11 বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : Aug 18, 2021, 11:01 AM IST

11 বজাৰ শীৰ্ষ দহটা বাতৰি

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

পুনৰ আজিৰে পৰা মুকলি মাজুলী-যোৰহাট সংযোগী ফেৰী সেৱা

মাজুলী-যোৰহাট সংযোগী ফেৰী সেৱা(Ferry Service) মুকলি ৷ ৰাজ্য চৰকাৰে জাৰি কৰা ক’ভিডৰ(Covid) নতুন নীতি-নিৰ্দেশনা(SOP) অনুসৰি বুধবাৰৰ পৰা পুনৰ আৰম্ভ ফেৰী চলাচল ৷ ফেৰী সেৱা আৰম্ভ হোৱাক লৈ আনন্দিত যাত্ৰীৰ লগতে ফেৰীঘাটৰ ক্ষুদ্ৰ ব্যৱসায়ীসকল ৷

লখিমপুৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে AJYCP ৰ প্ৰতিবাদ

মূল্যবৃদ্ধি ৰোধ কৰিবলৈ সক্ষম নোহোৱা ৰাজ্য চৰকাৰ তথা যোগান বিভাগৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৷ মঙলবাৰে সংগঠনটোৰ লখিমপুৰ জিলা সমিতিয়ে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত মানৱ শৃংখল প্ৰদৰ্শনেৰে ৰূপায়ণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী ৷

SBKF International Championship ত দুটাকৈ সোণৰ পদক দখল কুঞ্জলতাৰ

লাভলীনাৰ পাচত এইবাৰ জিলিকিছে কুঞ্জলতা বড়ো ৷ নেপালত অনুষ্ঠিত SBKF International Championship 2021 ত দুটাকৈ সোণৰ পদক দখল কুঞ্জলতা বড়োৰ ৷

বিশিষ্ট অভিনেতা নিপন গোস্বামীলৈ ভৱেন বৰুৱা বঁটা

বিশিষ্ট অভিনেতা নিপন গোস্বামীলৈ(Nipan Goswami) ভৱেন বৰুৱা বঁটা(Bhaben Baruah Award) প্ৰদানৰ ঘোষণা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ(AJYCP) নলবাৰী জিলা সমিতিৰ ৷ মঙলবাৰে এক সংবাদমেলযোগে এই কথা ঘোষণা কৰে সংগঠনটোৱে ৷ 4 ছেপ্তেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবত(Guwahati Press Club) এই বঁটা প্ৰদান কৰা হ’ব অভিনেতাগৰাকীক ৷

বেকী নৈৰ দলঙৰ তলত কি চলে দিনে-নিশাই ?

কলগাছিয়াৰ কৰাৰকুৰত বেকী নৈৰ(Beki River) দলঙৰ তলত অনৈতিক কাৰ্যত লিপ্ত একাংশ যুৱক ৷ দলঙৰ তলত থকা এটা সুৰংগত এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি দৈনিক নিচাযুক্ত দ্ৰব্য সেৱন কৰে একাংশ যুৱকে ৷ শেহতীয়াকৈ সাংবাদিকৰ কেমেৰাত বন্দী হৈছে এই দৃশ্য ৷

চন্দ্ৰপুৰৰ সলনি বিকল্প স্থানত হওক ডাম্পিং গ্ৰাউণ্ড

চৰকাৰে চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড বাতিলৰ সিদ্ধান্ত ঘোষণা নকৰা পৰ্যন্ত চন্দ্ৰপুৰবাসীয়ে অব্যাহত ৰাখিব প্ৰতিবাদ ৷ চন্দ্ৰপুৰ আছুৰ কাৰ্যালয়ত ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চৰ সংবাদমেল অনুষ্ঠিত হোৱাৰ পিছত ঘোষণা কৰা হয় এই কথা ৷

কিংবদন্তী গীতিকাৰ গুলজাৰলৈ জন্মদিনৰ শুভেচ্ছা

সংগীতক যাদুকৰী কৰি তোলা গীতিকাৰ গুলজাৰ চাহাব(Gulzar Saab)ৰ আজি ওপজা দিন ৷ জন্মদিনৰ শুভক্ষণত আহক উভতি যাও তেওঁ লিখা কেইটামান জনপ্ৰিয় গীতৰ মাজলৈ...

কংগ্ৰেছ নেতৃত্বক তীব্ৰ বাক্যবাণেৰে থকা-সৰকা সাংসদ দিলীপ শইকীয়াৰ

বিজেপি আৰু কংগ্ৰেছ দলৰ মাজত অব্যাহত আছে তীব্ৰ বাক-বিতণ্ডা ৷ শাসক-বিৰোধী দুই দুলৰ সভাপতিৰ বাক-বিতণ্ডাৰ অন্ত নৌহওতে পুনৰ কংগ্ৰেছ দলক কটাক্ষ কৰে বিজেপিৰ এগৰাকী সাংসদে ৷ পিছে কোন এই সাংসদ আৰু কিহৰ বাবেকটাক্ষ কৰিলে বিৰোধী দলটোক ?

কোন হ'ব ভাৰতৰ প্ৰথম মহিলা মুখ্য ন্যায়াধীশ ?

উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে(Supreme Court Collegium) মুঠ ৯ গৰাকী মহিলা ন্যায়াধীশৰ ভিতৰত ৩ গৰাকী মহিলা ন্যায়াধীশক সৰ্বোচ্চ ন্যায়ালয়লৈ মনোনীত কৰাৰ পৰামৰ্শ দিছে । ইয়াৰে এগৰাকী মহিলা ন্যায়াধীশে ভাৰতৰ প্ৰথম মহিলা মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

দিল্লীত উপস্থিত কাবুল দূতাবাসত আৱদ্ধ ভাৰতীয় কৰ্মচাৰী

অৱশেষত দিল্লীত উপস্থিত হ'ল আফগানিস্তানত আৱদ্ধ ভাৰতীয় দূতাবাসত কৰ্মৰত ভাৰতীয় কৰ্মচাৰী ৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে এই কথা জানিবলৈ দিছে ৷ ভাৰতীয় বায়ু সেনাৰ চি-১৭ হেভি লিফ্ট((IAF's C-17 heavy-lift aircraft)যোগে কূটনীতিবিদ, বিষয়া আৰু সাংবাদিকসকলৰ দল ভাৰতত উপস্থিত হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.