Myntra big fashion festival: এতিয়াই Wishlist কৰক আপোনাৰ পচন্দৰ সামগ্ৰী

author img

By

Published : Sep 9, 2022, 1:54 PM IST

festive season bff on myntra big fashion festival for festive season

উৎসৱৰ বতৰত পাব বিগ অফাৰ ৷ এতিয়াই Wishlist কৰক আপোনাৰ পচন্দৰ সামগ্ৰী ৷ কাৰণ শীঘ্ৰেই আহি আছে Myntraৰ Big Fashion Festival(Myntra BFF) ৷

নেশ্যনেল ডেস্ক, 9 ছেপ্টেম্বৰ: Mega Eventৰ পূৰ্বে ১০০ৰো অধিক নতুন ফেশ্বন, বিউটি আৰু লাইফষ্টাইল মুকলিৰ সৈতে নিজৰ ‘বিগ ফেশ্বন ফেষ্টিভেল’(Myntra BFF)ৰ আগমনৰ কথা ঘোষণা কৰে আগশাৰীৰ ফেশ্বন ই-কমাৰ্চ প্লেটফৰ্ম মিন্ট্ৰাই (Myntra) । কোম্পানীটোৱে জনোৱা মতে, এই উৎসৱমুখৰ ফেশ্বন ইভেণ্টত ৬০ লাখতকৈ অধিক গ্ৰাহকে বজাৰ কৰিবলৈ সাজু হৈছে ।

কোম্পানীটোৱে কয় যে, সমগ্ৰ বিশ্বৰ ৬ হাজাৰৰো অধিক ব্ৰেণ্ডৰ বাবে ক্ৰেতাসকলক ১৫ লাখ ষ্টাইল প্ৰদান কৰাৰ সুযোগ দিয়া হ'ব, যিটো পূৰ্বৰ উৎসৱৰ তুলনাত ৫০ শতাংশ বৃদ্ধি পাইছে, য'ত অন্তৰ্ভুক্ত থাকিব ফেশ্বন, সৌন্দৰ্য, আৰু বহুতো নতুন কালেকশ্যন ।

আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ব্ৰেণ্ডসমূহে ৫০-৯০ শতাংশৰ ভিতৰত ডাঙৰ মূল্যৰ অফাৰ আগবঢ়াব আৰু মিন্ট্ৰাৰ(Myntra BFF Sale) উৎসৱৰ অনুষ্ঠানত গ্ৰাহকৰ সংযোগ গঢ়ি তুলিব । কোম্পানীটোৰ মতে, এক্সিছ বেংকৰ ডেবিট আৰু ক্ৰেডিট কাৰ্ডৰ সহায়ত ধন পৰিশোধ কৰা গ্ৰাহকে অতিৰিক্ত ১০ শতাংশ সঞ্চয় লাভ কৰিব ।

Myntra ৰ জনপ্ৰিয় ল'য়ালিটি প্ৰগ্ৰেম 'Myntra Insiders' ৰ সদস্যসকলে সকলোৰে সন্মুখত আগতীয়াকৈ প্ৰৱেশৰ সময়ছোৱাত ফেষ্টিভ অফাৰসমূহ লাভ কৰিব পাৰে আৰু সকলো অৰ্ডাৰত বিনামূলীয়া শিপিং, Myntra গিফ্ট কাৰ্ড, শীৰ্ষ ব্ৰেণ্ডৰ পৰা ভাউচাৰ, OTT চাবস্ক্ৰিপচন হুহ আদিৰ দৰে বহুতো সুবিধা লাভ কৰিব ।

বিগ ফেশ্বন ফেষ্টিভেলৰ এই সংস্কৰণত Biba, Levi's, H&M, Roadster, Nike, Nautica, Mango, Fossil, Maybelline, Adidas, Anouk, House of Pataudi আৰু Boatৰ দৰে জনপ্ৰিয় ব্ৰেণ্ডসমূহে সমগ্ৰ দেশৰ গ্ৰাহকসকলক তেওঁলোকৰ শেহতীয়া প্ৰস্তাৱ আৰু ফেষ্টিভ কালেকশ্যনসমূহ দেশত প্ৰদৰ্শন কৰিব । ক্ৰেতাসকলক তেওঁলোকৰ ফ্ৰেচ আৰু ট্ৰেণ্ডি কালেকশ্যনৰ দ্বাৰা প্ৰলোভিত কৰিবলৈ ১০০ৰো অধিক নতুন কালেকশ্যন মুকলি কৰা হ’ব । প্ৰথমবাৰৰ বাবে সদ্য মুকলি কৰা হেৰিটেজ শাৰী ব্ৰেণ্ড নল্লী যিকোনো ই-কমাৰ্চ প্লেটফৰ্মত শাৰী প্ৰেমীসকলৰ বাবে উপলব্ধ হ’ব ।

BFFৰ সময়ত নতুন কালেকশ্যন মুকলি কৰিবলগীয়া আন কিছুমান জনপ্ৰিয় এথনিক ৱেৰ ব্ৰেণ্ডৰ ভিতৰত আছে Manyavar আৰু Aurelia । ইয়াত লগতে কোৱা হৈছে যে, আন বহুতো ব্ৰেণ্ডৰ লগতে Rogan & Dresberry, Rough & Tough and Nauticaৰ দৰে ব্ৰেণ্ডৰ পৰা কিশোৰ-কিশোৰীৰ কালেকশ্যন মুকলি কৰাটোৱে কিশোৰ-কিশোৰীসকলৰ ট্ৰেণ্ডি ফেশ্বনৰ প্ৰয়োজনীয়তা পূৰণ কৰিব । মিন্ট্ৰাৰ বিগ ফেশ্বন ফেষ্টিভেলৰ শেষৰ সংস্কৰণত সমগ্ৰ দেশৰ ক্ৰেতাসকলৰ পৰা পূৰ্ণ সমৰ্থন পোৱা গৈছিল আৰু ৫৫ লাখৰো অধিক ক্ৰেতাই মিন্ট্ৰাৰ পৰা সামগ্ৰী ক্ৰয় কৰিছিল । কোম্পানীটোৰ মতে, এই বছৰৰ সংস্কৰণত বৃহৎ আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ব্ৰেণ্ডসমূহে লাখ লাখ গ্ৰাহকৰ সৈতে তেওঁলোকৰ ফেষ্টিভ ফেশ্বনৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে যোগাযোগ কৰিবলৈ সাজু হৈছে ।

লগতে পঢ়ক : দীপাৱলীৰ পূৰ্বে আহি আছে জিঅ’ৰ 5 জি সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.