Why loan application is rejected : বেংকে আপোনাৰ ঋণৰ আবেদন নাকচ কৰিছে নেকি, ইয়াৰ কাৰণ কি হ'ব পাৰে ?

author img

By

Published : Jan 20, 2023, 10:17 AM IST

Why loan application is rejected

বিভিন্ন সময়ত আমি ঋণৰ বাবে বেংকৰ ওচৰলৈ গৈও নিৰাশ হ'ব লাগে । সকলো তথ্য দিয়াৰ পাছতো আমাৰ আবেদন নাকচ কৰা হয় । ইয়াৰ বহু কেইটা কাৰণ আছে (Loan application rejection reason)। তাৰ ভিতৰত অন্যতম হৈছে কম ক্ৰেডিট স্ক'ৰ । ক্ৰেডিট স্ক'ৰ বৃদ্ধি কৰিবলৈ কি কৰা উচিত ?

নিউজ ডেস্ক,২০ জানুৱাৰী : যেতিয়া আমি এটা ঘৰ বা গাড়ী ক্ৰয় কৰিব বিচাৰো তেতিয়া আমি ঋণৰ বাবে বেংকলৈ যাও । যেতিয়া এক অপ্ৰত্যাশিত প্ৰয়োজনীয়তাৰ উদ্ভৱ হয়, তেতিয়া সূতৰ হাৰ বেছি হ'লেও আমি ব্যক্তিগত ঋণৰ বাবে আবেদন জনাও । কিন্তু আমি আমাৰ ঋণ আবেদনত সকলো প্ৰয়োজনীয় তথ্য দিলেও, কেতিয়াবা বেংকে এই আবেদন প্ৰত্যাখ্যান কৰাৰ সম্ভাৱনা থাকে (Why bank reject your loan application)। এনে পৰিস্থিতিত কি কৰিব ?

সূতৰ হাৰ ক্ৰমান্বয়ে বৃদ্ধি হৈ আছে । প্ৰতিবেদন অনুসৰি, খুচুৰা ঋণৰ চাহিদা বৃদ্ধি পাইছে (Retail loans is increasing)। সেয়েহে, বেংকবোৰে প্ৰতিটো আবেদন সতৰ্কতাৰে পৰীক্ষা কৰি আছে । ঋণ লওতাৰ আবেদনৰ ভিত্তিত ঋণ প্ৰদানৰ পূৰ্বে তেওঁলোকে সকলো দিশ পৰ্যালোচনা কৰে । এনে পৰিস্থিতিত, যদি আপোনাৰ ঋণৰ আবেদন নাকচ হয়, প্ৰথমে কাৰণবোৰ বিচাৰি উলিয়াওক (Loan application rejection reason)।

সাধাৰণতে, বেংক বা অনা-বেঙ্কিং বিত্তীয় কোম্পানীয়ে ঋণৰ আবেদন নাকচ কৰাৰ কাৰণবোৰ স্পষ্ট কৰি দিয়ে । কম ক্ৰেডিট স্ক'ৰ (Low credit score), অপৰ্যাপ্ত উপাৰ্জন, কিস্তিবোৰে ইতিমধ্যে উপাৰ্জনৰ ৫০ শতাংশ স্পৰ্শ কৰিছে, পূৰ্বে ইএমআই পলমকৈ পৰিশোধ কৰিছে, সঘনাই চাকৰি সলনি ঘৰ ক্ৰয় কৰাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হোৱাৰ মুখ্য কাৰণ । ক্ৰেডিট ৰিপ'ৰ্টৰ ত্ৰুটিৰ ফলত কেতিয়াবা ঋণৰ আবেদন নাকচ হ'ব পাৰে (Low credit score may reject loan application)।

আপুনি এটা ভাল ক্ৰেডিট ৰিপ'ৰ্ট নিশ্চিত কৰিব লাগিব (Ensure a good credit report)। ভাল ক্ৰেডিট স্ক'ৰ পাবলৈ, বৰ্তমানৰ ঋণৰ কিস্তিবোৰ সময়মতে পৰিশোধ কৰিব লাগিব । ৭৫০ ৰ ওপৰত ক্ৰেডিট স্ক'ৰ থাকিলে ঋণৰ আবেদন নাকচ হোৱাৰ সম্ভাৱনা কম । যদি কম স্ক'ৰৰ বাবে আবেদনখন নাকচ কৰা হয়, ক্ৰেডিট স্ক'ৰ বৃদ্ধি কৰিবলৈ চেষ্টা কৰক । সময়মতে কিস্তি আৰু ক্ৰেডিট কাৰ্ডৰ বিল পৰিশোধ কৰিলে ক্ৰমান্বয়ে স্ক'ৰ বৃদ্ধি হ'ব (Pay credit card bill on time)।

কেইদিনমানৰ বাবে ক্ৰেডিট কাৰ্ড কমকৈ ব্যৱহাৰ কৰক । বৰ্তমানৰ ক্ৰেডিট কাৰ্ডখন বাতিল নকৰিব । নতুন কাৰ্ডৰ বাবে আবেদন কৰিলে নম্বৰৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব । নতুন ঋণ কোম্পানীটোৱে বৰ্তমান ঋণ আৰু সেইবোৰৰ ওপৰত পৰিশোধ কৰা ইএমআইবোৰো চাব । আপোনাৰ বৰ্তমানৰ ইএমআইবোৰ আপোনাৰ মুঠ উপাৰ্জনৰ ৪৫-৫০ শতাংশ অতিক্ৰম কৰিব নালাগে । যদি আপোনাৰ উপাৰ্জনৰ কিস্তিৰ অনুপাত ইতিমধ্যে এই স্তৰত উপনীত হয়, বেংকবোৰে নতুন ঋণ দিয়াৰ কথা বিবেচনা নকৰিব।

যেতিয়াই আপুনি ঋণ বা ক্ৰেডিট কাৰ্ডৰ বাবে আবেদন কৰে, বিৱৰণবোৰ আপোনাৰ ক্ৰেডিট ৰিপ'ৰ্টত উল্লেখ কৰা হয় (Credit card report)। কম সময়ৰ ভিতৰত অধিক ঋণৰ বাবে আবেদন কৰাটো কেতিয়াও ভাল ধাৰণা নহয় । যদি আৱেদন এবাৰ নাকচ কৰা হয়, তেন্তে সেয়া পুনৰাবৃত্তি কৰা হ'ব পাৰে । সেয়েহে, দুটা বা তিনিটা ঋণ কোম্পানীৰ সৈতে একে সময়তে যোগাযোগ কৰিব নালাগে । এনে কৰিলে ঋণ প্ৰদান কৰা প্ৰতিষ্ঠানবোৰে ভাবে যে আপুনি ঋণৰ বাবে আকুল হৈ আছে । এইটোৱে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে ।

আপুনি মাহিলী হিচাপত আপোনাৰ ক্ৰেডিট ৰিপ'ৰ্ট লাভ কৰিব পাৰে (How to get credit score)। আপুনি সময়ে সময়ে আপোনাৰ ক্ৰেডিট স্ক'ৰৰ বিষয়ে আপডেট কৰি থাকিব পাৰে । বহুতো কোম্পানীয়ে এতিয়া ইয়াক বিনামূলীয়াকৈ আগবঢ়ায় । এই প্ৰতিবেদনত আপোনাৰ ঋণ সম্পৰ্কীয় সকলো লেনদেন অন্তৰ্ভুক্ত আছে । যদি আপোনাৰ ঋণৰ আৱেদন কম ক্ৰেডিট স্ক'ৰৰ বাবে নাকচ কৰা হয় তেন্তে এই ক্ষেত্ৰত গুৰুত্ব দিয়ক । স্ক'ৰ ৭৫০ নোহোৱালৈকে, নতুন ঋণ ল'বলৈ নাযাব । স্ক'ৰ বৃদ্ধি হোৱাৰ বাবে কমেও ৪-১২ মাহ অপেক্ষা কৰক । যদি আপোনাৰ ইতিমধ্যে ৭৫০ স্ক'ৰ আছে, তেন্তে ই আৰু বৃদ্ধি হ'ব ।

লগতে পঢ়ক :Use of contingency fund: বিপদৰ সময়ত কি দৰে কাম কৰে আপোনাৰ জৰুৰী পুঁজিয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.