11 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Aug 9, 2021, 11:01 AM IST

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

হাগ্ৰামাই NIA ৰ ভয়ত বিজেপিৰ কাষ চাপিছে : গোবিন্দ বসুমতাৰী

উপ নিৰ্বাচনক কেন্দ্ৰ কৰি সম্প্ৰতি গৰম হৈ পৰিছে বিটিআৰৰ বতাহ ৷ এনে সময়তে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে বিজেপিৰ সৈতে মিত্ৰতা আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সতে গোপন বৈঠকত মিলিত হোৱা বুলি সৰৱ চৰ্চা চলিছে ৷ বিটিআৰৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীয়ে এই সন্দৰ্ভত দেওবাৰে চিৰাং জিলাত দলীয় স্থিতি ব্যক্ত কৰে ৷

বহিঃৰাজ্য়ৰ চাহে অশনি সংকেত কঢ়িয়াইছে ৰাজ্যৰ চাহখণ্ডলৈ

ৰাজ্য চৰকাৰে বহিঃৰাজ্য়ৰ পৰা চাহ আনি অসমত বিক্ৰী কৰাৰ বাবে অসমৰ উৎপাদিত চাহৰ বজাৰ নিম্নগামী হৈছে ৷ যাৰ ফলস্বৰূপে অসমত কেঁচা চাহপাতৰ দাম হ্ৰাস পাবলৈ ধৰিছে বুলি মন্তব্য কৰে পৰিচালকগৰাকীয়ে ৷ সম্প্ৰতি অসমত কেঁচা চাহপাতৰ দাম হ্ৰাস পোৱাত শংকিত হৈছে ক্ষুদ্ৰ চাহ খেতিয়ক (Small Tea Traders)সকল ।

বিজেপিয়ে মূৰ্খৰ স্বৰ্গত বাস কৰি আছে : অভিষেক বেনাৰ্জী

ত্ৰিপুৰাত বিপ্লৱ দেৱৰ নেতৃত্বত বিজেপিয়ে মূৰ্খৰ স্বৰ্গত বাস কৰি আছে বুলি মন্তব্য তৃণমূল কংগ্ৰেছৰ সাংসদ তথা দলটোৰ ছেকেণ্ড ইন কমাণ্ড(second in command) অভিষেক বেনাৰ্জীৰ ৷ তৃণমূলৰ 14 গৰাকীকৈ নেতাক গ্ৰেপ্তাৰৰ পাচতে এই মন্তব্য বেনাৰ্জীৰ ৷ তৃণমূলৰ নেতাৰ ওপৰত সংঘটিত আক্ৰমণক লৈ ইতিমধ্যে সৰৱ হৈ পৰিছে তৃণমূল কংগ্ৰেছ ৷ ইফালে সমগ্ৰ অভিযোগ নস্যাৎ কৰি এয়া ত্ৰিপুৰাৰ উন্নতি নিবিচৰা একাংশৰ ষড়যন্ত্ৰ বুলি অভিযোগ বিপ্লৱ কুমাৰ দেৱৰ ৷

অসমৰ স্বাৰ্থত একেলগে কাম কৰিব কংগ্ৰেছ-ৰাইজৰ দলে

কংগ্ৰেছ (Congress) দলৰ লগ লাগিব ৰাইজৰ দল (Raijor Dal) ৷ দেওবাৰে দ্বিতীয় লানি আলোচনাৰ অন্তত এই কথা স্পষ্ট কৰে দুয়োটা দলৰ নেতৃত্বই । কিন্তু AIUDFক বাদ দিয়া সন্দৰ্ভত স্থিতি স্পষ্ট কৰা নাই কংগ্ৰেছ নেতৃত্বই । ইফালে কংগ্ৰেছ মহাজোঁটত চামিল হোৱাত ৰাইজৰ দলৰ আপত্তি নাই যদিও AIUDF ৰ আপত্তি আছে বুলি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ (Akhil Gogoi)য়ে সদৰী কৰে ৷

"ঠাকুৰ সজ্জন সিং" খ্যাত অভিনেতা অনুপম শ্যামৰ দেহাৱসান

প্ৰতিজ্ঞাৰ ঠাকুৰ সজ্জন সিং আৰু নাই ৷ দেওবাৰে নিশা মুম্বাইৰ লাইফ লাইন হাস্পতালত বাৰ্ধক্যজনিত কাৰণত অভিনেতাগৰাকীৰ মৃত্যু ঘটে ৷

নাগাচাকিৰ পাৰমাণৱিক বোমা বিস্ফোৰণৰ 76 বছৰ : পীড়িতলৈ শ্ৰদ্ধাঞ্জলি

১৯৪৫ চনৰ পাৰমাণৱিক বোমা বিস্ফোৰণৰ ভুক্তভোগীসকললৈ শ্ৰদ্ধাঞ্জলি ৷ সোমবাৰে নাগাচাকিয়ে উক্ত বোমা বিস্ফোৰণত প্ৰাণ হেৰুওৱাসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব ৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত 189,163 জন ভুক্তভোগীৰ নাম সন্নিৱিষ্ট এটা স্মাৰক স্থাপন কৰা হ'ব ৷

বিজেপি চৰকাৰ সদায় দৰিদ্ৰ জনৰ লগত আছেঃ মন্ত্ৰী যোগেন মহন

ৰাজ্যত অব্যাহত থকা ক'ভিড পৰিস্থিতি কিছু শাম কটাৰ সুযোগ গ্ৰহণ কৰি চৰকাৰী আঁচনি ৰূপায়নত তৎপৰ হৈছে ৰাজ্যৰ মন্ত্ৰী বিধায়ক সকল ৷ দেওবাৰে মন্ত্ৰী যোগেন মহনে আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰিলে প্ৰধান মন্ত্ৰী আৱাস যোজনা অধীনৰ গৃহ প্ৰৱেশ সমাৰোহ ৷

লাভলীনা বৰগোঁহাইৰ পিতৃ-মাতৃক গোলাঘাট জিলা প্ৰশাসনৰ সম্বৰ্ধনা

জাপানৰ টকিঅ'ত অনুষ্ঠিত হোৱা অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰি সমগ্ৰ দেশৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোঁহাইৰ বাসগৃহত উপস্থিত জিলা উপায়ুক্ত সহ প্ৰশাসনৰ এটি দল ৷ লাভলীনাৰ পিতৃ-মাতৃক সম্বৰ্ধনা জ্ঞাপন কৰে দলটোৱে ৷

চাবুৱাত কেঁচা চাহপাতৰ বাহন প্ৰৱেশত বাধা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ

ক্ষুদ্ৰ চাহ খেতিয়কৰ উৎপাদিত কেঁচা চাহপাতক উচিত মূল্য প্ৰদান কৰাৰ দাবীত ৰাজ্যত প্ৰতিবাদ অব্যাহত আছে ৷ ইয়াৰ মাজতে শনিবাৰে সৰবৰাহ হোৱা কেঁচা পাতৰ বাহনসমূহ চাবুৱাত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই ।

অসম-মেঘালয় সীমা বিবাদক লৈ মুখ্য সচিব জীষ্ণু বৰুৱাৰ প্ৰতিক্ৰিয়া

অসম-মিজোৰাম সীামান্তস্থিত (Assam-Mizoram Border) লাইলাপুৰত সংঘটিত ঘটনাক লৈ ৰাজ্যত বৰ্তমানেও অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ ইয়াৰ মাজতে এইবাৰ অসম-মেঘালয় সীমা বিবাদক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্য সচিব (Chief Secratary) জিষ্ণু বৰুৱাই (Jishnu Baruah) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.