সামৰণি পৰিল তিনিদিনীয়া জন আশীৰ্বাদ যাত্ৰাৰ

author img

By

Published : Aug 24, 2021, 11:37 AM IST

central minister Sarbananda Sonowal visited at Thaora

তিনিদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হোৱা কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন আশীৰ্বাদ যাত্ৰাৰ অন্ত পৰে সোমবাৰে ৷ জন আশীৰ্বাদ যাত্ৰাৰ সামৰণি অনুষ্ঠানত থাওৰা সমষ্টিত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷

মৰাণ, 24 আগষ্ট : ২১ আগষ্টত বৰঝাৰ বিমানবন্দৰৰ পৰা আৰম্ভ হোৱা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ "জন আশীৰ্বাদ যাত্ৰা" সোমবাৰে সামৰণি পৰে শিৱসাগৰ জিলাত ৷ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত লোৱাৰ পাচত প্ৰথমবাৰৰ বাবে অসমলৈ আহি জন আশীৰ্বাদ যাত্ৰা(Jan Ashirwad Yatra)ত অংশ লয় প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ অসমৰ মুঠ ছখন সাংগঠনিক জিলা আশীৰ্বাদ যাত্ৰাৰ জৰিয়তে ভ্ৰমণ কৰে সোণোৱালে ৷

প্ৰধানমন্ত্ৰীৰ অৰ্শীবাদত অসমৰ হৈছে উন্নতি : সৰ্বানন্দ সোণোৱাল

জন আশীৰ্বাদ যাত্ৰা(Jan Ashirwad Yatra)ৰ শেষৰ দিনা আৰ্থাৎ সোমবাৰে থাওৰা সমষ্টিৰ ডিমৌত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় চৰকাৰৰ জল পৰিবহণ, বন্দৰ, জাহাজ আৰু আয়ুস মন্ত্ৰণালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । জন আশীৰ্বাদ যাত্ৰাৰ সামৰণি অনুষ্ঠানত মন্ত্ৰী গৰাকী থাওৰা সমষ্টিত উপস্থিত হোৱাৰ লগে লগে গায়ন-বায়ন, বন্তি প্ৰজ্বলনেৰে উষ্ম আদৰণি জনাই ৰাইজে । অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন ।

লগতে পঢ়ক: যোৰহাটত সৰ্বানন্দ সোণোৱালৰ জন আৰ্শীবাদ যাত্ৰা

জন আশীৰ্বাদ যাত্ৰা(Jan Ashirwad Yatra)ৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে সম্বোধন কৰে এখন সংবাদমেল ৷

বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰা অনুসৰি, কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটত ২৮ গৰাকী OBC সম্প্ৰদায়ৰ লোকক স্থান দিয়া হ’ব ৷ লগতে প্ৰধানমন্ত্ৰীয়ে উত্তৰ পূৰ্বাঞ্চলৰ ক্ষীপ্ৰতাৰে উন্নয়ন বিচাৰে বুলিও মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি, প্ৰধানমন্ত্ৰী মোডীৰ আশীৰ্বাদতে অসমৰ উন্নয়ন হৈছে ৷ সেয়ে দেশৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী মোডীক আশীৰ্বাদ দিবলৈ ৰাজ্যবাসীক আহ্বান জনাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: Jan Ashirwad Yatra : কোনে কিয় কৰিলে ৰাজনীতি ?

আনহাতে, সৰ্বানন্দ সোণোৱালক আদৰণিৰ বাবে বিজেপিয়ে আয়োজন কৰা এই জন আশীৰ্বাদ যাত্ৰাক কঠোৰ সমালোচনা কৰিছে বিৰোধীয়ে ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বিজেপিৰ এই যাত্ৰাক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে ৷ অসম জাতীয় পৰিষদে সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাকে আদি কৰি বিজেপিৰ নেতা-মন্ত্ৰীৰ বিৰুদ্ধে কেইবাটাও গোচৰ দাখিল কৰিছে বিভিন্ন আৰক্ষী থানাত ৷

লগতে পঢ়ক: Jan Ashirwad Yatra: ঢেকীয়াখোৱা নামঘৰত সেৱা ল’লে সৰ্বানন্দ সোণোৱালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.