ধুবুৰীত কাৰাগাৰৰ পৰা ওলাই আহোতেই পুনৰ গ্ৰেপ্তাৰ চাৰিটা মাফিয়াক

author img

By

Published : Jan 20, 2022, 2:23 PM IST

police-arrests-4-person-accused-of-fake-indian-currency-smuggling-at-dhubri

কাৰাগাৰৰ দুৱাৰ মেলি বাহিৰত ভৰি দিছিল হে চহিদুৰ, আয়ুব, ইউনুচ আৰু আছিফ ইকবালে ৷ হঠাৎ সন্মুখত ওলালহি আৰক্ষী ৷ চাৰিওকে ধৰি লৈ গ'ল থানালৈ (Fake currency smuggler arrested at Dhubri) ৷ সিহঁতে তেতিয়াহে গম পালে, জেলৰ ভাত খোৱাৰ দিন শেষ হোৱা নাই বুলি ৷

ধুবুৰী, 20 জানুৱাৰী : ধুবুৰীত কাৰাগাৰৰ পৰা ওলায়েই পুনৰ গ্ৰেপ্তাৰ হ'ল চাৰিজনকৈ লোক ৷ এটা গোচৰৰ পৰা মুক্ত নৌহওঁতেই তেওঁলোকৰ নাম সাঙোৰ খালে আন এটা গোচৰত ৷ গৰু চোৰাং বেহা চলোৱাৰ গোচৰত কাৰাবন্দী হৈ থকা চাৰিজন লোকে কাৰাগাৰৰ বাহিৰলৈ অহাৰ সময়তে এইবাৰ জালনোট সৰবৰাহৰ অপৰাধৰ বাবে আৰক্ষীয়ে পুনৰ জেল হাজোতলৈ প্ৰেৰণ কৰিলে (Police arrests 4 person accused of fake Indian currency smuggling) ৷

ঘটনা অনুসৰি, বিগত বৰ্ষৰ ডিচেম্বৰ মাহত গৰুৰ চোৰাং কাৰবাৰৰ সৈতে জড়িত থকাৰ এক গোচৰত গৌৰীপুৰৰ কুখ্যাত গো-মাফিয়া আছিফ ইকবালৰ লগতে ধুবুৰী ৰৌৱা অঞ্চলৰ চহিদুৰ ৰহমান, আইয়ুব আলী, আৰু পানবাৰীৰ ইউনুচ আলীক আটক কৰিছিল । ধুবুৰী আদালতে চাৰিওজনৰ জামিন মঞ্জুৰ কৰাৰ পিছত ধুবুৰী জিলা কাৰাগৰৰ পৰা বুধবাৰে মুকলি আকাশৰ তললৈ ওলাই আহিছিল চাৰি অভিযুক্তই ।

পিছে গৌৰীপুৰ আৰক্ষী থানাত জালনোট সৰবৰাহৰ অভিযোগত ৰুজু হৈ থকা 1640/21 U/S. 120(B), 489 (A),489 (B), আৰু 489 (C) গোচৰৰ ভিত্তিত কাৰাগৰৰ সন্মুখৰ পৰাই পুনৰ জেললৈ উভতি যাবলৈ লগা হ'ল চাৰি অভিযুক্ত ৷ ভাৰতীয় দণ্ড বিধি আইনৰ ধাৰাৰ অধীনত ৰুজু হোৱা এজাহাৰৰ ভিত্তিত বুধবাৰে পুনৰ গৌৰীপুৰৰ বালাজান আৰক্ষীয়ে চাৰিওজনক আটক কৰে (Fake currency smuggler arrested at Dhubri) ৷ বৃহস্পতিবাৰে চাৰিওজন অভিযুক্তক ধুবুৰী আদালতত হাজিৰ কৰায় । তাৰ পিছতেই আদালতে ধৃত চাৰিওজনক পুনৰ জেল হাজোত লৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : India corona update : দেশত 93,051 গৰাকী লোক বিগত 24 ঘণ্টাত নতুনকৈ আক্ৰান্ত ক’ভিডত

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.