Minister Atul Bora reaction: পৰ্যায় ক্ৰমে নাইকীয়া হ’ব দুৰ্নীতি

Minister Atul Bora reaction: পৰ্যায় ক্ৰমে নাইকীয়া হ’ব দুৰ্নীতি
চাৰ্ভিজ বুক বনোৱাৰ নামত এহেজাৰ টকাৰ উৎকোচ লৈ শুকুৰবাৰে জালত পৰিল দৰমহাৰ টকাৰে নটা প্ৰধান শিক্ষক নৱজ্যোতি শৰ্মা (Teacher arrested in Dibrugarh for taking bribe) ৷ সহকাৰী শিক্ষকৰ পৰা ঘোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ ওচৰত ধৰা পৰা শিক্ষাগুৰুৰ এই কাণ্ডই শিক্ষক সমাজত সানিলে ক’লা দাগ ৷ এই ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ডিব্ৰুগড়ৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই(Minister Atul Bora) ৷
মৰাণ, 29 জুলাই : এক হাজাৰ টকা উৎকোচ লৈ শুকুৰবাৰে খোৱাং খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ত গ্ৰেপ্তাৰ হ'ল প্ৰধান শিক্ষক তথা কাৰ্যালয় সহায়ক(Teacher arrested in Dibrugarh for taking bribe) । দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিলে মৰাণ ফটিকাছোৱা নেপালী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নৱজ্যোতি শৰ্মাক ।
ডিব্ৰুগড় জিলাৰ খোৱাং খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ত(Khowang Block primary education office) সহায়ক হিচাপে থকা প্ৰধান শিক্ষকগৰাকীয়ে এজন শিক্ষকৰ পৰা উৎকোচ লৈ থকা অৱস্থাতে মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাই হাতে লোটে গ্ৰেপ্তাৰ কৰে(CM Vigilance Raid in Dibrugarh) । এই ঘটনাই এতিয়া ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ এই ঘটনা সন্দৰ্ভত ডিব্ৰুগড়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ডিব্ৰুগড়ৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই ৷
শুকুৰবাৰে ডিব্ৰুগড়ত উপস্থিত হৈ মন্ত্ৰী বৰাই কয় যে, আমাৰ বিজেপিৰ মিত্ৰজোঁট চৰকাৰে শূন্য সহনশীলতাৰ নীতি লৈছে । পৰ্যায় ক্ৰমে দুৰ্নীতি নাইকীয়া হ’ব । পূৰ্বৰ পৰাই চলি অহা দুৰ্নীতি সহজে আতঁৰাই দিব পৰা নাযায় ৷ চৰকাৰে লোৱা এনে কঠোৰ সিদ্ধান্তৰ বাবে পুনৰ কোনেও দুৰ্নীতি কৰিবলৈ আগবাঢ়ি নাহিব বুলি তেওঁ দাবী কৰে ।
লগতে পঢ়ক : CM Vigilance Raid: দৰমহাৰ টকাৰে নাটে, এহেজাৰ টকাৰ ঘোচ লৈ গ্ৰেপ্তাৰ হ'ল হেড ছাৰ
