পাঠদানৰ বাবে সাজু মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়

author img

By

Published : Sep 5, 2021, 9:45 AM IST

Moran Higher secondary school ready for re-open after New SOP

ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ পর্যায়ক্ৰমে খুলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ এই অনুসৰি কেতবোৰ বিশেষ নীতি-নিৰ্দেশনাৰ মাজেৰে ৬ ছেপ্তেম্বৰৰ পৰা খোলা হ'ব শিক্ষানুষ্ঠানসমূহ ৷ হোষ্টেল সমূহৰক্ষেত্ৰতো বিশেষ নিৰ্দেশনা জাৰি চৰকাৰৰ ৷

মৰাণ, 5 ছেপ্তেম্বৰ : ৰাজ্য চৰকাৰে নতুন SOP জাৰি কৰি ৬ ছেপ্তেম্বৰৰ পৰা চূড়ান্ত বৰ্ষৰ শ্ৰেণীসমূহৰ পাঠদান পুনৰ আৰম্ভ কৰাৰ নিৰ্দেশনা জাৰি কৰিছে । উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষ, স্নাতক চূড়ান্ত বৰ্ষ, স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ লগতে ইয়াৰ সমপৰ্যায়ৰ অন্যান্য শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ পাঠদানৰ বাবে চৰকাৰে অনুমতি প্ৰদান কৰিছে । এই ঘোষণাৰ পাছতে ব্যস্ততা আৰম্ভ হৈছে শিক্ষানুষ্ঠানসমূহত ।

পাঠদানৰ বাবে সাজু মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৰ্তৃপক্ষ

মৰাণৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়তো পাঠদানৰ বাবে সাজু হৈছে বিদ্যালয় কৰ্তৃপক্ষ ৷ বিদ্যালয় চৌহদ, শ্ৰেণীকোঠাবোৰ চাফ-চিকুণ কৰি তোলা হৈছে ৷ বিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষত কলা, বাণিজ্য, বিজ্ঞান আৰু কাৰিকৰী এই চাৰিটা বিভাগত আছে মুঠ ৩৬৪ গৰাকী ছাত্ৰ-ছাত্ৰী ৷ চৰকাৰৰ নিৰ্দেশনা অনুসৰি প্ৰতিটো শ্ৰেণীত ৩০ জনকৈ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰা হ'ব ৷

বিদ্যালয়খনৰ অধ্যক্ষ চিৰঞ্জীৱ ভট্টাচাৰ্যই ইতিমধ্যে শিক্ষক-কৰ্মচাৰীৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক চৰকাৰী নিৰ্দেশনা অনুসৰি ক'ভিড প্ৰতিষেধক ল'বলৈ নিৰ্দেশ দিছে । অধ্যক্ষগৰাকীয়ে শীঘ্ৰে বিদ্যালয়লৈ পূৰ্বৰ পৰিৱেশ ঘূৰি অহাৰ আশা প্ৰকাশ কৰে ৷

লগতে পঢ়ক : অহা ৬ ছেপ্তেম্বৰৰ পৰা পুনৰ খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.