Municipal Election 2022 : কঁকালত টঙালি বান্ধি সাজু অগপ দল

author img

By

Published : Dec 5, 2021, 10:25 PM IST

Keshab Mahanta

ফেব্ৰুৱাৰীত ৰাজ্যত অনুষ্ঠিত হ’ব পৌৰসভা আৰু নগৰ সমিতিসমূহৰ নিৰ্বাচন(Municipal Election 2022) । নিৰ্বাচনৰ দিন নিশ্চিত হোৱাৰ পিছতেই ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ মাজত দেখিবলৈ পোৱা গৈছে তৎপৰতা ৷ মিত্ৰদল বিজেপি আৰু অসম গণ পৰিষদে কেনেদৰে পৌৰসভা নিবাৰ্চন খেলিব তাকলৈ এতিয়া চলিছে জল্পনা কল্পনা ।

মৰাণ, 5 নৱেম্বৰ : পৌৰসভা নিৰ্বাচনলৈ সকলো ধৰণে প্ৰস্তুত আছে অগপ দল । মিত্ৰজোঁটৰ মজিয়াত পৌৰসভা নিৰ্বাচনকলৈ এতিয়ালৈ কোনো ধৰণৰ আলোচনা হোৱা নাই । এই মন্তব্য অগপ দলটোৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ৷ দেওবাৰে চৰাইদেউ জিলাত উপস্থিত হৈ এই কথা সদৰি কৰে অগপৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে । উল্লেখ্য যে, 27 নৱেম্বৰত দিছপুৰত অনুষ্ঠিত অগপ দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা(AGP Central Executive Meeting)ত দলটোৱে বিজেপিৰ লগত মিত্ৰজোঁটত থাকি পৌৰসভা আৰু পৌৰ নিগমৰ নিৰ্বাচন(Assam municipal election)ত প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ।

কাৰ্যনিৰ্বাহক সভাৰ পাছত অগপ দলৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতা(AGP general secretary Ramendra Narayan Kalita)ই পৌৰসভা আৰু পৌৰ নিগমৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সন্দৰ্ভত বিজেপি দলৰ লগত দলীয় পৰ্যায়ত আনুষ্ঠানিকভাৱে কোনো ধৰণৰ আলোচনা নোহোৱাৰ কথা জানিবলৈ দিয়ে ৷ অৱশ্যে তেওঁ নিৰ্বাচনত এককভাৱে প্ৰতিদ্বন্দিতা কৰাৰো কোনো ইংগিত অগপৰ তৰফৰ পৰা দিয়া হোৱা নাই বুলি স্পষ্ট কৰি দিছিল ৷

অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত

ইয়াৰ পাছতেই 2 ডিচেম্বৰত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা(BJP state president Bhabesh Kalita) আৰু অগপৰ সভাপতি অতুল বৰা(AGP president Atul Bora) উভয়েই ইটিভি ভাৰতৰ আগত নিৰ্বাচনত সুকীয়া সুকীয়াকৈ অৱতীৰ্ণ হোৱাৰ কথা স্পষ্ট কৰি দিয়ে ৷

বিজেপি আৰু অগপ দলৰ সভাপতিদ্বয়ে দিছপুৰত মিত্ৰজোঁটৰ চৰকাৰে হ’লেও পৌৰ নিৰ্বাচনত মিত্ৰতা নথকাৰ কথা ব্যক্ত কৰে । ইয়াৰ পাছতেই স্বাভাৱিকতে এটা কথাই স্পষ্ট হৈ পৰিছে যে মিত্ৰতাৰ প্ৰতি অগপ দল ইচ্ছুক হ’লে বিজেপি দলে পৌৰসভা আৰু পৌৰ নিগমৰ নিৰ্বাচনত এই মিত্ৰতা বাহাল ৰাখিব বিচৰা নাই ৷ স্মৰ্তব্য যে, পূৰ্বৰ সোণোৱাল চৰকাৰৰ সময়তো ৰাজ্যত ২০১৮ চনত অনুষ্ঠিত হৈছিল পঞ্চায়ত নিৰ্বাচন । সেই সময়তো দিছপুৰত মিত্ৰহৈ থাকিলেও পঞ্চায়ত নিৰ্বাচনত কিন্তু অকলে অকলেই অৱতীৰ্ণ হৈছিল অগপ আৰু বিজেপি । সেইবাৰ বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনত অত্যন্ত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল যদিও তাৰ বিপৰীতে অগপই কিন্তু আশা কৰা ধৰণে ফলাফল নাপালে ।

এতিয়া ২০১৮ৰে পুনৰাবৃত্তি ঘটাই পৌৰসভা আৰু নগৰ সমিতিৰ নিৰ্বাচনত দুয়োটা দল অকলশৰীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ব । পৌৰসভা আৰু নগৰ সমিতিৰ আসন্ন নিৰ্বাচনত অৱশ্যে দিছপুৰৰ আন এটা মিত্ৰ দল ইউ পি পি এলৰ বিশেষ ভূমিকা নাথাকিব । কিয়নো ইউ পি পি এল দখলীকৃত অঞ্চলসমূহত অনুষ্ঠিত নহ’ব এই নিৰ্বাচন । আনহাতে, কেন্দ্ৰীয়ভাৱে অগপ আৰু বিজেপিৰ মাজত পৌৰ নিৰ্বাচনকেন্দ্ৰিক কোনো ধৰণৰ মিত্ৰতা নহ'লেও স্থানীয়ভাৱে কোনো কোনো অঞ্চলত কিন্তু উভয় দলৰ মাজত বুজাবুজি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ।

লগতে পঢ়ক : AGP Central Executive Meeting : মিত্ৰজোটত থাকিয়ে প্ৰতিদ্বন্দিতা কৰিব নিৰ্বাচনত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.