গৌৰাংটাৰীৰ হত্যাকাণ্ড : আৰক্ষীৰ জালত মূল অভিযুক্ত দুদুল চৌধুৰী

author img

By

Published : Oct 11, 2021, 12:57 PM IST

Suspected murder of Umakant Burman

ধুবুৰীৰ শালকোচাৰ গৌৰাংটাৰীত 25 ছেপ্তেম্বৰত সংঘটিত হৈছিল এক হত্যাকাণ্ড ৷ শালকোচা আৰক্ষীয়ে উক্ত ঘটনাৰ তদন্ত চলাই আটক কৰে মূল অভিযুক্তজনক ৷

পূৱ বিলাসীপাৰা, ১১ অক্টোবৰ : ধুবুৰীৰ শালকোচাৰ গৌৰাংটাৰীত 25 ছেপ্তেম্বৰত সংঘটিত হৈছিল এক হত্যাকাণ্ড ৷ উমাকান্ত বৰ্মন নামৰ এজন লোকক দুদুল চৌধুৰী নামৰ আন এজন লোকে গৌৰাংটাৰী গাঁৱৰ পৰা বাইকৰ পিছফালে উঠাই লৈ যায় ৷ ইয়াৰ পিছতে উমাকান্তৰ পৰিলায়ৰ লোকে পথৰ কাষত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰিছিল উমাকান্তক ৷

Suspected murder of Umakant Burman
শালকোচাৰ গৌৰাংটাৰী হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

আহত উমাকান্তক প্ৰথমে কোকৰাঝাৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হৈছিল ৷ পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰা হয় ৷ জি এম চি এইচলৈ নিয়া অৱস্থাতে মৃত্যু ঘটে উমাকান্ত বৰ্মনৰ ৷ এই সন্দৰ্ভতে উমাকান্তৰ পৰিয়ালৰ লোকে দুদুল চৌধুৰীৰ বিৰুদ্ধে উমাকান্তক মাৰপিট কৰি হত্যা কৰা বুলি থানাত এজাহাৰ দাখিল কৰে ৷

শালকোচাৰ গৌৰাংটাৰী হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

অৱশেষত দেওবাৰে শালকোচা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এই হত্যাকাণ্ডৰ মূল অভিযুক্ত দুদুল চৌধুৰীক ৷ শালকোচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিপুল দাসৰ নেতৃত্বত এটা আৰক্ষীৰ দলে গ্ৰেপ্তাৰ কৰে দুদুল চৌধুৰীক ৷

প্ৰথমাৱস্থাত এই ঘটনাৰ লগত জড়িত আন এগৰাকী অভিযুক্ত দীপজ্যোতি ৰায়ক আটক কৰিছিল শালকোচা আৰক্ষীয়ে ৷ দীপজ্যোতি ৰায়ে 9 অক্টোবৰত দিয়া স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে কৰায়ত্ত কৰে দুদুল চৌধুৰীক ৷ সম্প্ৰতি দুদুল চৌধুৰী শালকোচা আৰক্ষীৰ জিম্মাত আছে ৷ শালকোচা আৰক্ষীয়ে অধিক তথ্যৰ বাবে দুদুল চৌধুৰীৰ জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : বিধায়ক শ্বেৰমানৰ মুক্তিৰ দাবীত মাণিকপুৰত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.