দুটা পক্ষৰ যুঁজত ৰণক্ষেত্ৰত পৰিণত ধুবুৰী ৰাজীৱ ভৱন

author img

By

Published : Sep 22, 2022, 9:33 PM IST

Internal conflict in Dhubri congress

নিজৰ মাজতেই বিসম্বাদৰ সৃষ্টি কৰি ধুবুৰী ৰাজীৱ ভৱনত অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি কৰে একাংশ কংগ্ৰেছৰ নেতা-কৰ্মীয়ে (Clash among congress workers)। দেশী আৰু মিঞাকলৈ কংগ্ৰেছৰ ভিতৰচ’ৰাত সম্প্ৰতি বিসম্বাদৰ জুইৰ সূত্ৰপাত হোৱা ঘটনাই ব্যপক চৰ্চা লাভ কৰিছে ধুবুৰীৰ ৰাজনৈতিক মহলত (Internal conflict in Dhubri congress) ।

ধুবুৰী, 22 ছেপ্টেম্বৰ: ধুবুৰীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ দুই ফৈদৰ মাজত উত্তপ্ত পৰিস্থিতি (Tense situation in Dhubri Rajiv Bhawan)। জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি চামছুল ইছলামৰ কিছু মন্তব্যৰ বিৰুদ্ধে দুগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতাই ৰাজীৱ ভৱনত অনুষ্ঠিত কৰা সংবাদমেলত একাংশ কংগ্ৰেছ কৰ্মীয়ে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে । দেশী আৰু মিঞাকলৈ কংগ্ৰেছৰ ভিতৰচ’ৰাত সম্প্ৰতি বিসম্বাদৰ জুইৰ সূত্ৰপাত হোৱা ঘটনাই ব্যপক চৰ্চা লাভ কৰিছে ধুবুৰীৰ ৰাজনৈতিক মহলত (Internal conflict in Dhubri congress) ।

লক্ষণীয় বিষয় যে, বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছে দেশজুৰি ভাৰত জোড়ো কাৰ্যসূচীৰ (Bharat Jodo Yatra of Congress) জৰিয়তে দলীয় সাংগঠনিক ভেটি শক্তিশালী কৰাৰ প্ৰয়াস কৰিছে । তেনে সময়তে আজি নিজৰ মাজতেই বিসম্বাদৰ সৃষ্টি কৰি ধুবুৰী ৰাজীৱ ভৱনত অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি কৰে একাংশ কংগ্ৰেছৰ নেতা-কৰ্মীয়ে (Clash among congress workers)।

দুটা পক্ষৰ যুঁজত ৰণক্ষেত্ৰত পৰিণত ধুবুৰী ৰাজীৱ ভৱন

দৰাচলতে দুদিন পূৰ্বে ধুবুৰী গ্ৰামীণ ব্লক কংগ্ৰেছৰ নৱ নিযুক্ত সভাপতিক আদৰণি জনোৱাৰ উদ্দেশ্যে ৰাজীৱ ভৱনত আয়োজন কৰা হৈছিল এখন সভা ৷ জিলা কংগ্ৰেছৰ সভাপতি চামছুল ইছলামে সভাত নিজৰ ভাষণত গৰীয়া, মৰিয়া, দেশী জনগোষ্ঠীয় লোকক দালাল আখ্যাৰে কিছু আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ জ্যেষ্ঠ কংগ্ৰেছীয়ে ।

লগতে পঢ়ক: কংগ্ৰেছৰে মিত্ৰতা অসম্ভৱ: অহা লোকসভা নিৰ্বাচনত নগাঁৱৰ দুটা সমষ্টিত নিজা প্ৰাৰ্থী দিব এ আই ইউ ডি এফে

জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি চামছুল ইছলামৰ মন্তব্যৰ বিৰুদ্ধে আজি কংগ্ৰেছ দলৰ মধুশৌলমাৰী জিলা পৰিষদৰ সদস্য ৰেজাউল ইছলামে জিলা কংগ্ৰেছৰ এগৰাকী সাধাৰণ সম্পাদকক লগত লৈ ৰাজীৱ ভৱনত এটা কোঠাত সংবাদ মেল সম্বোধন কৰে (Clash in Dhubri congress)। সংবাদমেল চলি থকাৰ সময়তে ধুবুৰী জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি চামছুল ইছলামৰ একাংশ সমৰ্থকৰূপী দলীয় কৰ্মীয়ে সৃষ্টি কৰে হুলস্থুলীয়া পৰিৱেশৰ ।

এটা সময়ত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাৰ ফলত কংগ্ৰেছ নেতা ৰেজাউল ইছলামে অন্য স্থানত সংবাদমেল সম্বোধন কৰি জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতিজনৰ বিৰুদ্ধে কেতবোৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰে (Allegation against Dhrubri congress president)।

সমান্তৰালভাৱে জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক এগৰাকীয়েও নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি এনেকুৱা স্বভাৱৰ লোক সভাপতি পদত থাকিলে দলৰ ক্ষতি হ’ব বুলি দাবী কৰে । ইপিনে হুলস্থুলীয়া পৰিৱেশৰ পিছতেই দলীয় কৰ্মীসকলে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি সভাপতি গৰাকীৰ বিৰুদ্ধে অনা সকলো অভিযোগ খণ্ডন কৰে জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি গৰাকীয়ে ।

লগতে পঢ়ক: মন্ত্ৰী অশোক সিংঘালৰ বিৰুদ্ধে সৰৱ গুৱাহাটীৰ তিনিগৰাকী বিধায়ক

কিন্তু লক্ষণীয় বিষয় যে, ৰাজীৱ ভৱনত দুটা পক্ষৰ উত্তপ্ত পৰিস্থিতি আৰু হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হোৱাৰ সময়তে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত আগভাগ নোলোৱাকৈ নিজৰ কোঠাতেই ৰহস্যজনকভাৱে বহি থাকে ভাৰপ্ৰাপ্ত জিলা কংগ্ৰেছৰ সভাপতি গৰাকী । অৱশ্যে তেওঁ এই বিষয়ে অৱগত নহয় বুলি চাঞ্চল্যকৰ আৰু দায়সৰা মন্তব্য কৰে ।

ইপিনে সভাপতি গৰাকীয়ে নিজৰ কোঠাত বহি থাকি একাংশ সমৰ্থকৰূপী কংগ্ৰেছ কৰ্মীক সংবাদমেললৈ পঠিয়াই দি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰোৱা বুলি কংগ্ৰেছ নেতা ৰেজাউল ইছলাম আৰু কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৰাকীয়ে অভিযোগ উত্থাপন কৰে ।

এনে ক্ষেত্ৰত ভাৰপ্ৰাপ্ত সভাপতি চামছুল ইছলামে নিজৰ কোঠাত বহি থকা সময়তে সৃষ্টি হোৱা হুলস্থুলীয়া পৰিৱেশ কিয় নিয়ন্ত্ৰণ কৰিবলৈ আগবাঢ়ি যোৱা নাই সেয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন । ভাৰপ্ৰাপ্ত সভাপতিগৰাকীয়ে পৰিকল্পিতভাৱে একাংশৰ জৰিয়তে সংবাদমেলত অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি কৰিছে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰিছে একাংশ কংগ্ৰেছ কৰ্মীয়ে ।

উল্লেখ্য যে, বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছে দলীয় সাংগঠনিক ভেটি শক্তিশালী কৰাৰ পৰিকল্পনা কৰি থকাৰ সময়তে ধুবুৰী জিলা কংগ্ৰেছে আৰম্ভ কৰিছে দেশী আৰু মিঞাৰ বিভাজন আৰু বিসম্বাদৰ ৰাজনীতি । সম্প্ৰতি ধুবুৰীত দুটা ভাগত বিভক্ত জিলা কংগ্ৰেছ । যি কংগ্ৰেছৰ বাবে মুঠেই শুভ লক্ষণ নহয় । দুয়ো পক্ষই পৃথক পৃথকে প্ৰদেশ কংগ্ৰেছৰ সভাপতিক এই বিষয়ে অৱগত কৰিব বুলি উল্লেখ কৰে সংবাদ মাধ্যমৰ আগত ।

লগতে পঢ়ক: দলীয় অন্তঃকন্দল: পৰিষদীয় সমষ্টিৰ কাৰ্যবাহীৰ বিৰুদ্ধে ক্ষোভ দলীয় কৰ্মীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.