বিদ্যুৎ বিভাগৰ চৰম দায়িত্বজ্ঞানহীনতা : হাৰাশাস্তি গ্ৰাহকৰ

author img

By

Published : Sep 4, 2021, 12:32 PM IST

Irresponsibility of Electricity Department at Charaideo

চৰাইদেউ বিদ্যুৎ বিভাগৰ দায়িত্বজ্ঞানহীনতাৰ বাবে হাৰাশাস্তি ভুগিছে গ্ৰাহকে ৷ বিভাগীয় কৰ্মচাৰীৰ ভুলৰ বাবে অতিৰিক্ত মাচুল পৰিশোধ কৰিবলগীয়া হৈছে গ্ৰাহকে ৷

মৰাণ, 4 ছেপ্তেম্বৰ : বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ ভুলৰ বাবে গ্ৰাহকে অতিৰিক্ত বিদ্যুৎ মাচুল পৰিশোধ কৰিবলগীয়া হোৱা বিষয়টো নতুন নহয় । এই সন্দৰ্ভত বিভিন্ন সময়ত বিভিন্ন সংবাদ পৰিৱেশন হৈ আহিছে । তেনে এক ঘটনাই সংঘটিত হৈছে সোণাৰিত ।

সোণাৰিত শিক্ষানুষ্ঠান বন্ধ হৈ থকাৰ পাচতো এটা মাহত বিদ্যুৎ মাচুল পৰিশোধ কৰিবলৈ জাননী আহিছে ২০ হাজাৰ টকাৰ ওপৰত । সোণাৰিৰ ৱেলবৰ্ন পাব্লিক স্কুল নামৰ শিক্ষানুষ্ঠানখনলৈ আহিছে এই বিল । সোণাৰিৰ ৱেলবৰ্ন পাব্লিক স্কুল কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি, বিগত বৰ্ষত চৰাইদেউ জিলা প্ৰশাসনে আঢ়ৈ মাহৰ বাবে ক'ভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰিছিল শিক্ষানুষ্ঠানখনত ।

বিদ্যুৎ বিভাগৰ চৰম দায়িত্বজ্ঞানহীনতা

পৰৱৰ্তী সময়ত ক'ভিড কেয়াৰ চেণ্টাৰৰ নামত খৰচ হোৱা বিদ্যুতৰ সমস্ত ব্যয় জিলা প্ৰশাসনে বহন কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল ৷

কিন্তু সেই প্ৰতিশ্ৰুতি পূৰণ নকৰাত উপায়ন্তৰ হৈ শিক্ষানুষ্ঠান কৰ্তৃপক্ষই বিগত ডিচেম্বৰ মাহত মাচুল পৰিশোধ কৰে । তাৰ পিছৰে পৰা প্ৰতিমাহে সৰ্বাধিক এক হাজাৰ টকাৰ ভিতৰত বিদ্যুৎ মাচুল পৰিশোধ কৰি থকা হৈছিল । কিন্তু বিগত জুলাই মাহত প্ৰায় ১৮,৯২৭ টকা পৰিশোধ কৰিবলৈ এপিডিচিএলৰ ফালৰ পৰা জাননী প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক: ৰাষ্ট্ৰীয় বন্যপ্ৰাণী দিৱস

ইয়াৰ পাচতে শিক্ষানুষ্ঠান কৰ্তৃপক্ষ হতচকিত হৈ উঠে আৰু বিষয়টো সন্দৰ্ভত চৰাইদেউ বৈদ্যুতিক উপ সংমণ্ডলৰ উপ প্ৰবন্ধকক বিষয়টো অৱগত কৰে ৷ চৰাইদেউ বৈদ্যুতিক উপ সংমণ্ডলৰ উপ প্ৰবন্ধকে বিষয়টো বিবেচনা কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে ৷

Irresponsibility of Electricity Department
চৰাইদেউত হাৰাশাস্তিত বিদ্যতৰ গ্ৰাহক

কিন্তু অতি দুৰ্ভাগ্যজনক বিষয় যে, সোণাৰিৰ ৱেলবৰ্ন পাব্লিক স্কুললৈ আগষ্ট মাহত পুনৰ ২১,৮৭৭ টকাৰ আন এখন বিল প্ৰেৰণ কৰে এপিডিচিএল কৰ্তৃপক্ষই ৷ যাৰ ফলত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে শিক্ষানুষ্ঠান কৰ্তৃপক্ষই ।

শিক্ষানুষ্ঠানখন বন্ধ হৈ থকাৰ পাচতো কোনো ধৰণৰ বিদ্যুৎ শক্তি খৰচ নকৰাকৈ কি কাৰণত অতিৰিক্ত বিদ্যুৎ মাচুল পৰিশোধ কৰিবলৈ জাননী প্ৰেৰণ কৰিছে এপিডিচিএল কৰ্তৃপক্ষই ! এই লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে ৷ বিভাগীয় কৰ্তৃপক্ষক এই বিষয়ে উচিত তদন্ত কৰিবলৈ আহ্বান জনাইছে সোণাৰিৰ ৱেলবৰ্ন পাব্লিক স্কুল কৰ্তৃপক্ষই ৷

লগতে পঢ়ক: নাৰায়ণপুৰত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.