ধুবুৰীত ধৰ্ষণৰ গোচৰত এজনক যাৱজ্জীৱন কাৰাদণ্ড

author img

By

Published : Sep 21, 2022, 10:14 PM IST

man gets sentenced to life imprisonment for rape case in Dhubri

ধুবুৰীত ধৰ্ষণৰ গোচৰত এজনক যাৱজ্জীৱন কাৰাদণ্ড (Man gets sentenced to life imprisonment for rape) ৷ বুধবাৰে ধুবুৰীৰ অতিৰিক্ত ন্যায়িক দণ্ডাধীশ আৰু স্পেচিয়েল পকছো আদালতে ধৰ্ষণৰ গোচৰৰ এক গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰে ।

ধুবুৰী, 21 ছেপ্টেম্বৰ: বুধবাৰে ধুবুৰীৰ অতিৰিক্ত ন্যায়িক দণ্ডাধীশ আৰু স্পেচিয়েল পকছো আদালতে ধৰ্ষণৰ গোচৰৰ এক গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰে । এগৰাকী ধৰ্ষণকাৰী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে ১ লাখ টকাৰ জৰিমনা বিহা ঘটনাই সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে (Man gets sentenced to life imprisonment for rape) ।

ধুবুৰীৰ তামাৰহাটৰ অতুল বিশ্বাস নামৰ এজন লোকে বিগত 2021 চনৰ ৩১ আগষ্টৰ সন্ধিয়া এগৰাকী ১১ বছৰীয়া নাবালিকাক বলপূৰ্বকভাৱে বলৎকাৰ কৰিছিল । ধৰ্ষণৰ পিছত এশ টকা আৰু এটা চিপছৰ পেকেট দি মুখ বন্ধ কৰাৰ চেষ্টা কৰিছিল অতুল বিশ্বাস নামৰ লম্পটজনে ( Rape case in Dhubri) । তাৰ উপৰিও ধৰ্ষিতা নাবালিকাৰ লগতে ভুক্তভোগী পৰিয়ালটোক হত্যাৰ ভাবুকি প্ৰদান কৰি অহাৰ অভিযোগ উত্থাপন হৈছিল অভিযুক্ত অতুল বিশ্বাসৰ বিৰুদ্ধে ।

ধুবুৰীত ধৰ্ষণৰ গোচৰত এজনক যাৱজ্জীৱন কাৰাদণ্ড

অৱশ্যে এই দাবী-ধমকিৰ প্ৰতি ভ্ৰুক্ষেপ নকৰি ঘটনাৰ এদিন পিছতেই তামাৰহাট আৰক্ষী থানাত ধৰ্ষণকাৰী অতুল বিশ্বাসৰ বিৰুদ্ধে ২০৮/২১ নম্বৰত পৰিয়ালৰ লোকে এক গোচৰ ৰুজু কৰাইছিল । উক্ত গোচৰটোৰে বুধবাৰে ৰায় প্ৰদান কৰে ধুবুৰী আদালতে । ধুবুৰী অতিৰিক্ত ন্যায়িক দণ্ডাধীশ আৰু স্পেচিয়েল পকছো আদালতে অভিযুক্ত অতুল বিশ্বাসক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে এক লাখ টকা জৰিমনা বিহে ।

গোচৰটোৰ চৰকাৰী পক্ষৰ অধিবক্তা হিচাপে যুক্তি তৰ্ক আগবঢ়ায় জ্যেষ্ঠ অধিবক্তা উত্তম কুমাৰ সৰকাৰে । অধিবক্তা সৰকাৰে জনোৱা তথ্য অনুসৰি জৰিমনাৰ এক লাখ টকা আদায় দিব নোৱাৰিলে অতিৰিক্ত এক বছৰ কাৰাবাস খাটিব লাগিব অভিযুক্ত অতুল বিশ্বাসে ।

লগতে পঢ়ক: উত্তৰ প্ৰদেশত উদ্ধাৰ মহানগৰীৰ অপহৃত কিশোৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.