অখিল গগৈৰ গাত বদৰুদ্দিন আজমলৰ তেজ আছে : পীযুষ হাজৰিকা

author img

By

Published : Sep 26, 2021, 6:49 PM IST

অখিল গগৈৰ গাত বদৰুদ্দিন আজমলৰ তেজ আছে: পীযুষ হাজৰিকা

গৰুখুটি প্ৰসংগত ডিব্ৰুগড়ত পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী পীযুষ হাজৰিকাই কয়, ‘‘কংগ্ৰেছৰ এতিয়া দায়িত্ব হুছেইন, আলীক সুৰক্ষা দিয়াটো ৷ অখিল গগৈৰ গাত বদৰুদ্দিন আজমলৰ তেজ আছে’’ ৷

মৰাণ, 26 ছেপ্তেম্বৰ : ‘‘অখিল গগৈৰ গাত বদৰুদ্দিন আজমলৰ তেজ আছে । অসমীয়াৰ তেজ নাই অখিল গগৈৰ গাত । কংগ্ৰেছ, অখিল গগৈ আৰু বদৰুদ্দিন আজমলৰ মাজত কেনেকৈ বিশেষ সম্প্ৰদায়ৰ ভোট আদায় কৰিব পাৰি তাৰ বাবে প্ৰতিযোগিতা চলিছে। অসমীয়া ভাষা-সংস্কৃতি ৰক্ষা কৰিবলৈ বাদ দিলে অখিল গগৈয়ে ।’’ ডিব্ৰুগড়ত দেওবাৰে সাংবাদিকৰ আগত গৰুখুটি উচ্ছেদ প্ৰসংগক লৈ এই বিস্ফোৰক মন্তব্য কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই ।

অখিল গগৈৰ গাত বদৰুদ্দিন আজমলৰ তেজ আছে: পীযুষ হাজৰিকা

পীযুষ হাজৰিকাই লগতে কয় যে, ‘‘বাংলাদেশী মূলৰ মানুহৰ হাতত যেতিয়া অসমীয়া মানুহৰ মৃত্যু হৈছিল তেতিয়া কংগ্ৰেছৰ চোলাকেইটা ক'ত গৈছিল । তেতিয়া তেওঁলোকে চোলাকেইটা খুলি বুকুখন ওলিয়াব পৰা নাছিল । সেয়া তেওঁলোকে নোৱাৰে তেওঁলোকৰ দায়িত্ব কেৱল হুছেইন, আলীক সুৰক্ষা কৰাতহে । নামতহে বৰা উপাধি লৈছে । তেওঁলোকৰ অসমীয়া মানুহৰ প্ৰতি দায়িত্ব আৰু সন্মান নাই’’ ৷ এইদৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক তীব্ৰভাৱে কটাক্ষ কৰে পীযুষ হাজৰিকাই ৷

ইফালে গৰুখুটি কাণ্ডত পিএফআই, আমছু জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই ৷ লগতে হাজৰিকাই কয় ৬০ ঘৰ মানুহ থকা অঞ্চলটোত কেনেকৈ ৬ হাজাৰ মানুহ ওলাল ৷

লগতে পঢ়কঃ বেদখলকাৰীৰ কবলত ৰাজ্যৰ প্ৰায় ৩১ লাখ বিঘা চৰকাৰী ভূমি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.