাচতে জোহৰৰ যমজ সন্তানে দেখুওৱা প্ৰতিক্ৰিয়াও তেওঁ ব্যক্ত কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.