বিশ্বৰ OTT প্লেটফৰ্ম বজাৰত আধিপত্য বৃদ্ধি পাইছে ভাৰতৰ

author img

By

Published : Jul 18, 2021, 1:57 PM IST

OTT market

আৰবিএছএ এডভাইজাৰৰ (RBSA Advisors) এক প্ৰতিবেদন অনুসৰি ভাৰতৰ ভিডিঅ' অ'টিটি বজাৰে (OTT market) ২০২১ চনত উন্নত নেটৱৰ্ক, ডিজিটেল সংযোগ আৰু স্মাৰ্টফোনৰ জৰিয়তে প্ৰায় ১.৫ বিলিয়ন আমেৰিকান ডলাৰৰ পৰা ২০৩০ চনৰ ভিতৰত ১২.৫ বিলিয়ন আমেৰিকান ডলাৰ স্পৰ্শ কৰিব বুলি আশা কৰা হৈছে ।

নেশ্যনেল ডেস্ক, ১৮ জুলাই: ভাৰতৰ ভিডিঅ' অ'টিটি বজাৰে (OTT market) ২০২১ চনত উন্নত নেটৱৰ্ক, ডিজিটেল সংযোগ আৰু স্মাৰ্টফোনৰ জৰিয়তে প্ৰায় ১.৫ বিলিয়ন আমেৰিকান ডলাৰৰ পৰা ২০৩০ চনৰ ভিতৰত ১২.৫ বিলিয়ন আমেৰিকান ডলাৰ স্পৰ্শ কৰিব বুলি আশা কৰা হৈছে । আৰবিএছএ এডভাইজাৰৰ (RBSA Advisors) এক প্ৰতিবেদন প্ৰকাশ পাইছে এই তথ্য । প্ৰতিবেদন অনুসৰি অ'টিটি লেণ্ডস্কেপত বিকাশৰ পৰৱৰ্তী এই ঢৌ আহিব দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চহৰ আৰু ভাৰতীয় বিভিন্ন ভাষা কোৱা লোকৰ পৰা ।

প্ৰতিবেদন অনুসৰি উন্নত নেটৱৰ্ক, ডিজিটেল সংযোগ আৰু স্মাৰ্টফোনৰ জৰিয়তে অ'টিটি উদ্যোগত উল্লেখযোগ্য বিকাশৰ সম্ভাৱনাৰ বাবে সাজু হৈছে ভাৰত । ভাৰতৰ অ'টিটি প্লেটফৰ্মে প্ৰতিদিনে গ্ৰাহকসকলক আকৰ্ষিত কৰি আহিছে । শীৰ্ষ প্লেটফৰ্মৰ ভিতৰত আছে ডিজনী+ হটষ্টাৰ(Disney+ Hotstar), আমাজন প্ৰাইম ভিডিঅ'(Amazon Prime Video) আৰু নেটফ্লিক্স(Netflix)।

লগতে স্থানীয় আৰু আঞ্চলিক অ'টিটি প্লেটফৰ্মেও আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে । ইয়াৰ ভিতৰত আছে চনিলিভ(SonyLIV), ভুট(Voot), জি৫(Zee5), ইৰোচনাও(ErosNow), এএলটিবালাজী(ALTBalaji), হোইচোই(Hoichoi) আৰু আড্ডা টাইমছৰ(Adda Times) দৰে প্লেটফৰ্ম ।

প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতত ভাৰতীয় ভিডিঅ' অ'টিটি বজাৰ ২০২১ চনত ১.৫ বিলিয়ন আমেৰিকান ডলাৰৰ পৰা ২০২৫ চনত ৪ বিলিয়ন আমেৰিকান ডলাৰলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু ২০৩০ চনৰ ভিতৰত ১২.৫ বিলিয়ন আমেৰিকান ডলাৰলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । আনহাতে গানা(Gaana), জিঅ' চাৱন(Jio Saavn), ৱিংক মিউজিক(Wynk Music), স্পটিফাই(Spotify) আৰু অন্যান্য প্লেটফৰ্ম থকা অডিঅ' অ'টিটি বজাৰ ২০২১ চনত ০.৬ বিলিয়ন আমেৰিকান ডলাৰৰ পৰা ২০২৫ চনত ১.১ বিলিয়ন আমেৰিকান ডলাৰলৈ বৃদ্ধি হ'ব আৰু ২০৩০ চনলৈ ২.৫ বিলিয়ন আমেৰিকান ডলাৰলৈ বৃদ্ধি হ'ব । ভাৰতৰ অ'টিটি বজাৰ অহা চাৰি বছৰত চিএজিআৰ(CAGR)ত ২৮.৬ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ।

আৰবিএছএ এডভাইজাৰৰ প্ৰতিবেদন মতে এই উদ্যোগ অহা ৯ ৰ পৰা ১০ বছৰত ১৫ বিলিয়ন আমেৰিকান ডলাৰ উদ্যোগ হোৱাৰ সম্ভাৱনা আছে । প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে যে ক'ভিড(Covid) মহামাৰীয়ে এই ক্ষেত্ৰত এক গেম-চেঞ্জাৰ হিচাপে কাম কৰিছে যাৰ বাবে নেটফ্লিক্স, আমাজন প্ৰাইম ভিডিঅ', ডিজনী+ হটষ্টাৰ, ভুট, চনিলিভ আৰু অন্যান্য অ'টিটি আৰু ভিডিঅ' ষ্ট্ৰীমিং প্লেটফৰ্মবোৰে ভাৰতত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে ।

লগতে পঢ়ক:গ্ৰাহকলৈ ডাটা ঋণৰ সুবিধা আগবঢ়াইছে জিঅ'(Jio)ই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.