11 বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : Sep 22, 2021, 11:01 AM IST

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

বোকাখাতত গঁড়ৰ খড়্গ দাহৰ প্ৰস্তুতি তুংগত

বোকাখাতত পূৰ্ণ প্ৰস্তুতি চলিছে গঁড়ৰ খড়্গ(Rhino Horn) দাহৰ । হোম-যজ্ঞৰে বৈদিকভাৱে সম্পন্ন কৰা হ’ব এই কাৰ্য ৷ মুঠ 2,479 টা গঁড়ৰ খড়্গ দাহ কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে ৷ এই সন্দৰ্ভত বোকাখাতৰ সংবাদদাতা ধ্ৰুৱজ্যোতি ৰাজখোৱাৰ বিশেষ প্ৰতিবেদন...

বিশ্ব গঁড় দিৱস 2021: 'Keep The Five Alive'

সমগ্ৰ বিশ্বতে গড়ৰ পাঁচোটা প্ৰজাতিৰ সুৰক্ষাৰ বাবে সজাগতা সৃষ্টিৰ উদ্দেশ্যে 22 ছেপ্তেম্বৰৰ দিনটো গড় দিৱস হিচাপে পালন কৰা হয় ৷ পৃথিৱীৰ ৫ টা গঁড়ৰ প্ৰজাতি আফ্ৰিকা আৰু এছিয়াত বাস কৰে ৷ 2021 চনৰ বিশ্ব গঁড় দিৱসৰ বিষয়বস্তু হ’ল- 'Keep The Five Alive' অৰ্থাৎ গড়ৰ পাঁচোটা প্ৰজাতিকে জীয়াই ৰাখক ৷

উৰিত সেনাৰ অভিযান অব্যাহত

বুধবাৰেও অব্যাহত আছে উৰি চেক্টৰৰ নিয়ন্ত্ৰণ ৰেখাত সেনাই চলোৱা অভিযান ৷ মঙলবাৰে সন্ধিয়া বাৰামূলা জিলাৰ উৰি টেহচিলত ম’বাইল আৰু ইণ্টাৰনেট সেৱা পুনৰ আৰম্ভ কৰা হয় ৷

টাৱাঙত স্বৰ্ণিম বিজয় শিখাৰ আদৰণি মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ

1971 চনত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বিজয় আৰু বাংলাদেশৰ মুক্তিৰ 50 বছৰৰ স্মৃতিত, ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা 16 ডিচেম্বৰ 2020 তাৰিখে ফ্লেগ অফ কৰা হৈছিল এই স্বৰ্নিম বিজয় মাছাল(বিজয় শিখা)ৰ ৷

ভাৰতীয় নৌ সেনাই আয়োজন কৰিব নাও খেল আৰু পেৰেড

'আজাদী কা অমৃত মহোৎসৱ'ৰ লগতে সংগতি ৰাখি ভাৰতীয় নৌ সেনাই নাও খেল আৰু পেৰেডৰ কাৰ্যসূচী অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে । নৌ সেনাৰ বহু নাও, চেইলিং ডিংগি আদিয়ে অংশ ল'ব এই কাৰ্যসূচীত ।

অশ্লীল মন্তব্য কৰি শিক্ষানুষ্ঠানৰ পৰা বহিষ্কাৰ হ’ল বিমান

নিজে পঢ়া শিক্ষানুষ্ঠানৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰি শিক্ষানুষ্ঠানখনৰ পৰা বহিষ্কৃত এজন ছাত্ৰ ৷ দ্বাদশ শ্ৰেণীৰ ছাত্ৰজনে চূড়ান্ত বৰ্ষৰ পৰীক্ষা দিয়াৰ পূৰ্বে বহিব নোৱাৰিব শ্ৰেণীকোঠাত ৷ মহাবিদ্যালয় কৰ্তৃপক্ষৰ এই নিৰ্দেশৰ পাচতে মানসিক চাপত ভুগিছে ছাত্ৰজন ৷

আৰক্ষীৰ অভিযানৰ খবৰ লাভ কৰি পলাতক দালাল

ৰাজ্যৰ বিভিন্ন প্ৰান্তত মাটিৰ দালালৰ বিৰুদ্ধে সোমবাৰে নিশা মাৰাথন অভিযান চলাই অসম আৰক্ষীয়ে ৷ অসম আৰক্ষীয়ে নিশাটোৰ ভিতৰত চলোৱা অভিযানত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ৪৫৩ টা মাটিৰ দালালক আটক কৰে ৷

চাউল নে বৰবিহ!

প্লাষ্টিকৰ পাচতেই এইবাৰ চৰকাৰী চাউলত ওলাইছে চাউল সদৃশ বিশেষ পদাৰ্থ ৷ সমবায় সমিতিয়ে ভিটামিন চাউল বুলি আখ্যা দিয়ে যদিও ঘটনাক লৈ উৎকণ্ঠা বৃদ্ধি পাইছে স্থানীয় ৰাইজৰ মাজত ৷

স্বৰ্ণ মন্দিৰ দৰ্শন চৰণজিৎ সিং চান্নীৰ

বুধবাৰে কাহিলি পুৱাতে দুয়োগৰাকী উপ মুখ্যমন্ত্ৰী আৰু পঞ্জাৱ কংগ্ৰেছৰ সভাপতি নৱজোৎ সিং সিদ্ধুৰ সৈতে স্বৰ্ণ মন্দিৰত উপস্থিত হয় ৰাজ্যখনৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নী ৷

নিষিদ্ধ হোৱাৰ দিশে অনলাইন গেম

অনলাইন গেমত অধিক ব্যস্ত হৈ থকা সন্তানক লৈ এতিয়া আৰু অভিভাৱকসকল চিন্তিত হোৱাৰ প্ৰয়োজন নাই । নিষিদ্ধ হোৱাৰ পথত অনলাইন গেম । বিগত দিনবোৰত অনলাইন গেমক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লৈছে চৰকাৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.