New Education System of Assam Govt: ডিব্ৰুগড়ত ৰাইজৰ দলৰ প্ৰতিবাদ

author img

By

Published : Aug 4, 2022, 10:35 PM IST

New Education System of Assam Govt

অসমীয়া মাধ্যমৰ বিদ্যালয়ত বিজ্ঞান আৰু গণিত বিষয় ইংৰাজী ভাষাত পঢ়োৱাৰ বাবে চৰকাৰে লৈছে বিশেষ সিদ্ধান্ত । চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধ কৰি সদৌ অসম ছাত্ৰ সন্থা, অসম সাহিত্য সভাই চৰকাৰৰ লগত আলোচনাত বহিছিল যদিও চৰকাৰ এই সিদ্ধান্তত অটল(Teaching Medium Controversy) । চৰকাৰৰ এই সিদ্ধান্তৰ এইবাৰ বিৰোধিতা কৰিছে ৰাইজৰ দলে(Raijor dal protest against Language issue) ৷

মৰাণ, 4 আগষ্ট: অসমীয়া মাধ্যমৰ বিদ্যালয়ত বিজ্ঞান আৰু গণিত বিষয় ইংৰাজী ভাষাত পঢ়োৱাৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে ডিব্ৰুগড় চহৰৰ আমোলাপট্টিত বৃহস্পতিবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজৰ দলে(Raijor dal protest at Dibrugarh) ৷ শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ নেতৃত্বত ৰাইজৰ দলৰ নেতা-কৰ্মীসকলে ডিব্ৰুগড়ত সাব্যস্ত কৰে প্ৰতিবাদ(Raijor dal protest against Language issue) ।

ডিব্ৰুগড়ত ৰাইজৰ দলৰ প্ৰতিবাদ

অখিল গগৈৰ লগতে ৰাইজৰ দলৰ মুখপাত্ৰ জ্ঞানশ্ৰী বৰাকে ধৰি দলৰ কৰ্মকৰ্তাসকলে আমোলাপট্টিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মানৱ শৃংখল(Raijor dal manab shrinkhal at Dibrugarh) কাৰ্যসূচী ৰূপায়ণ কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে চৌদিশ উত্তাল কৰি তোলে । ইফালে প্ৰতিবাদী কাৰ্যসূচীক নেতৃত্ব প্ৰদান কৰি বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰে ।

তেওঁ কয় যে, আমি ইংৰাজী ভাষাৰ বিৰোধী নহয় ৷ বিদ্যালয়ত বিজ্ঞান প্ৰাথমিক অৱস্থাৰ পৰাই পঢ়ুৱাওক কিন্তু অসমীয়া ভাষাতে পঢ়াওক আৰু পৰিভাষাবিলাক ইংৰাজী ভাষাতো পঢ়ুৱাওক ৷ তেওঁ একে সময়তে দ্বৈত শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ বাবেও দাবী জনায় ৷ গগৈয়ে নতুন কেন্দ্ৰীয় শিক্ষানীতিৰ 2020ৰ আধাৰত অসমত ভাষা নীতি প্ৰয়োগ কৰা, দ্বৈত ভাষাৰ শিক্ষা অৰ্থাৎ বিজ্ঞান আৰু গণিত শিকাওতে অসমীয়াৰ লগতে ইংৰাজীও সমান্তৰালভাৱে একেলগতে শিকোৱাৰ বাবে দাবী জনায় ৷

তেওঁ লগতে নতুন শিক্ষানীতিৰ আধাৰত প্ৰতিখন বিদ্যালয়ৰ শিক্ষাৰ মাধ্যম অসমীয়া বা মাতৃভাষাত হোৱাৰ লগতে অষ্টম শ্ৰেণীলৈ মাতৃভাষাতে শিক্ষা প্ৰদানৰ দাবী জনায় ৷ তেওঁ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আৰ এছ এছ আৰু বিজেপিৰ Good Book ত স্থান লাভ কৰাৰ লগতে আৰ এছ এছ আৰু বিজেপিৰ আঞ্চলিক ভাষা বিৰোধী যি অৱস্থান, তাক প্ৰতিপন্ন কৰাৰ বাবে আৰু কোম্পানী আৰু কছিং বিক্ৰী কৰা কোম্পানীক লাভাম্বিত কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : Teaching Medium Controversy : তৃতীয় শ্ৰেণীৰ পৰা ইংৰাজী মাধ্যমত পাঠদান মানি নলয় এবছু-বড়ো সাহিত্য সভাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.