মৰাণত যুৱ-ছাত্ৰ পৰিষদৰ আন্তঃজিলা ফুটবল প্ৰতিযোগিতা

author img

By

Published : Sep 24, 2022, 2:19 PM IST

Inter district football competition organized by AJYCP at Moran in Dibrugarh

শুকুৰবাৰৰ পৰা চৰাইদেউ জিলাৰ মৰাণত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে অনুষ্ঠিত কৰিছে আন্তঃজিলা ফুটবল প্ৰতিযোগিতা (Inter district football competition organized by AJYCP) ৷ প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী দলটোৱে প্ৰবীণ কুমাৰ গগৈ সোঁৱৰণী বঁটাসহ নগদ ৫০ হাজাৰ টকা আৰু ৰাৰ্ণাচ আপ দলে গকুল চেতিয়া সোঁৱৰণী বঁটাসহ নগদ ৩০ হাজাৰ টকা লাভ কৰিব বুলি আয়োজকসকলে জানিবলৈ দিয়ে ।

ডিব্ৰুগড়, 24 ছেপ্টেম্বৰ: অসমৰ প্ৰতিটো জলন্ত সমস্যাত বলিষ্ঠভাৱে মাত মাতি অহা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে (Asom Jatiyatabadi Yuba Chatra Parishad) ক্ৰীড়া প্ৰতিভা সমূহক আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । নতুন প্ৰজন্মক ক্ৰীড়াৰ এখন মঞ্চ দিয়াৰ উদ্দেশ্যে শুকুৰবাৰৰ পৰা চৰাইদেউ জিলাৰ মৰাণত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে অনুষ্ঠিত কৰিছে আন্তঃজিলা ফুটবল প্ৰতিযোগিতা (Inter district football competition organized by AJYCP) ৷

সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সৌজন্যত চৰাইদেউ জিলা সমিতিয়ে প্ৰতিষ্ঠাপক সভাপতি তথা অসম চৰকাৰৰ প্ৰাক্তন ক্ৰীড়া মন্ত্ৰী প্ৰবীণ কুমাৰ গগৈ সোঁৱৰণীত প্ৰথমবাৰৰ বাবে আয়োজন কৰা প্ৰতিযোগিতা খনত সৰ্বমুঠ ১৫ টা দলৰ অংশগ্ৰহণ নিশ্চিত কৰিছে ৷ আজি মৰাণ মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত মৰাণ জিলাৰ দলে বোকাখাত জিলাৰ সৈতে প্ৰতিদ্বন্দ্বিতাত আগবঢ়ায় । উদ্বোধনী খেলত মৰাণ জিলা দলে বোকাখাত জিলাক 0-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে ৷

মৰাণত যুৱ-ছাত্ৰ পৰিষদৰ আন্তঃজিলা ফুটবল প্ৰতিযোগিতা

প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানটোত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ৰাণা প্ৰতাপ বৰুৱা আৰু সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে ৰাজ্যৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি খেলুৱৈসকলক উৎসাহ প্ৰদান কৰে । উল্লেখ্য যে, মৰাণ মহাবিদ্যালয় খেলপথাৰৰ ওপৰিও অইল ইণ্ডিয়া খেলপথাৰ, চেপন ৰাজহুৱা খেলপথাৰ আৰু ধমন ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ’বলগা প্ৰতিযোগিতাখনত মৰাণ, বোকাখাত, চৰাইদেউ, শিৱসাগৰ, কাৰ্বি আংলং, যোৰহাট, তেজপুৰ, বজালী, ধেমাজি, গোলাঘাট, নগাঁও, গুৱাহাটী, ডিব্ৰুগড়, তিনিচুকীয়া আৰু উত্তৰ লক্ষিমপুৰ জিলা দলে অংশগ্ৰহণ কৰিব ৷

প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী দলটোৱে প্ৰবীণ কুমাৰ গগৈ সোঁৱৰণী বঁটাসহ নগদ ৫০ হাজাৰ টকা আৰু ৰাৰ্ণাচ আপ দলে গকুল চেতিয়া সোঁৱৰণী বঁটাসহ নগদ ৩০ হাজাৰ টকা লাভ কৰিব বুলি আয়োজকসকলে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: BREAKING NEWS: গেৰুকামুখস্থিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত পুনৰ ভয়ংকৰ ভূমিস্খলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.